ভাৰতীয় মুছলমানসকলে নিজকে সংখ্যালঘুতকৈ দ্বিতীয় বৃহত্তম সংখ্যাগৰিষ্ঠ বুলিহে পৰিচয় দিয়া উচিতঃ শ্বেহলা ৰছিদ

Story by  atv | Posted by  [email protected] • 16 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন নেত্ৰী তথা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ একালৰ চোকা সমালোচক শ্বেহলা ৰছিদে কয় যে ভাৰতীয় মুছলমানসকলে নিজকে সংখ্যালঘুতকৈ দ্বিতীয় বৃহত্তম সংখ্যাগৰিষ্ঠ হিচাপে পৰিচয় দিয়া উচিত। সমাজবিজ্ঞানী ড০ তনবীৰ ফৈছালৰ উদ্ধৃতি দি তেওঁ আঙুলিয়াই দিয়ে যে দিল্লীৰ মুছলমানসকলে সংখ্যালঘু শ্ৰেণীবিভাজন নাকচ কৰে আৰু নিজকে দ্বিতীয় বৃহত্তম সংখ্যাগৰিষ্ঠ বুলি দাবী কৰে।
 
দেশৰ সাম্প্ৰদায়িকতাৰ সন্দৰ্ভত শ্বেহলা ৰছিদে জোৰ দি কয় যে ইয়াৰ উৎপত্তি ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ পৰা হোৱা নাছিল যদিও ইয়াৰ ইতিহাস ৭০ বছৰ আগৰ। ধৰ্মীয় ৰেখাৰ ওপৰত ভিত্তি কৰি বিভাজনৰ পিছৰে পৰা সাম্প্ৰদায়িকতাৰ অস্তিত্ব স্বীকাৰ কৰি তেওঁ কয় যে সমালোচনাত্মক অভিমুখীতাই প্ৰায়ে ইতিবাচক দিশবোৰক অৱহেলা কৰি কেৱল নেতিবাচক দিশবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
 
শ্বেহলা ৰছিদে গণ প্ৰহাৰ আৰু মুছলমানৰ বিৰুদ্ধে দুৰ্ভাগ্যজনক বক্তব্যৰ ঘটনাৰ কথা স্বীকাৰ কৰি ইয়াৰ ফলত হোৱা যন্ত্ৰণাও স্বীকাৰ কৰে। কিন্তু তেওঁ কেৱল নেতিবাচক আখ্যানক প্ৰচাৰৰ বিৰুদ্ধে আহ্বান জনায় আৰু ইতিবাচক আখ্যানক প্ৰচাৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ভাৰতৰ বিশালতা আৰু বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে, প্ৰত্যাহ্বানসমূহ স্বীকাৰ কৰাৰ লগতে বহল দৃষ্টিভংগীক উৎসাহিত কৰে।
 
শ্বেহলা ৰছিদ
 
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰীনগৰ ভ্ৰমণৰ সময়ত দিয়া বক্তব্যৰ উদ্ধৃতি দি ভাৰতৰ মুছলমানসকলে দেশত থকাৰ বাবে নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰা উচিত বুলি মতামত প্ৰকাশ কৰে। তেওঁৰ মতে, ভাৰতে পাৰ হৈ যোৱা ঐতিহাসিক পৰ্যায়টো স্বীকাৰ কৰি মুছলমানসকলে নিজকে ভাগ্যৱান বুলি গণ্য কৰা উচিত যে তেওঁলোকে শান্তি, উন্নয়ন, আৰু অৰ্থনৈতিক প্ৰগতিৰ অভিজ্ঞতা লাভ কৰা দেশ এখনত আছে, যিয়ে বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হিচাপে ব্ৰিটেইনৰ দৰে দেশক অতিক্ৰম কৰিছে।
 
ইফালে, শ্বেহলা ৰছিদে এই কথাও কয় যে বাওঁ আৰু উদাৰপন্থী গোটসমূহে মাত্ৰ বিৰোধিতাৰ স্বাৰ্থতহে চৰকাৰৰ ক’ভিড-১৯ লকডাউনক সমালোচনা কৰিছিল। এএনআইৰ এক প’ডকাষ্টত স্মিতা প্ৰকাশৰ সন্মুখত শ্বেহলা ৰছিদে চৰকাৰৰ সমালোচকৰ পৰা প্ৰধানমন্ত্ৰী মোডীৰ সমৰ্থকলৈ ৰূপান্তৰিত হোৱাৰ কথা বৰ্ণনা কৰে। দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয় জে এ ইউ(JNU)ৰ প্ৰাক্তন নেত্ৰীগৰাকীয়ে কয় যে, ২০২০ চনত মহামাৰীৰ সময়ত চৰকাৰে লকডাউন আৰোপ কৰাৰ সিদ্ধান্তক তেওঁ সমৰ্থন কৰিছিল। কিন্তু তেওঁৰ বৃত্তৰ ভিতৰত থকা মানুহখিনিয়ে (যাক তেওঁ "ইকো চেম্বাৰ" বুলি কয়)  তেওঁক ইয়াৰ বাবে প্ৰশ্ন কৰিছিল।
 
শ্বেহলা ৰছিদে আলোকপাত কৰে যে, ২০২০ চনত প্ৰথমবাৰৰ বাবে তেওঁ উপলব্ধি কৰিছিল যে চৰকাৰৰ ওপৰত কৰা সমালোচনাৰ বহুখিনি কেৱল বিৰোধীতাৰ স্বাৰ্থতহে কৰা হৈছিল, ইয়াৰ কোনো উচিত যুক্তি নাছিল। তেওঁ মেৰুকৰণৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে কেৱল প্ৰধানমন্ত্ৰী মোদীয়ে কৰি থকাৰ বাবেই যিকোনো কথাৰ বিৰোধিতা কৰা আৰু চৰকাৰক সমালোচনা কৰাটো বাওঁপন্থী চিন্তাধাৰাৰ লোকসকলৰ মাজত এক সাধাৰণ ধাৰা হৈ পৰিছে।
 
লকডাউনৰ সময়ত দিল্লীৰ ইণ্ডিয়া গেটৰ সন্মুখত নিমাওমাও পৰিৱেশ
 
তেওঁ স্বীকাৰ কৰে যে ইকো চেম্বাৰৰ অংশ হোৱাৰ পিছতো তেওঁ ছুইডেনৰ দৰে আন দেশসমূহ পৰ্যবেক্ষণ কৰিছিল য’ত নাগৰিকে অধিকাৰ আৰু গণতন্ত্ৰৰ উদ্ধৃতি দি লকডাউনৰ প্ৰতিবাদ কৰিছিল। আমেৰিকাত এনে কিছুমান দৃষ্টান্তও লক্ষ্য কৰে য’ত শিক্ষকসকলে নিজৰ সুৰক্ষাৰ আশংকাত লকডাউনৰ অভাৱৰ বিৰোধিতা কৰিছিল। শ্বেহলা ৰছিদে প্ৰকাশ কৰে যে ২০২০ চনত ভাৰত চৰকাৰৰ হাতত হয়তো লকডাউন কাৰ্যকৰী কৰাৰ বাহিৰে আন কোনো বিশেষ উপায় নাছিল।
 
উল্লেখ্য যে, সামাজিক কামত সক্ৰিয়তা আৰু শৈক্ষিক কামৰ বাবে বিশেষভাৱে পৰিচিত শ্বেহলা ৰছিদে ২০১৬ চনত জে এন ইউৰ ছাত্ৰ সন্থাৰ সভাপতি কানহাইয়া কুমাৰৰ মুক্তিৰ পোষকতা কৰা আন্দোলনৰ সময়ত চৰ্চা লাভ কৰিছিল। শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পৰিস্থিতিৰ উন্নতিৰ বাবে কেন্দ্ৰীয় চৰকাৰক প্ৰশংসা কৰি তেওঁৰ স্থিতিৰ পৰিৱৰ্তনৰ বাবে শ্বেহলা ৰছিদে পুনৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে।