আৰম্ভ হ'ল পবিত্ৰ ৰমজান মাহ; এমাহ কঠোৰ উপবাসৰ বাবে সাজু ইছলাম ধৰ্মাৱলম্বী

Story by  Ariful Islam | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
আৰিফুল ইছলাম / গুৱাহাটী

বহু অপেক্ষাৰ অন্তত অৱশেষত আৰম্ভ হ'ল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ। এমাহ কঠোৰ উপবাসেৰে ৰমজান মাহ পালন কৰিবলৈ সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মী লোকসকল সাজু হৈছে। অসমতো পূৰ্বৰ দৰে উলহ-মালহেৰে ৰমজান মাহ পালনৰ প্ৰস্তুতি চলিছে। ব্যতিক্ৰম নহয় গুৱাহাটীৰ ঐতিহাসিক বুঢ়া জামে মছজিদো। ৰোজাদাৰক চেহেৰী আৰু ইফটাৰ যোগান ধৰাৰ বাবে সাজু হৈছে বুঢ়া জামে মছজিদ কমিটি।

আৱাজ দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ঐতিহাসিক বুঢ়া জামে মছজিদ কমিটিৰ সাধাৰণ সম্পাদক নিজামুল হকে কয়; "বিগত বছৰসমূহৰ দৰে এইবাৰো আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। কালিৰ পৰা তাৰাবীহ নামাজ আৰম্ভ হৈছে। গুৱাহাটীৰ বিভিন্ন ঠাইৰ পৰা তাৰাবীহ নামাজ পঢ়িবৰ বাবে ইয়াত উপস্থিত হয়। বুঢ়া মছজিদত প্ৰায় ৮০০ ৰো অধিক লোকে তাৰাবীহৰ নামাজত অংশগ্ৰহণ কৰে। ৰমজানৰ ইফটাৰৰ বাবে বিভিন্ন গুৱাহাটীৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় ৫০০ ৰো অধিক লোক সমবেত হয়। চেহেৰীৰ সময়ত ওচৰ-চুবুৰীৰ প্ৰায় ২০০ ৰো অধিক লোকে আহাৰ গ্ৰহণ কৰে। গতিকে এইবাৰো আমি সুন্দৰ ভাবে সকলো প্ৰস্তুতি আৰম্ভ কৰিছো। আজি প্ৰথমটো ইফটাৰৰ বাবে আমাৰ কমিটিৰ সদস্যসকলে আগভাগ লৈ আছে।"

 
উল্লেখযোগ্য যে, বুঢ়া জামে মছজিদ কমিটিয়ে এই পবিত্ৰ ৰমজান মাহতেই সমাজৰ হৈ নিস্বাৰ্থ ভাবে কাম কৰি থকা বিভিন্ন বিভাগৰ ১০ জন লোকক শান্তিৰ বঁটা প্ৰদান কৰে। এইবাৰো বুঢ়া জামে মছজিদ শান্তি বঁটা প্ৰদান কৰা হ'ব বুলি সাধাৰণ সম্পাদক নিজামুল হকে জানিবলৈ দিয়ে।

"প্ৰত্যেক বছৰে আমাৰ ইয়াতে ইফটাৰ কৰা ৰোজাদাৰৰ সংখ্যা বৃদ্ধি পাই। এইবাৰো আমি অনুমান কৰিছোঁ যে প্ৰায় ৬০০ মানুহ সমাবেত হ'ব। যিমান মানুহে নহওক আমি সম্পূৰ্ণৰূপে সাজু আছোঁ। এইবছৰ আমি সকলোবোৰ বস্তু নতুনকৈ কিনিছোঁ। আমাৰ কমিটিৰ সদস্যসকলে নিজাকৈ টকা সংগ্ৰহ কৰি সকলোবোৰ বস্তু কিনিছে। তাৰাবীহৰ নামাজৰ বাবে আমি দুগৰাকী হাফিজ নিযুক্তি দিছোঁ। গুৱাহাটীবাসীক মই অনুৰোধ জনাইছোঁ যাতে সকলোৱে ৰমজানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে", নিজামুল হকে কয়।

বুঢ়া জামে মছজিদ কমিটিয়ে পৰিচালনা কৰা ছাত্ৰাবাসৰ ছাত্ৰসকলেও ৰজমানৰ চেহেৰী আৰু ইফটাৰত অংশগ্ৰহণ কৰে। বৰ্তমান এই ছাত্ৰাবাসত প্ৰায় ৬০ গৰাকী ছাত্ৰ আছে। বুঢ়া জামে মছজিদৰ ইমাম মৌলানা হাফিজ আনোৱাৰ হুছেইনে কয়; "প্ৰথমতে সকলোকে পবিত্ৰ ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি নথৈ আনন্দিত যে, যোৱাবছৰৰ দৰেই এইবছৰো পবিত্ৰ ৰমজান মাহ পাইছোঁ। বুঢ়া জামে মছজিদত ৰমজানৰ এমাহজোৰা প্ৰস্তুতি ইতিমধ্যেই আৰম্ভ হৈ গৈছে। কোৰান শ্বৰীফত মহান আল্লাহে কৈছে যে হে বান্দাসকল তোমালোকৰ ওপৰত ৰমজানৰ ৰোজা ফৰজ (বাধ্যতামূলক) কৰা হৈছে। ৰমজানৰ ৰোজা ৰাখিলে আল্লাহে নিজেই ইয়াৰ পুৰস্কাৰ দিব বুলি কোৱা হৈছে। ৰোজাৰ মাহটো ধৈৰ্যৰ মাহ, গৰিব-দুখীয়াক সহায় কৰাৰ মাহ, দান কৰাৰ মাহ। ৰোজাৰ অসংখ্যা ফল আছে। বিজ্ঞানৰ মতে, ৰোজা ৰাখিলে বিভিন্ন বেমাৰৰ পৰা ৰক্ষা পাব পাৰি।"
 

ৰমজান হৈছে এক আধ্যাত্মিক প্ৰতিফলন। আত্মা-উন্নতি, ভক্তি আৰু উপাসনাৰ সময় হৈছে ৰমজান। মুছলমান সকলৰ ৫ টা ফৰজ (বাধ্যতামূলক) উপাসনাৰ ভিতৰত ৰমজান মাহৰ ৰোজা অন্যতম। ৰোজা ৰাতিপুৱা সূৰ্যোদয়ৰ আগত আৰম্ভ হয় আৰু সূৰ্যাস্তৰ শেষত শেষ হয়। এই সময়ছোৱাত মুছলমান লোকসকলে খোৱা-বোৱাৰ পৰা বিৰত থকাৰ উপৰিও যৌন সম্ভোগ আৰু কু-কৰ্ম তথা অসৎ আচৰণৰ পৰা নিজকে আঁতৰাই ৰাখে। উপবাসে হৃদয়ক সাংসাৰিক কাৰ্যকলাপৰ পৰা আঁতৰাই নিব বুলি কোৱা হয়। যাৰ উদ্দেশ্য হৈছে আত্মাক ক্ষতিকাৰক অশুদ্ধতাৰ পৰা মুক্ত কৰি শুদ্ধ আৰু পবিত্ৰ কৰা।

মুছলমানসকলে বিশ্বাস কৰে যে ৰমজানে তেওঁলোকক দুৰ্ভগীয়াসকলৰ বাবে আত্ম-অনুশাসন, আত্ম-নিয়ন্ত্ৰণ, ত্যাগ আৰু সহানুভূতি অনুশীলন কৰিবলৈ শিকায়। ৰমজান মাহত অন্য এক গুৰুত্বপূৰ্ণ বিষয় হৈছে ফিটৰা (দান)। ফিটৰা অবিহনে ৰোজা অসম্পূৰ্ণ বুলি কোৱা হয়।