বাজিতপুৰত সম্প্ৰীতিৰ অনন্য নিদৰ্শনঃ হিন্দু নাৰীৰ 'সৌভাগ্যৰ প্ৰতীক’ শংখৰ খাৰু প্ৰস্তুত কৰিছে মুছলমান শিল্পীয়ে

Story by  atv | Posted by  [email protected] • 9 h ago
হিন্দু নাৰীৰ 'সৌভাগ্যৰ প্ৰতীক’ শংখৰ খাৰু প্ৰস্তুত কৰিছে মুছলমান শিল্পীয়ে
হিন্দু নাৰীৰ 'সৌভাগ্যৰ প্ৰতীক’ শংখৰ খাৰু প্ৰস্তুত কৰিছে মুছলমান শিল্পীয়ে
 
শম্পি চক্ৰৱৰ্তী পুৰকায়স্থ
 
বাঙালী হিন্দু নাৰীৰ বিবাহিত জীৱনৰ এক অবিচ্ছেদ্য অংগ হ’ল শংখৰ খাৰু। শাস্ত্ৰ অনুসৰি, শংখৰ খাৰু অবিহনে বিয়া অসম্পূৰ্ণ; এনেধৰণৰ বিশ্বাস যুগ যুগ ধৰি চলি আহিছে। কিন্তু এই পৱিত্ৰ প্ৰতীকৰ আঁৰৰ শিল্পীসকলৰ অধিকাংশই মুছলমান সম্প্ৰদায়ৰ লোক, শিল্পীসকলৰ এই কাহিনীয়ে আজি মুৰ্শিদাবাদৰ ডোমকলৰ বাজিতপুৰ গাঁওখনক বিশেষ কৰি তুলিছে। একে সময়তে ই দাঙি ধৰিছে বংগৰ এক অদৃশ্য অথচ মৰ্মস্পৰ্শী সম্প্ৰীতিৰ নিদৰ্শন।
 
মুৰ্শিদাবাদৰ বাজিতপুৰ পৰ্যবেসিত হৈছে ৰাজ্যখনৰ শংখৰ খাৰু উদ্যোগ কেন্দ্ৰলৈ। পাঁচ হাজাৰ বছৰীয়া ইতিহাসৰ এই অলংকাৰ আজি দেশ-বিদেশত উপলব্ধ হৈছে। এই গাঁৱত থিয় দিলে আপোনাৰ অনুভৱ হ’ব যে, ধৰ্ম নহয়, শিল্পহে ইয়াৰ পৰিচয়ৰ প্ৰথম স্তৰ।
 
গাঁওখনৰ প্ৰায় ৯০ শতাংশ লোক শংখৰ খাৰু উদ্যোগৰ লগত জড়িত। এটা সময়ত এই শিল্পত হিন্দু পৰিয়াল জড়িত আছিল, কিন্তু এতিয়া মুছলমান যুৱক-যুৱতীসকলেও সমান দক্ষতাৰে কাম কৰি আছে। তেওঁলোকে দিনে-নিশাই কঠোৰ পৰিশ্ৰম কৰি শংখৰ খাৰু প্ৰস্তুত কৰে, যাক হাতত পৰিধান কৰিলে হিন্দু নাৰীৰ 'সৌভাগ্য’ৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

চেন্নাই আৰু শ্ৰীলংকাৰ পৰা আহে কেঁচা সামগ্ৰী। সেয়া বাজিপুৰ আহি পোৱাৰ পিছতে আৰম্ভ হয় দীৰ্ঘ প্ৰক্ৰিয়া। শিল্পী চৈয়দ ইছলাম বীবুৱে কয়, ''খাৰু প্ৰস্তুত কৰোঁতে কেইবাটাও পৰ্যায় পাৰ কৰিব লাগে। কটাৰ পৰা গ্ৰাইণ্ডিং, সকলো নিখুঁতভাৱে কৰিব লাগে। তাৰ পিছত আৰম্ভ হয় ডিজাইনৰ কাম। দৈনিক অনুশীলন কৰি মই শিকিছো।’’
 
এই গাঁৱৰ ৰিণ্টু সাহাই প্ৰতিদিনে ২০০-৩০০ খাৰু প্ৰস্তুত কৰে। আনহাতে, কাষত বহি মুছলমান যুৱক-যুৱতীসকলেও একেধৰণে কাম কৰে। এয়া ইয়াৰ নিত্য-নৈমিত্তিক দৃশ্য৷ ধৰ্ম বেলেগ হ’লেও শিল্পৰ প্ৰতি তেওঁলোকৰ নিষ্ঠা একেই।
 
খাৰু প্ৰস্তুত কৰাত ব্যস্ত শিল্পীসকল
 
বাজিতপুৰত ৫০ জনৰো বেছি ব্যৱসায়ী আছে। কলকাতাৰ পৰা দীঘা, মালদহা, উত্তৰবংগ, আনকি ত্ৰিপুৰা, অসম তথা বাংলাদেশলৈও ৰপ্তানি হয় ইয়াৰ খাৰু। বাকী সময়ৰ তুলনাত দুৰ্গা পূজাৰ বতৰত ইয়াৰ বিক্ৰী প্ৰায় ৩০ শতাংশ বৃদ্ধি পায় বুলি ব্যৱসায়ীসকলে জানিবলৈ দিছে।
 
ব্যৱসায়ী সুখেন পালে কয় যে আমি আমাৰ পিতৃ-ককাকৰ সময়ৰ পৰাই শংখৰ খাৰু বিক্ৰী কৰি আহিছো। ইয়াত বিভিন্ন ডিজাইনৰ বালা, মানতাশা, খাৰু, সকলো বনোৱা হয়। আজি আমাৰ সৈতে মুছলমান ভাইসকলেও এই শিল্পক ধৰি ৰাখিছে।
 
মুৰ্ছিদাবাদৰ বাজিতপুৰত শিল্পকৰ্ম
 
কিন্তু খাৰুশিল্পৰ প্ৰতি থকা এই গভীৰ ভালপোৱাৰ মাজতো আছে কিছু আক্ষেপ। একাংশ ব্যৱসায়ীয়ে কয়, ‘‘বাজিতপুৰ ৰাজ্যৰ নাম কৰা খাৰু উদ্যোগ কেন্দ্ৰ হ’লেও চৰকাৰী সাহায্য পোৱা নাই। ঋণ পোৱাও টান।’’
 
কিন্তু অভিযোগৰ মাজতো বাজিতপুৰ গাঁৱৰ প্ৰকৃত সৌন্দৰ্য আন ক’ৰবাত লুকাই আছে। ইয়াত হিন্দু-মুছলমান শিল্পীসকলে একেলগে বহি শংখৰ খাৰু প্ৰস্তুত কৰে, যি হিন্দু নাৰীৰ মংগল, দাম্পত্য আৰু পৱিত্ৰতাৰ প্ৰতীক। ধৰ্ম ভিন্ন, কিন্তু উদ্দেশ্য একেই- শুভ হওক, মংগল হওক।
 
বাজিতপুৰে যেন আমাক মনত পেলাই দিয়ে যে ধর্মৰ দেৱাল যিমানেই ওখ নহওক কিয়, বংগৰ মাটিত শিল্প-সংস্কৃতি তাতকৈও বহুত ডাঙৰ। আৰু শংখৰ খাৰুৰ বগা-ৰঙা চিনবোৰত লাগি আছে যেন দুয়োটা সম্প্ৰদায়ে মিলা-প্ৰীতিৰে বান্ধি ৰখা এক অটুট বান্ধোনৰ ৰং৷