মেদবহুল আৰু সুৰাসক্ত আৰক্ষীক সকীয়নি; ৩ মাহৰ ভিতৰত ফিট হওক অথবা স্বেচ্ছামূলক অৱসৰ লওক

Story by  atv | Posted by  [email protected] • 11 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
আৱাজ দ্য ভইচ / গুৱাহাটী

মেদবহুল আৰু সুৰাসক্ত আৰক্ষীক কঠোৰ সকীয়নি দিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। মঙলবাৰে এক টুইটত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াজনে কয় যে আমি আই পি এছ আৰু এ পি এছ বিষয়াকে ধৰি অসম আৰক্ষীৰ সকলো কৰ্মীক ১৫ আগষ্টলৈকে তিনিমাহৰ সময় দিম আৰু ইয়াৰ পৰৱৰ্তী ১৫ দিনত বি এম আই মূল্যায়ন আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছো।
 
মেদবহুল শ্ৰেণীত (বিএমআই ৩০+) থকা সকলোকে ওজন হ্ৰাস কৰিবলৈ আৰু তিনিমাহৰ সময় দিয়া হ’ব আৰু তাৰ পিছতো তেওঁলোকৰ স্বাস্থ্যৰ কোনো উন্নতি নহ'লে স্বেচ্ছামূলক অৱসৰ দিয়া হ’ব। যিসকলৰ হাইপ’থাইৰয়ডিজমৰ দৰে ৰোগ আছে, তেওঁলোকক ইয়াৰ পৰা ৰেহাই দিয়া হ’ব বুলি উল্লেখ কৰি জি পি সিঙে কয় যে তেওঁ নিজে অহা ১৬ আগষ্টত BMI পৰীক্ষাত অৱতীৰ্ণ হৈ উদাহৰণ দাঙি ধৰিব।
 
উল্লেখ্য যে, অসমৰ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে যোৱা সপ্তাহত কৈছিল যে তেওঁলোকে ৬৫০ জনৰো অধিক মেদবহুল আৰু সুৰাসক্ত আৰক্ষী জোৱান আৰু বিষয়াৰ তালিকা প্ৰস্তুত কৰিছে। এইসকলৰ ভিতৰত একাংশ চাকৰিৰ বাবে অযোগ্য বুলি ধৰা পৰিছে আৰু তেওঁলোকক পুংখানুপুংখ পৰ্যালোচনাৰ অন্তত স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ দিয়া হ’ব।
"আমাৰ হাতত ইতিমধ্যে প্ৰায় ৬৮০ জন আৰক্ষীৰ তালিকা আছে। অৱশ্যে যুক্তিসংগত ভিত্তি অবিহনে যাতে কাৰো নাম সংযোজিত নহয়, তাৰ বাবে আমি বেটেলিয়ন আৰু জিলা পৰ্যায়ত কমিটি গঠন কৰিছো, যাৰ নেতৃত্বত থাকিব এজন ডেপুটি কমাণ্ডেণ্ট বা এজন অতিৰিক্ত এছ পি ৰেংক বিষয়া।" ৮ মে’ত জি পি সিঙে এইদৰে কৈছিল।
 
শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ শীৰ্ষ মহলৰ সৈতে হোৱা ভাৰ্চুৱেল বৈঠকত আৰক্ষী বাহিনীৰ পৰা সুৰাসক্ত, অত্যন্ত মেদবহুল আৰু দুৰ্নীতিৰ অভিযোগ থকা লোকক চাকৰিৰ পৰা অব্যাহতি দিয়া উচিত বুলি পৰামৰ্শ দিছিল। 
 
গৃহ মন্ত্ৰীৰ দায়িত্বতো থকা মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল, "চৰকাৰে তেওঁলোকক ভি আৰ এছ দিব পাৰে। নিয়ম অনুসৰি, তেনে ব্যৱস্থা আছে। ই এটা পুৰণি নিয়ম কিন্তু আমি ইয়াক পূৰ্বে কাৰ্যকৰী কৰা নাছিলো। এইবাৰ আমি ইয়াৰ ওপৰত কাম আৰম্ভ কৰিছো।" যিসকলক ভি আৰ এছৰ প্ৰস্তাৱ দিয়া হ’ব তেওঁলোকে সম্পূৰ্ণ দৰমহা লাভ কৰি থাকিব আৰু খালী পদ পূৰণৰ বাবে নতুন নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ কৈছিল।
 
অসম আৰক্ষীৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
উল্লেখ্য যে, অসম আৰক্ষীক অধিক কাৰ্যদক্ষ আৰু সক্ৰিয় কৰিবলৈ চৰকাৰে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰৰ এই যুগান্তকাৰী সিদ্ধান্তক আদৰণি জনাইছে অসম আৰক্ষীৰ প্ৰাক্তন বিশেষ সঞ্চালক প্ৰধান পল্লব ভট্টাচাৰ্য্যই। এই পদক্ষেপে অসম আৰক্ষীত ব্যাপক সংস্কাৰ সাধন কৰিব বুলি উল্লেখ কৰি ভট্টাচাৰ্য্যই কয়, "আৰক্ষীৰ কাম-কাজত সাধাৰণতে শৰীৰ আৰু মন সম্পূৰ্ণৰূপে সক্ৰিয় হৈ থাকিব লাগে। শৰীৰ সক্ৰিয় হৈ নাথাকিলে, মনত ইয়াৰ প্ৰভাৱ পৰে। সেয়ে, আৰক্ষীৰ লোকসকল সদায় শাৰিৰীকভাৱে সুস্থ-সৱল আৰু ফিট হ'ব লাগে, যাতে তেওঁলোকে যিকোনো সময়ত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰে। পেটুৱা হ'লে তেওঁলোকৰ সোনকালে ভাগৰ লাগিব, টোপনি ধৰিব।"
 
অসম আৰক্ষীয়ে তেওঁলোকৰ Annual Confidential Reportত স্বাস্থ্যৰ বিষয়টোক পাৰদৰ্শিতা মূল্যায়নৰ অন্যতম গুৰুত্বপূৰ্ণ সূচাংক হিচাপে গণ্য কৰা উচিত বুলিও প্ৰাক্তন বিশেষ সঞ্চালক প্ৰধান পল্লব ভট্টাচাৰ্য্যই মতপোষণ কৰে।