ড্ৰাগছৰ বিৰুদ্ধে জিহাদ ঘোষণা এখন মুছলমান গাঁৱৰ

Story by  Ariful Islam | Posted by  Munni Begum • 4 Months ago
উদিয়ানা গাঁৱত অনুষ্ঠিত ড্ৰাগছবিৰোধী সজাগতা সভা
উদিয়ানা গাঁৱত অনুষ্ঠিত ড্ৰাগছবিৰোধী সজাগতা সভা
 
আৰিফুল ইছলাম / গুৱাহাটী
 
বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত যুৱ প্ৰজন্মক ধ্বংসৰ পথলৈ ঠেলি দিয়া প্ৰধান দ্ৰব্যবিধ হৈছে ড্ৰাগছ। একাংশ যুৱকৰ মাজত ড্ৰাগছৰ প্রতি আসক্তি আৰু ড্ৰাগছ সৰবৰাহ কাণ্ড বৃদ্ধিয়ে ৰঙিয়াৰ উদিয়ানা অঞ্চলৰ ৰাইজক উদ্বিগ্ন কৰি তোলাৰ সময়তে শেহতীয়াকৈ উদিয়ানা গাঁৱত অনুষ্ঠিত হয় ড্ৰাগছবিৰোধী এখন সজাগতা সভা। 
 
ড্রাগছৰ বিৰুদ্ধে বিগত এমাহ ধৰি এক নীৰৱে অভিযান আৰম্ভ কৰা কেইজনমান যুৱকে উদিয়ানা গাঁৱৰ ৰাজহুৱা সভাগৃহত আয়োজন কৰা এই সভাত সভাপতিত্ব কৰে অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক আশ্রাফুদ্দিন আহমেদে।
 
 
সভাত ভাষণ দি যুৱ সমাজকর্মী জেহিৰুল ইছলামে কয় যে যিখন উদিয়ানা গাঁৱত মুখ্য ন্যায়াধীশৰ জন্ম হৈছে, য'ত চিকিৎসক-অধিবক্তাৰ লগতে অনেক কৃতী ছাত্ৰৰ জন্ম হৈছে, যিখন গাঁৱৰ মেধাৱী যুৱকে আমেৰিকাৰ নাগৰিকত্ব গ্রহণ কৰিছে, সেইখন ঠাইত ড্রাগছৰ দৰে বৰবিহে স্থান পোৱাটো দুর্ভাগ্যজনক। আমি ইয়াক পুলিয়ে-পোখাই উঘালিব লাগিব। 
 
সভাত উদিয়ানা গাঁও পঞ্চায়তৰ সভাপতি ৰিজু আহমেদে কয় যে উদিয়ানা গাঁৱত গোপনে গঢ়ি উঠা ড্রাগছ সৰবৰাহ যিকোনো মূল্যৰ বিনিময়ত বন্ধ কৰিবলৈ ৰাইজ সংকল্পবদ্ধ হৈছে। গতিকে যিসকলে এতিয়াও এনে অসাধু ব্যৱসায়ত জড়িত হৈ আছে, তেওঁলোকক ৰাইজে ৰেহাই নিদিয়ে। 
 
উদিয়ানা গাঁৱত অনুষ্ঠিত ড্ৰাগছবিৰোধী সজাগতা সভাৰ এক দৃশ্য
 
মৌলানা আতফুৰ ৰহমানে সভাত কয় যে এনে সমাজবিৰোধী কার্যত জড়িতসকলক চিনাক্ত কৰি তেওঁলোকক সংশোধনৰ বাট দেখুওৱা উচিত। অন্যথা এই সমস্যাই আৰু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকা থাকে। সভাত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীয়ে এই ভয়াৱহ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজৰ মাজত সজাগতা আৰু সচেতনতা লাগিবই বুলি উল্লেখ কৰি কয় যে এইক্ষেত্ৰত উদিয়ানাৰ যুৱ সমাজে যি উদ্যোগ লৈছে, এয়া নিসন্দেহে প্রশংসনীয়। 
 
তেওঁ এই ক্ষেত্রত সর্বতোপ্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্রদান কৰে। আনহাতে আজিৰ ৰাজহুৱা সভাত ড্ৰাগছৰ প্ৰচলন বন্ধ আৰু সৰবৰাহ বন্ধ কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূর্ণ প্রস্তাৱ গ্ৰহণ কৰাৰ লগতে সকলোৱে ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ সিদ্ধান্ত গ্রহণ কৰে। 
 
ড্ৰাগছবিৰোধী সজাগতা সভাৰ এক দৃশ্য
 
বিশেষকৈ মূল উৎস বা ব্যৱসায়ীজনক দেখুৱাই কাকোৱেই ৰেহাই নিদিবলৈ সভাত সিদ্ধান্ত গ্রহণ কৰা হয়। সভাখনত ভুক্তভোগী বালাগাঁৱৰ ৰাইজে স্বতঃস্ফূর্তভাবে সভাত অংশগ্রহণ কৰে। আজি উদিয়ানা গাঁৱত আয়োজন কৰা ৰাজহুৱা সভাখনে আগত দিনত অঞ্চলটোত ড্রাগছৰ প্ৰচলন বন্ধ কৰাৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে।