ছানিয়া আঞ্জুম / বেংগালুৰু
বিভাজন জৰ্জৰ এখন বিশ্বত পৰিবৰ্তনকাৰীয়ে হৈছে আশা আৰু প্ৰেৰণা উৎস। যুৱ স্কাউট, সম্প্ৰদায়ৰ নেতা আৰু বিশ্ব সংস্থাসমূহে একেদৰেই এই দূৰদৰ্শী ব্যক্তিসকলৰ ওপৰতে লক্ষ্য নিৰ্ধাৰন কৰে, যিসকলে সংস্কৃতিক সংযোগ কৰে, যুৱক-যুৱতীসকলক শক্তিশালী কৰে আৰু প্ৰত্যাহ্বানসমূহক সুযোগলৈ ৰূপান্তৰিত কৰে। যিসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিস্বাৰ্থতাই সীমান্তৰ সিপাৰৰ মানুহকো প্ৰভাৱিত কৰে। তেনে এগৰাকী ব্যক্তি হৈছে ভাৰতৰ ব্ৰঞ্জ ৱল্ফ বঁটাৰ বিজয়ী মুহাম্মদ আলী খালিদ।
চল্লিশ বছৰৰো অধিক সময় ধৰি খালিদে স্কাউট আন্দোলন গঢ়ি তুলিছে। তেওঁ ভাৰত স্কাউট এণ্ড গাইড (বিএছজি)ৰ জৰিয়তে লাখ লাখ লোকক একত্ৰিত কৰিছে, বিশ্বব্যাপী অংশীদাৰিত্ব গঢ়ি তুলিছে আৰু ২৬,০০০ অংশগ্ৰহণকাৰীৰ সৈতে ২০১৭ চনৰ ৰাষ্ট্ৰীয় জাম্বোৰী আৰু ৬০,০০০ অংশগ্ৰহণকাৰীৰ সৈতে ২০২২ চনৰ আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক জাম্বোৰীৰ দৰে প্ৰধান অনুষ্ঠানসমূহৰ নেতৃত্ব প্ৰদান কৰিছে।
মহম্মদ আলী খালিদে বঁটা লাভ কৰাৰ এক মূহুৰ্ত
তেওঁ এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে ভিজন ২০১৩ ৰ কৌশলগত পৰিকল্পনা প্ৰস্তুত কৰাত সহায় কৰিছিল, ডব্লিউ অ'এছ এম (WOSM)ৰ বিশ্বব্যাপী মাচুল ব্যৱস্থাৰ চুক্তিৰ বিষয়ে আলোচনা কৰিছিল। তেওঁ প্ৰায়ে নিজৰ ভ্ৰমণৰ বাবে নিজেই ধন পৰিশোধ কৰিছিল আৰু যুৱ নেতাসকলক পৰামৰ্শ আগবঢ়াইছিল। তেওঁ সেইসকলৰ বাবে পথ প্ৰদৰ্শক হিচাপে থিয় দি আহিছে, যিসকলে বিশ্বাস কৰে যে, এজন ব্যক্তিৰ প্ৰচেষ্টাই প্ৰজন্মক অনুপ্ৰাণিত কৰিব পাৰে।
১৯৮০ৰ দশকৰ মাজভাগত অতি ব্যস্ত চহৰ বাংগালুৰুত যুৱ মহম্মদ আলী খালিদে স্কাউটিংৰ আৱিষ্কাৰ কৰিছিল। দশম ৰাষ্ট্ৰীয় জাম্বোৰীত স্বেচ্ছাসেৱক হিচাপে তেওঁ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা বিশাল অনুষ্ঠানটো পৰিচালনা কৰাত সহায় আগবঢ়াইছিল। তেওঁ যিটোক সাধাৰণ স্বেচ্ছাসেৱী বুলি ভাবিছিল সেয়া হৈ পৰিছিল তেওঁৰ জীৱনজোৰা আবেগ, যি চাৰি দশক ধৰি চলিছিল আৰু বিশ্বজুৰি লাখ লাখ লোকক স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল।
