ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰক জীয়াই ৰাখো আহক

Story by  atv | Posted by  [email protected] • 1 d ago
ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰ
ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰ
 
 স্বপ্না দাস 

নাট্য জগত বুলি ক'লে অন্য বিভিন্নৰ উপৰি ভ্ৰাম্যমাণ থিয়েটাৰেৰে বিশ্ব নাট্য ক্ষেত্ৰত অসমৰ একক আৰু অদ্বিতীয় পৰিচিতি আছে। ভ্ৰাম্যমাণৰ কথা আহিলেই আকৌ অন্যান্য দুই-একৰ লগতে 'মঞ্চ প্ৰভাকৰ' অচ্যুত লহকৰৰ কথাও মনলৈ আহে। নাটককো সাহিত্যৰ এটা বিশাল অংশ বুলি ভবা ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃস্বৰূপ এইগৰাকী ব্যক্তিৰ কথা মনলৈ অহিলেই ছয় দশকৰো অধিক কাল পিছুৱাই যাবলগীয়া হয়। 

সেইদিনা আছিল ১৯৬৩ চনৰ ২ অক্টোবৰ। পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত সজা অস্থায়ী প্ৰেক্ষাগৃহত প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক মঞ্চস্থ কৰা হৈছিল। অচ্যুত লহকৰৰ পৃষ্ঠপোষকতাত ফণী শৰ্মাৰ 'ভোগজৰা' নাটৰ মঞ্চায়নৰ জৰিয়তে অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ হিচাপে ‘নটৰাজ থিয়েটাৰ’ৰ জন্ম সিদিনা দিয়া হৈছিল।
 
পাঠশালাৰ বাগান গাঁৱত ১৯৩১ চনৰ জুলাই মাহৰ ৯ তাৰিখে ওপজা অসম আৰু অসমীয়াৰ সাংস্কৃতিক স্বাভিমান জড়িত ভ্ৰাম্যমাণ থিয়েটাৰ জনক অচ্যুত লহকৰৰ ভাতৃ সদানন্দ লহকৰৰ পৃষ্ঠপোষকতাত ১৯৫৯ চনত গঠন হোৱা 'নটৰাজ অপেৰা' নামৰ যাত্ৰাদলটোক আদিপৰ্ব হিচাপে লৈয়ে অচ্যুত লহকৰে পৰৱৰ্তী সময়ত 'নটৰাজ থিয়েটাৰ'ৰ জন্ম দিয়ে--- যাৰ যোগেদি বিশ্বতেই বিৰল অসম প্ৰখ্যাত ভ্ৰাম্যমাণ নাট্যদলৰ যাত্ৰা আৰম্ভ হয়।
 
কিন্তু তেতিয়ালৈকে থিয়েটাৰক ভ্ৰাম্যমাণ থিয়েটাৰ বুলি কোৱা হোৱা নাছিল। অসমৰ প্ৰথম ভ্ৰাম্যমাণ নাট্যদল 'নটৰাজ থিয়েটাৰ'ৰ জন্মবৰ্ষতে গুৱাহাটীৰ টাউন ক্লাবৰ সাহায্যাৰ্থে 'নটৰাজ থিয়েটাৰ'ক আমন্ত্ৰণ কৰিছিল। প্ৰথম দিনাৰ নাটক মঞ্চস্থ হৈ থকাৰ সময়ত 'সিংহপুৰুষ' ৰাধাগোবিন্দ বৰুৱাই নাট উপভোগ কৰাৰ লগতে নাট পৰিৱেশনৰ কৌশল দেখি অভিভূত হৈ পৰিৱেশনৰ এই ৰূপটো অভূতপূৰ্ব বুলি গণ্য কৰি ইয়াক ‘ভ্ৰাম্যমাণ থিয়েটাৰ’ আখ্যা দিয়ে। 
 
