ভাৰত-পাকিস্তান যুদ্ধৰ বীৰ যোদ্ধা জলিল আহমেদ আৰু নাই

Story by  atv | Posted by  [email protected] • 2 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
গুৱাহাটী

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ বীৰ যোদ্ধা জলিল মিলিটাৰী ওৰফে জলিল আহমেদ আৰু নাই। গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত বহতী অঞ্চলৰ এইগৰাকী বীৰ সেনা জোৱানৰ অলপতে ৭৫ বছৰ বয়সত মৃত্যু হয়। তেওঁ দীৰ্ঘদিন ধৰি মধুমেহ আৰু উচ্চ ৰক্তচাপ ৰোগত ভুগি আছিল।
 
তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাত জিলাখনৰ বহতী, মাটিয়া, সিৰাবাৰী, দলগোমা, গোৱালপাৰা চহৰ, মৰনৈ, মাটিয়া আদি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনাবলৈ তেওঁৰ বহুতীস্থিত বাসগৃহৰ কালিৰে পৰা অসংখ্য গুণমুগ্ধৰ সোঁত বোৱা দেখা গৈছে। মৃত্যুৰ পূৰ্বে তেওঁ দুবাৰকৈ পবিত্র মক্কালৈ গৈ হজো সম্পন্ন কৰিছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু পাঁচগৰাকী কন্যা সন্তানক ইহসংসাৰত এৰি থৈ গৈছে। উল্লেখ্য যে জলিল মিলিটাৰী নামেৰে মাটিয়া অঞ্চলত বিশেষভাবে জনাজাত জলিল আহমেদে ১৯৬৬ চনৰ ১৫ ছেপ্টেম্বৰত ভাৰতীয় সেনাবাহিনীত যোগদানৰ সুযোগ পাইছিল। 
 
ভাৰত-পাকিস্তান যুদ্ধৰ বীৰ যোদ্ধা জলিল আহমেদ
 
১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুদ্ধত তেওঁ দেশৰ বাবে জঁপিয়াই পৰিছিল। তেওঁৰ ভাতৃ প্রয়াত জবেদ আলীয়েও ১৯৫৩ চনত সেনাবাহিনীত যোগ দি দেশৰ হৈ তিনিখনকৈ যুদ্ধত অংশ লৈছিল। ১৯৭১ৰ যুদ্ধত জলিল আহমেদ সেনাৰ নায়ক আছিল। সেই যুদ্ধত দেখুওৱা বীৰত্বৰ বাবে তেওঁ ৫ টাকৈ সাহসিকতাৰ মেডেল লাভ কৰিছিল। সেয়ে অৱসৰৰ পিচতো ভাৰতীয় সেনাই খবৰ ৰাখিছিল জলিল আহমেদৰ। অৱসৰৰ পিচত তেওঁ ব্ৰতী হৈছিল সমাজ সেৱাত। তেওঁৰ মৃত্যুত গোৱালপাৰাৰ লগতে সেনাবাহিনীতো শোকৰ ছাঁ পৰাৰ বাতৰি পোৱা গৈছে।
 
উল্লেখ্য যে, নিজৰ ১৯৫১ চনৰ লিগেচী ব্যৱহাৰ কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে তেওঁ আবেদন কৰিছিল যদিও এন আৰ চিত তেওঁৰ নাম অহা নাছিল। অথচ একেই লিগেচী ব্যৱহাৰ কৰি আবেদন কৰা তেওঁৰ পৰিয়ালৰ আন সদস্যৰ নাম এন আৰ চিত অন্তর্ভুক্ত হৈছিল। পিচত অৱশ্যে সংবাদ মাধ্যমত বিষয়টো চৰ্চা হোৱাত সেনাবাহিনীৰ প্ৰচেষ্টাত তেওঁৰ নাম এন আৰ চিত অন্তর্ভুক্ত হয়।