১০০ জনসংখ্যাৰ এখন গাঁওৰ শিক্ষা-স্বাস্থ্য আৰু উন্নয়নৰ দায়িত্ব গ্ৰহণ কৰিলে মানৱদৰদী চিকিৎসক ডাঃ ৰাজন দেশপাণ্ডেই

Story by  atv | Posted by  [email protected] • 5 h ago
গাওঁবাসীৰ সৈতে মানৱদৰদী চিকিৎসক ডাঃ ৰাজন দেশপাণ্ডে (একেবাৰে বাঁওফালে)
গাওঁবাসীৰ সৈতে মানৱদৰদী চিকিৎসক ডাঃ ৰাজন দেশপাণ্ডে (একেবাৰে বাঁওফালে)
 
আৱাজ দ্য ভইচ/বেংগালুৰু

ধৰৱাড় জিলাৰ অতি পিছপৰা আৰু দৰিদ্ৰ গাঁও মদৈকোপ্পা এতিয়া উন্নয়নৰ নতুন পথত আগবাঢ়িছে। জ্যেষ্ঠ শিশু চিকিৎসক তথা বিট্টাল বাল স্বাস্থ্য সংস্থাৰ প্ৰতিষ্ঠাপক ডাঃ ৰাজন দেশপাণ্ডেয়ে তেওঁৰ সংগঠনৰ ৰূপালী জয়ন্তী উপলক্ষে এই গাঁওখন গ্ৰহণ কৰিছে। মাত্ৰ ১৪-১৫টা ঘৰ আৰু প্ৰায় ১০০ জনসংখ্যাৰে এই গাঁওখন জিলা সদৰৰ পৰা ৩৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত।
 
ইয়াৰ বাসিন্দাসকলৰ প্ৰধান বৃত্তি হৈছে দুগ্ধ পালন, আৰু সেইবাবেই গাঁওখনত গৰু-ম’হৰ সংখ্যা মানুহতকৈ বেছি। ২০১০ চনত ডাঃ দেশপাণ্ডেই এক পদক্ষেপ আৰম্ভ কৰিছিল। তেওঁ গাঁওখনত এক স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছিল। একে সময়তে তেওঁ লক্ষ্য কৰিছিল যে গাঁওখনত মৌলিক সা-সুবিধাৰ অভাৱ—যোগাযোগ ব্যৱস্থা উন্নত নহয়, শিক্ষা আৰু স্বাস্থ্যৰ অৱস্থা অতি দুৰ্বল, আৰু মানুহে চৰম দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছে।
 
এই সকলোবোৰ দেখাৰ পাছত তেওঁ সিদ্ধান্ত ল’লে যে সুযোগ পালে নিশ্চয় এই গাঁওখনৰ বাবে কিবা এটা কৰিব। এতিয়া বিট্টাল বাল স্বাস্থ্য সংস্থাই ২৫ বছৰীয়া জয়ন্তী উদযাপন কৰাৰ লগে লগে তেওঁলোকে ‘ছানশ্বাইন’ প্ৰকল্পৰ অধীনত মদৈকোপ্পাক গ্ৰহণ কৰি ইয়াৰ সামগ্ৰিক বিকাশৰ দিশত এখোজ আগুৱাই লৈ গৈছে।
 
গাঁওৰ দুগৰাকী বৃদ্ধ মহিলাৰ সৈতে ডাঃ দেশপাণ্ডে
 
ছানশ্বাইন প্ৰকল্পৰ লক্ষ্য কেৱল মৌলিক সুবিধা প্ৰদান কৰাই নহয়, গাঁওখনক প্ৰতিটো দিশতে স্বাৱলম্বী আৰু সবল কৰি তোলা। ইয়াৰ অধীনত শিক্ষা, স্বাস্থ্য, অৰ্থনৈতিক সৱলীকৰণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, পৰিৱেশ সুৰক্ষা, সামাজিক পৰিৱৰ্তন আদি ক্ষেত্ৰত কাম কৰা হৈছে।
 
প্ৰথমে তেওঁলোকে স্বাস্থ্যসেৱাৰ পৰা আৰম্ভ কৰিছিল, বিশেষকৈ মহিলা আৰু শিশুৰ চিকিৎসাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। এতিয়া পৰৱৰ্তী পৰ্যায়ত গাঁৱৰ প্ৰতিটো ঘৰক উন্নত বাসগৃহ আৰু শৌচাগাৰৰ দৰে অত্যাৱশ্যকীয় সা-সুবিধাৰে সংযোগ কৰা হ'ব। এই প্ৰকল্পৰ অধীনত বহুতো উদ্ভাৱনো চলি আছে।
 
প্ৰতিটো ঘৰৰ বাহিৰত শৌচাগাৰ আৰু বাথৰুম নিৰ্মাণ কৰা হৈছে, অনাময় ব্যৱস্থাৰ বাবে পানীৰ টেংকি স্থাপন কৰা হৈছে, ধোঁৱাবিহীন বাৰ্নাৰ বিতৰণ কৰা হৈছে, প্ৰতিটো ঘৰতে চাৰিৰ পৰা পাঁচটা সৌৰশক্তিৰ বাল্বৰ ব্যৱস্থা কৰা হৈছে, য’ত এটা মোবাইল চাৰ্জিং ইউনিটো আছে। কেৱল এয়াই নহয়, স্থানীয় শিল্পীসকলে গাঁৱৰ পৰম্পৰাগত জুপুৰিবোৰ সুন্দৰ শিল্পকৰ্মৰে সজাই তুলিব যাতে গাঁওখনৰ সাংস্কৃতিক সৌন্দৰ্য্যও অটুট থাকে।
 
ইয়াৰ সমান্তৰালকৈ এটা খাৱৈৰ মাজেৰে পাহাৰৰ পৰা ছিটিকি অহা পানী সংগ্ৰহ কৰি পানী সংৰক্ষণৰ দিশতো প্ৰচেষ্টা চলোৱা হৈছে। এই পৰিৱৰ্তন দেখি গাঁওখনৰ বাসিন্দাসকল অতিশয় আনন্দিত হৈ পৰিছে। ৰাজু ঝোৰ নামৰ এজন গাঁৱৰ মানুহে কয় যে তেওঁলোকৰ সমস্যা শুনিবলৈ কোনোবা আহিব বুলি তেওঁ কেতিয়াও ভবা নাছিল, কিন্তু এতিয়া ডাঃ দেশপাণ্ডে তেওঁলোকৰ মাজত আছে আৰু তেওঁলোকৰ জীৱনটো ভাল কৰি তুলিছে।
 
যদিও গাঁৱত স্কুল এখন আছে তথাপিও ই কেৱল নামতহে। এতিয়া গাঁওবাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে প্ৰতিষ্ঠানটোৱে প্ৰদান কৰি থকা সা-সুবিধাবোৰৰ বাবে। ডাঃ দেশপাণ্ডেৰ এই পদক্ষেপ কেৱল মদৈকোপ্পাৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবেও যে কেনেকৈ সঠিক উদ্দেশ্য, সংবেদনশীলতা আৰু অবিৰত প্ৰচেষ্টাৰে এখন সৰু গাঁওকো পৰিৱৰ্তনৰ পথত আনিব পৰা যায় তাৰ নিদৰ্শন। দেশৰ গ্ৰামাঞ্চলত পৰিৱৰ্তন আনিব বিচৰা সেই সকলো লোক আৰু সংগঠনৰ বাবে এই পদক্ষেপ এক প্ৰেৰণাস্বৰূপ হৈ পৰিছে।