ভ্ৰাম্যমানৰ জনক অচ্যুত লহকৰক শ্ৰদ্ধাঞ্জলি পৰিয়ালৰ লোকৰ

আধুনিক কলা-কৌশল ব্যৱহাৰ কৰি একক প্ৰচেষ্টাৰে ভ্ৰাম্যমাণ জগতখনক এক অনন্য মাত্ৰা দিবলৈ সক্ষম হৈছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ মহীৰূহ অচ্যুত লহকৰে ৷ অৱশ্যে আধুনিকতাৰ সংযোজন কৰিলেও কিন্তু তেওঁ নাটকৰ মৌলিকতা অক্ষুণ্ণ ৰাখিহে 'নটৰাজ অপেৰা'ক নতুনত্ব প্ৰদান কৰি 'নটৰাজ থিয়েটাৰ'ৰ জন্ম দিছিল।
 
তেওঁৰ আত্মজীৱনীত উল্লিখিত অনুসৰি পুৰুষেই নাৰীৰ চৰিত্ৰত অভিনয় কৰা, ভুল উচ্চাৰণ, সুৰত সংযোজিত সংলাপ আৰু অনূদিত নাটকৰ পয়োভৰ আদিৰ দৰে তেতিয়াৰ কিছুমান ধাৰা অচ্যুত লহকৰৰ পচন্দৰ হেনো নাছিল। "এইধৰণৰ ধাৰা কিছুমান সলনি কৰিবলৈ যাওঁতেই জন্ম হয় নটৰাজ থিয়েটাৰৰ।"
 
অসমৰ প্ৰথমখন ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মৰ আঁৰৰ কাৰণ সম্পৰ্কত এইদৰে অচ্যুত লহকৰে অনুলিখিত আত্মজীৱনীত নিজৰ মন্তব্য প্ৰকাশ কৰি থৈছে। নাটকত অসমৰ পটভূমি ব্যৱহাৰ হোৱাৰহে তেওঁ মনে-প্ৰাণে পোষকতা কৰিছিল। অসমৰ পটভূমিত ৰচিত নাটকসমূহ মৌলিক হোৱাৰ লগতে নাটকৰ সংলাপ আধুনিক গদ্য সাহিত্যৰ ৰীতিত হোৱাটোও তেওঁৰ একান্ত ইচ্ছা আছিল।
 
ফণী শৰ্মাৰ ‘ভোগজৰা’, উত্তম বৰুৱাৰ ‘জেৰেঙাৰ সতী’, অতুল চন্দ্ৰ হাজৰিকাৰ ‘টিকেন্দ্ৰজিৎ’ আৰু অনূদিত নাটক ‘হায়দৰ আলি’ আছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মবৰ্ষত 'নটৰাজ থিয়েটাৰ'ৰ মঞ্চত মঞ্চস্থ হোৱা নাটকেইখন, যিবোৰ নাট মঞ্চায়নৰ সময়ত মঞ্চত পোহৰৰ পৰিচালনাও কৰিছিল অচ্যুত লহকৰে। প্ৰথম বৰ্ষত ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চ এখনেই আছিল।
 
অচ্যুত লহকৰৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা জনাইছে মন্ত্ৰী ৰঞ্জিত দাসে
 
গেলাৰীৰ ব্যৱস্থাও নাছিল। অৱশ্যে পৰৱৰ্তী সময়ত প্ৰেক্ষাগৃহৰ দুটাকৈ ছেটৰ ব্যৱস্থাৰে মঞ্চস্থ নাটৰ দৃশ্যৰ ধাৰাবাহিকতা ভ্ৰাম্যমাণ থিয়েটাৰে বজাই ৰাখে আৰু জন্মৰ তৃতীয় বৰ্ষৰ পৰা গেলাৰীৰ ব্যৱস্থাও কৰে। ভ্ৰাম্যমাণ থিয়েটাৰ জন্মদাতা 'মঞ্চ প্ৰভাকৰ' অচ্যুত লহকৰে ভ্ৰাম্যমাণৰ বাবে অস্থায়ী আৰু কঢ়িয়াই লৈ ফুৰিব পৰা মঞ্চ, প্ৰেক্ষাগৃহ, দৰ্শক বহা আসন আদি লগতে লৈ ফুৰাৰো ব্যৱস্থা কৰিছিল, যাৰ ফলত ভ্ৰাম্যমাণ থিয়েটাৰ এক আকৰ্ষণীয় আৰু অনন্য অনুষ্ঠানলৈ পৰ্যবসিত হৈছিল।
 