পৰম্পৰা আৰু আধুনিকতাৰ মাজত প্ৰায়ে সংঘৰ্ষ হোৱা সময়ত জন্মগ্ৰহণ কৰা খালিদে স্কাউটৰ প্ৰতিশ্ৰুতি অনুসৰি জীৱন যাপন কৰিছিল: নিজৰ সাধ্য অনুসৰি কাম কৰা, আনক সহায় কৰা আৰু ঈশ্বৰ আৰু দেশৰ হকে সেৱা আগবঢ়োৱা। নম্ৰভাৱে কাম আৰম্ভ কৰা খালিদে শীঘ্ৰে নেতৃত্বৰ ভূমিকা লাভ কৰিছিল। ১৯৯৯ চনৰ ভিতৰত তেওঁ ভাৰত স্কাউটছ এণ্ড গাইডছৰ কাৰ্যবাহী সমিতিত যোগদান কৰিছিল, যাৰ বৰ্তমান ৬৩ লাখৰো অধিক সদস্য আছে। যি ইণ্ডোনেছিয়াৰ পিছত বিশ্বৰ দ্বিতীয় বৃহত্তম হয়। তেওঁৰ উত্থান উচ্চাকাংক্ষাৰ দ্বাৰা নহয় বৰঞ্চ স্কাউটিঙৰ ওপৰত তেওঁৰ বিশ্বাসৰ দ্বাৰাহে পৰিচালিত হৈছিল। তেওঁ প্ৰায়ে কয়, “এবাৰ স্কাউট, সদায় স্কাউট,” যিটো মূলমন্ত্ৰই তেওঁক ২৪ বছৰীয়া ৰাষ্ট্ৰীয় সেৱাৰ সময়ছোৱাত নিজৰ ভ্ৰমণৰ খৰচ নিজে বহন কৰাৰ সময়তো তেওঁক পথ প্ৰদৰ্শন কৰি আহিছিল।
আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ সৈতে মহম্মদ আলী খালিদ
খালিদে ৰাষ্ট্ৰীয় পৰ্যায়ত এক শক্তিশালী প্ৰভাৱ পেলাইছিল। বিত্তীয় সম্পদ সমিতিৰ অধ্যক্ষ হিচাপে (২০০৩-২০০৯) তেওঁ বিএছজিৰ বিত্তীয় স্থিৰতা ৰক্ষা কৰিছিল। আন্তঃৰাষ্ট্ৰীয় স্কাউট আয়ুক্ত হিচাপে (২০১১–২০১৭) তেওঁ এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু ইয়াৰ বাহিৰেও ৰাষ্ট্ৰীয় স্কাউট সংস্থাসমূহৰ সৈতে শক্তিশালী অংশীদাৰিত্ব গঢ়ি তুলিছিল। এই সময়ছোৱা বিএছজিৰ ইতিহাসৰ সৰ্বোত্তম সংযুক্ত যুগ হিচাপে পৰিচিত হৈ পৰিছিল। তেওঁৰ কূটনীতিয়ে দেশসমূহক একত্ৰিত কৰাত সহায় কৰিছিল আৰু স্কাউটিংৰ প্ৰভাৱ বিস্তাৰ কৰিছিল।
২০১৭ চনত ১৭ সংখ্যক ৰাষ্ট্ৰীয় জাম্বোৰীৰ নেতৃত্ব দিয়াটো তেওঁৰ অন্যতম বৃহৎ সাফলতা আছিল। এই জাম্বোৰীত ২৬,০০০ ৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছিল। তেওঁ লোকনৃত্য আৰু যোগৰ দৰে ভাৰতীয় পৰম্পৰাক বিশ্বজনীন স্কাউট মূল্যবোধৰ সৈতে একত্ৰিত কৰি অংশগ্ৰহণকাৰীসকলক স্থায়ী বন্ধুত্ব গঢ়ি তুলিবলৈ সহায় কৰিছিল। তাতোকৈ আকৰ্ষণীয় আছিল ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভৰ সময়ত কৰ্ণাটকত অনুষ্ঠিত হোৱা ২০২২ চনৰ আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক জাম্বোৰী। য'ত ৬০ হাজাৰ যুৱক-যুৱতীয়ে স্কাউটিঙৰ শক্তি প্ৰদৰ্শন কৰিছিল। বিচ্ছিন্নতাত ভাঙি পৰা এখন পৃথিৱীত খালিদে কৈছিল যে, আমি শ্বেয়াৰ কৰা কাহিনী আৰু হাঁহিৰ জৰিয়তে সেতু নিৰ্মাণ কৰিছিলো।
খালিদৰ প্ৰভাৱ ভাৰতবৰ্ষৰ বাহিৰলৈও বিয়পি পৰিছিল। ১৯৯৫ চনত এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে আঞ্চলিক কৌশলগত পৰিকল্পনা টাস্ক ফৰ্চৰ উপ-সভাপতি আৰু পৰৱৰ্তী অধ্যক্ষ হিচাপে খালিদৰ কাম আৰম্ভ হৈছিল। তেওঁ ভিজন ২০১৩ পৰিকল্পনা সৃষ্টিৰ নেতৃত্ব প্ৰদান কৰিছিল। এই পৰিকল্পনাই যুৱ সৱলীকৰণ আৰু বহনক্ষম বিকাশৰ পথ প্ৰদৰ্শন কৰিছিল আৰু সম্পদহীন এনএছঅ'ক তেওঁলোকৰ কাৰ্যসূচী সম্প্ৰসাৰিত কৰাত সহায় কৰিছিল।
মহম্মদ আলী খালিদ তেওঁৰ সহকৰ্মীৰ সৈতে
২০০৫ চনত টিউনিছিয়াত অনুষ্ঠিত বিশ্ব স্কাউট সন্মিলনত সংকল্প সমিতিৰ অধ্যক্ষ হিচাপে তেওঁ জটিল আলোচনাসমূহ সুচাৰুৰূপে পৰিচালনা কৰিছিল। সেই বছৰতে তেওঁ বেংগালুৰুত অংশীদাৰিত্ব সম্পৰ্কীয় দ্বিতীয়খন বিশ্ব স্কাউট আলোচনা চক্ৰৰ কাৰ্যকৰী সমিতিৰ নেতৃত্ব প্ৰদান কৰিছিল। তেওঁ চৰকাৰী সমৰ্থন লাভ কৰিছিল আৰু ডব্লিউঅ'এছএম (WOSM)ৰ বিশ্বব্যাপী যোগাযোগ কৌশলৰ এক গুৰুত্বপূৰ্ণ নথি হিচাপে মাৰাকেচ চাৰ্টাৰ বাংগালুৰু সংস্কৰণ প্ৰস্তুত কৰাত সহায় কৰিছিল।
২০১৪ চনৰ পৰা ২০১৭ চনলৈকে তেওঁ ডব্লিউঅ'এছএম (WOSM)ৰ পঞ্জীয়ন মাচুল আৰু ভোটদান ব্যৱস্থাৰ টাস্ক ফৰ্চত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ নেতৃত্বই এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বিভিন্ন অৰ্থনৈতিক পটভূমিৰ এনএছঅ'সমূহৰ মাজত সহমত স্থাপন কৰাত সহায় কৰিছিল। যদিও পূৰ্বৰ প্ৰচেষ্টাবোৰ বিফল হৈছিল, খালিদৰ শ্ৰৱণ দক্ষতা আৰু নিৰপেক্ষ ভূমিকাই বিশ্বাস গঢ়ি তোলাত সহায় কৰিছিল। তেওঁ খচৰা প্ৰদৰ্শন আৰু উদ্বেগ সমাধানৰ বাবে নৰৱে আৰু মনিলালৈ গৈছিল।
