লক্ষ্ণৌ
লক্ষ্ণৌৰ এখন ইছলামিক চেমিনাৰীয়ে গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ কৰাৰ পদক্ষেপৰ অংশ হিচাপে গছ কটাত আৰু নৰা জ্বলোৱাত বাধা দি ফতোৱা (ইছলামিক আইনৰ এটা কথাৰ ওপৰত স্বীকৃতিপ্ৰাপ্ত ধৰ্মীয় কৰ্তৃপক্ষৰ আদেশ) জাৰি কৰা হৈছে। উষ্ণতা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত মহম্মদ তাৰিকে খানে বিচৰা স্পষ্টীকৰণ সন্দৰ্ভত ভাৰতীয় ইছলামিক চেণ্টাৰ অৱ ইণ্ডিয়াই এই 'পৰামৰ্শৱালী' জাৰি কৰিছে। যি পৰামৰ্শৱালীয়ে পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট তাৎপৰ্য বহন কৰিছে।
খানৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই আইচিআইৰ অধ্যক্ষ মৌলানা খালিদ ৰছিদ ফৰংগী মাহালীয়ে কয়, "কোৰাণৰ মতে, সেউজীয়াকৰণ কৰা, পানী অপচয় নকৰাটো মুছলমানসকলৰ ধৰ্মীয় কৰ্তব্য। প্ৰতিজন মুছলমানে কোনো সেউজীয়া গছ আৰু নৰাত জুই নজ্বলাবলৈ নিজেই নিশ্চিত কৰিব লাগিব।"
গোলকীয় উষ্ণতাৰ বাবে সংঘটিত হোৱা বন জুই
এক ভিডিঅ' বাৰ্তাযোগে মৌলানা খালিদ ৰছিদে জনসাধাৰনক অধিক গছপুলি ৰোপণ কৰাৰ লগতে গছ কটাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। মৌলানা খালিদ ৰছিদ ফৰংগী মহালী এগৰাকী প্ৰভাৱশালী মুছলমান নেতা আৰু লগতে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব'ৰ্ড (AIMPLB) সদস্য।
তেওঁ কয়, "সৰ্বশক্তিমানৰ মতে পুৰস্কাৰ সেইসকল লোকৰ বাবে, যিসকলে মানুহ আৰু জীৱ-জন্তুকে ধৰি সকলোৰে উপকাৰ সাধন কৰাৰ বাবে গছপুলি ৰোপণ কৰি আহিছে। পুখুৰী, খাল, নদী আৰু সাগৰ প্ৰদূষিত কৰাৰ পৰা বাচিবলৈ আন্তৰিক প্ৰচেষ্টা গ্ৰহন কৰিব লাগিব। ইছলামত গছ আৰু শস্য জ্বলোৱাটো নিষিদ্ধ কৰা হৈছে। কিয়নো ই এক বৃহৎ পাপ। যুদ্ধৰ সময়তো গছ-গছনি, হাবি বননি, পথাৰ জ্বলাই বা ক্ষতিগ্ৰস্ত কৰিব নালাগে।"
এক সংবাদ সংস্থাৰ সৈতে হোৱা এক সুকীয়া কথোপকথনত মৌলানা খালিদ ৰছিদ ফৰংগী মহালীয়ে কয় যে, "সমগ্ৰ দেশখনে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ সন্মুখীন হৈছে। যাৰ ফলত বহু সংখ্যক লোকে প্ৰাণ হেৰুৱাব লগীয়াও হৈছে আৰু বহু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে।"
খেতিপথাৰত নৰা জ্বলোৱা এক দৃশ্য
তেওঁ কয় যে, "লক্ষ্ণৌৰ আমাৰ জামা মছজিদত আমি এই প্ৰচণ্ড গৰমৰ পৰা সকাহ পোৱাৰ বাবে বিশেষ প্ৰাৰ্থনা কৰিছিলোঁ। আৰু আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছো, যাতে তাপমাত্ৰা কমি যায় আৰু সকলোকে তেওঁ কিছু সকাহ প্ৰদান কৰে।"
মৌলানা ৰছিদ উলামা-ই-ফৰংগী মহলৰ পৰা অহা। যি বিশ্বৰ একমাত্ৰ পৰিয়াল, যিয়ে যোৱা প্ৰায় ১০০০ বছৰ ধৰি ধাৰাবাহিকভাৱে ইছলামিক পণ্ডিতৰ জন্ম দি আহিছে। আইচিআইৰ ৱেবছাইট অনুসৰি ফৰংগী মাহলিছৰ পূৰ্বপুৰুষসকলে একাদশ শতিকাত ভাৰতলৈ প্ৰব্ৰজন কৰিছিল।
গছ কটা এক দৃশ্য
সম্ৰাট ঔৰংজেবে ফাৰংগী মহলৰ ইছলামিক পণ্ডিতসকলৰ প্ৰতি অতিশয় প্ৰভাৱিত হৈছিল, সেয়েহে আল্লামা কুতুব-উদ্দিন শ্বহীদৰ হত্যাকাণ্ডৰ কথা শুনি লগে লগে আল্লামাৰ পৰিয়ালক লক্ষ্ণৌ চহৰৰ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিয়ে।
মৌলানা খালিদ ৰছিদে সমাজখনক মানৱতা আৰু শান্তিৰ সঠিক পথ প্ৰদৰ্শন কৰিবলৈ কেইবাটাও ফাতোৱা জাৰি কৰিছে। তেওঁৰ আটাইতকৈ বিখ্যাত আৰু অতিশয় প্ৰশংসিত ফতোৱা হৈছে সন্ত্ৰাসবাদ আৰু মহিলা শিশু হত্যাৰ বিৰুদ্ধে আৰু ছোৱালীৰ শিক্ষাৰ প্ৰসাৰৰ পক্ষত।