১৯৬৩ চনৰ পৰা সুদীৰ্ঘ চাৰিটা দশক অসমৰ বিভিন্ন প্ৰান্তত নটৰাজ থিয়েটাৰে মঞ্চস্থ কৰা নাটহমূহৰ ভিতৰত ‘বেউলা’, ‘জেৰেঙাৰ সতী’, ‘অঙ্গাৰ’, 'বন্দিতা’, ‘নন্দদুলাল’, ‘আনাৰকলি’, ‘সতি-সাবিত্ৰী’, ‘খনা’, ‘বিপ্লৱ ১৮৫৭’, ‘চোৰাব ৰুস্তম’, ‘বিক্ৰমাদিত্য’, ‘অজেয় ভিয়েটনাম’, ‘ভৰত মিলন’ আদি যথেষ্ট সমাদৃত নটক। 

অসমৰ এইগৰাকী কিংবদন্তি শিল্পী কেৱল ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী প্ৰযোজকেই নাছিল, তেওঁ আছিল একাধাৰে এগৰাকী অভিনেতা, নাট ৰচয়িতা, কবি, গল্পকাৰ আৰু এগৰাকী অনুবাদক। 'এৰিনা', 'অজেয় ভিয়েটনাম', 'আমেৰিকাৰ পুতলা', 'ঊষা', 'ব্লেকমানী', 'ডাক্তৰবাবু', 'আদৰ্শৱতী নাৰী', 'আমি হেনো মানুহ নহয়', 'হামিদা', 'এখন পৃথিৱী', 'শংকৰদেৱ', 'বন্ধু হত্যাকাৰী বন্ধু', 'দুলীয়াজান', 'আল্লা ঈশ্বৰ' আদি আছিল অচ্যুত লহকৰ সৃষ্ট নাট।
 
ইয়াৰ উপৰি 'আব্ৰাহাম লিংকন', 'গণতন্ত্ৰ', 'আনা কাৰেনিনা' আদি হৈছে ইংৰাজীৰ পৰা অচ্যুত লহকৰে অনুবাদ কৰা নাট। ভ্ৰাম্যমাণৰ জনকগৰাকীয়ে মাজে-সময়ে দুই-এটা কবিতা আৰু গল্পও লিখিছিল। পাঠশালা মজলীয়া বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰু বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষা সমাপ্ত কৰি কলিকতা (এতিয়াৰ কলকাতা) স্থিত ছে'ইণ্ট পল কলেজত স্নাতক শ্ৰেণীত পঢ়ি থকা সময়তে তেওঁ 'দীপাৱলী' নামৰ আলোচনী এখনৰ সম্পাদনা কৰিও প্ৰকাশ কৰি উলিয়াইছিল। 
 
"মনোৰঞ্জনৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰাটোৱেই নাটকৰ উদ্দেশ্য। নাটকো এটা সাহিত্যৰ অংগ। ইয়াৰ এক ৰুচিসম্মত দর্শক আছে। ভ্রাম্যমাণ থিয়েটাৰৰ নাটকেও অসমীয়া নাট্য-সাহিত্য সমৃদ্ধ কৰিছে।"
 
ভ্ৰাম্যমাণ থিয়েটাৰৰ পেণ্ডেল
 
অনন্ত মোহন শৰ্মাৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত সাক্ষাৎগ্ৰহণকাৰীয়ে "অসমীয়া নাট্য-সাহিত্য আৰু ভ্ৰাম্যমান থিয়েটাৰ– এই সম্পর্কে অলপ কথা ক'ব নেকি?" বুলি প্ৰশ্ন কৰাত এনেদৰে মন্তব্য কৰা অচ্যুত লহকৰ আৰু নটৰাজ থিয়েটাৰৰ সৈতে জড়িত কিছুমান সম্পদ কালৰ গতিৰ লগতে প্রাকৃতিক দুৰ্যোগত আৰু সেইসময়ত সংগ্ৰহালয়ৰ সহজলভ্য সু-ব্যৱস্থা নথকাত হেৰাই যায় বুলিও জনা যায়। সংৰক্ষণ নকৰি পুৰণি হ'লে লহকৰে পেলাই দিয়াৰ ফলতো বহু সম্পদ এতিয়া নাই বুলি খোদ 'মঞ্চ প্ৰভাকৰ'গৰাকীয়েই দুখ প্ৰকাশ কৰিছিল। আনকি তেওঁ লিখা কেবাখনো নাটক হেনো বৰষুণ আৰু শিলাবৃষ্টিত নষ্ট হৈ গৈছিল।

অসমৰ সাংস্কৃতিক তথা অভিনয়ৰ ক্ষেত্ৰখনত ভ্ৰাম্যমাণ থিয়েটাৰৰ যোগেদি এক নৱজাগৰণৰ সূচনা কৰা অচ্যুত লহকৰৰ সৃষ্টি 'নটৰাজ থিয়েটাৰ'ৰ পাছৰ পৰা বৰ্তমানলৈ অসমত শতাধিক ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম হ'ল আৰু সেইবোৰৰ মঞ্চত অনেক নাট মঞ্চস্থ হৈ আহিছে প্ৰতিবছৰে। কিন্তু এইক্ষেত্ৰত অচ্যুত লহকৰৰ অৱদান চিৰদিনলৈ চিৰসেউজ অধ্যায় হৈ থাকিব।
 
বিশ্বতেই বিৰল অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ জৰিয়তে অসমৰ সাংস্কৃতিক জগতখনলৈ তেওঁৰ অৱদানক শ্ৰদ্ধা সহকাৰে স্বীকাৰ কৰি অচ্যুত লহকৰক সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা, কমল কুমাৰী ৰাষ্ট্ৰীয় সন্মান আৰু  ব্ৰজনাথ শৰ্মা বঁটা প্ৰদান কৰা হৈছিল। 
 
অচ্যুত লহকৰ
 
"এদিন মই য'ত গৈছিলোঁ তাতে চহৰ হৈছিল। মানুহে মোক বেৰি বেৰি ধৰিছিল। মই কি কৰিছোঁ, কি ভাবিছোঁ তাৰ খবৰ ৰাখিছিল। সন্ধিয়াৰ পৰা মোৰ ব্যস্ততা বাঢ়িছিল। জ্ঞানী মানুহসকলে আহি মোৰ ওচৰত বহে আৰু আলাপ আলোচনা কৰে। এটা আনন্দময় জীৱন কটাই আহি আহি আজি এটা মানুহো নাই, সেই সময়ো নাই। আজি সেইবোৰ নাই। উদং ঘৰটোত অকলশৰীয়া মই। কোনো নাহে। সেই সময়ত মোৰ গধূলিবোৰ আছিল মধুৰ, কিন্তু আজি গধূৰ। আজি মই নিসংগ, অকলশৰীয়া। হ'লেও মোৰ দুখ নাই। মাজে মাজে মানুহ আহে, মোৰ খবৰ লয়, ভাল লাগে।"
 
জীৱনৰ বিয়লি বেলাত এটি আলাপত এনেদৰে দুখেৰে ভাব বিনিময় কৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ 'মঞ্চ প্ৰভাকৰ' অচ্যুত লহকৰৰ ২০১৬ চনৰ ১২ জুন তাৰিখে বৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে।
 
এইগৰাকী বৰেণ্য ব্যক্তিৰ স্মৃতি হিচাপে প্ৰতিবছৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত অভিনয় কৰা অভিনেতা বা অভিনেত্ৰীক প্ৰদান কৰা হয় অচ্যুত লহকৰ স্মাৰক বঁটা। আমৃত্যু ভ্ৰাম্যমাণ থিয়েটাৰৰে জড়িত অচ্যুত লহকৰৰ সত্ত্বাক জীয়াই ৰখাটো ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে সম্পৰ্কিত প্ৰতিগৰাকী লোক, প্ৰতিগৰাকী সাংস্কৃতিক কৰ্মীৰ লগতে প্ৰতিগৰাকী অসমীয়াৰো আন্তৰিক কৰ্তব্য। 
 
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)