আনকি ৭০ বছৰ বয়সতো খালিদে ২০২০ চনৰ পৰা অতিৰিক্ত মুখ্য ৰাষ্ট্ৰীয় আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ সমিতিসমূহক নিৰীক্ষণ কৰে, নেতাসকলক মনোনীত কৰে, বিএছজিৰ নিয়ম মানি চলাটো সুনিশ্চিত কৰে আৰু প্ৰধান বিত্ত আৰু সম্পত্তিৰ ব্যৱস্থাপনা কৰে। তেওঁ ২০২৪ চনৰ ভিতৰত ২০% সদস্যপদ বৃদ্ধিৰ লক্ষ্যক নেতৃত্ব দিছে আৰু যুৱক-যুৱতীসকলৰ অংশগ্ৰহণক প্ৰসাৰিত কৰিছে, সমিতিসমূহত এক তৃতীয়াংশ যুৱক-যুৱতীক আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত আধা সংখ্যক যুৱক-যুৱতীৰ বাবে লক্ষ্য নিৰ্ধাৰন কৰিছে। বিশ্বব্যাপী তেওঁ ২০২২ চনৰ পৰা ডব্লিউএছএম (WOSM)ৰ যুৱ অংশগ্ৰহণ টাস্ক ফৰ্চত সেৱা আগবঢ়াই আহিছে।
মহম্মদ আলী খালিদ তেওঁৰ সহকৰ্মীৰ সৈতে
খালিদে বহুতো বঁটা লাভ কৰিছে। যিবোৰ ক্ৰমে-- বিএছএ চিলভাৰ ৱৰ্ল্ড এৱাৰ্ড (২০১০), এপিআৰ চেয়াৰমেনৰ বঁটা (২০০১), এপিআৰ বিশিষ্ট সেৱা বঁটা (২০১২) আৰু ভাৰতৰ ৰূপালী হাতী (১৯৯৪)। তথাপিও তেওঁ বঁটাতকৈ বহু বেছি মূল্য দিয়ে তেওঁ সলনি কৰা জীৱনবোৰক। তেওঁ নিজৰ স্ব-পুঁজিৰে সেৱাৰ জৰিয়তে অগণন যুৱ নেতাক প্ৰশিক্ষণ দিছে আৰু স্বেচ্ছাসেৱকসকলক অনুপ্ৰাণিত কৰি আহিছে।
বিশ্ব পৰ্যায়ত খালিদ নিজৰ নেতৃত্ব, ত্যাগ আৰু নম্ৰতাৰ বাবে প্ৰসিদ্ধ। তেওঁ আঞ্চলিক আৰু বিশ্বজনীন কৌশলৰ সমন্বয় সাধন কৰিছিল, ১.৫ নিযুত মাৰ্কিন ডলাৰ মূল্যৰ চৰকাৰী অনুদান লাভ কৰিছিল আৰু অৰ্থনৈতিক জটিলতাৰ সময়ত এপিআৰ স্কাউট ফাউণ্ডেশ্যনক বিশ্ব স্কাউট ফাউণ্ডেশ্যনৰ সৈতে সংযুক্ত কৰি স্কাউটিং পুঁজি সুৰক্ষিত কৰিছিল।
বিএছজিৰ বিশাল সদস্যপদক পথ প্ৰদৰ্শন কৰি তেওঁ লাখ লাখ লোকৰ জীৱনক স্পৰ্শ কৰিছে আৰু বৈচিত্ৰতাৰ মাজত ঐক্যক প্ৰসাৰিত কৰিছে। এপিআৰ বঁটাসমূহত তেওঁৰ আপডেটসমূহ, মেৰিটৰিউজ কন্ট্ৰিবিউচন এৱাৰ্ডকে ধৰি, অপ্ৰকাশিত নায়কসকলক সন্মানিত কৰিছে আৰু আন বহুতোকে অনুপ্ৰাণিত কৰিছে। মহম্মদ আলী খালিদৰ এই যাত্ৰাই প্ৰমান কৰিছে যে, এজন নিষ্ঠাবান ব্যক্তিয়ে কিদৰে এক অৰ্থপূৰ্ণ পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে। বিভাজিত পৃথিৱীত তেওঁ প্ৰমাণ কৰিছে যে, স্কাউটিং কেৱল এক কাৰ্যকলাপেই নহয়, বৰং ই সহানুভূতিশীল নেতাও গঢ়ি তোলে।