'লাভ জেহাদ' গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ বাবে অসমত শীঘ্ৰে নতুন আইন: মুখ্যমন্ত্ৰী শৰ্মা

Story by  atv | Posted by   Imtiaz Ahmed • 1 Months ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটী

অসমত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে "লাভ জেহাদ"ৰ সৈতে জড়িত গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ আইন  অতি সোনকালে প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা আছে। "আমি নিৰ্বাচনৰ সময়ত ‘লাভ জেহাদ’ৰ কথা কৈছিলো। অতি সোনকালে আমি এনে এখন আইন আনিম যিয়ে এনে গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিব।" - সংবাদ সংস্থাই শৰ্মাৰ উদ্ধৃতিৰে কয়।

দেওবাৰে গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ বিজেপি কাৰ্যনিৰ্বাহক সভাত তেওঁ এই মন্তব্য কৰে।

লগতে তেওঁ নতুন ডমিচাইল পলিচি ঘোষণা কৰে, যাৰ অধীনত ৰাজ্য চৰকাৰৰ চাকৰি লাভৰ বাবে বাধ্যতামূলক যোগ্যতাৰ মাপকাঠী হ’ব অসমীয়া হিচাপে জন্মগ্ৰহণ কৰা ব্যক্তি। শীঘ্ৰে ৰাজ্য চৰকাৰে এই নীতি প্ৰৱৰ্তন কৰিব বুলি তেওঁ কয়।

সভাত দলীয় সদস্যসকলক সম্বোধন কৰি তেওঁ কয় যে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্য চৰকাৰে “এক লাখ চৰকাৰী”ত খিলঞ্জীয়াক অগ্ৰাধিকাৰ দিছে। সম্পূৰ্ণ তালিকা প্ৰকাশ হ’লেই এই কথা স্পষ্ট হ’ব বুলি তেওঁ আশ্বাস দিয়ে।

 
ইফালে, হিন্দু-মুছলমানৰ মাজত মাটি বিক্ৰী সন্দৰ্ভত ৰাজ্য চৰকাৰে সিদ্ধান্ত লোৱা বুলিও তেওঁ কয়।

যদিও চৰকাৰে এনে লেনদেন ৰোধ কৰিব নোৱাৰে, তথাপিও তেওঁৰ চৰকাৰে আগবাঢ়ি যোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সন্মতি লোৱাটো বাধ্যতামূলক কৰিছে বুলিও কয়।

চলিত মাহৰ আৰম্ভণিতে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই প্রতি ১০ বছৰৰ মূৰে মূৰে মুছলমান জনসংখ্যা ৩০ শতাংশ বৃদ্ধিৰ কথা উল্লেখ কৰি ২০৪১ চনৰ ভিতৰত ৰাজ্যখন মুছলমান সংখ্যাগৰিষ্ঠ হ’ব বুলি দাবী কৰিছিল৷

শৰ্মাই কয় যে “পৰিসংখ্যাগত নমুনা সংগ্ৰহ” অনুসৰি এতিয়া অসমৰ জনসংখ্যাৰ ৪০ শতাংশ মুছলমান। তেওঁ লগতে উল্লেখ কৰে যে প্ৰতি দশকত হিন্দু জনসংখ্যা ১৬ শতাংশ বৃদ্ধি পালেও মুছলমান জনসংখ্যাৰ বৃদ্ধিৰ হাৰ প্ৰায় দুগুণ।

কংগ্ৰেছ নেতা তথা প্ৰাক্তন সাংসদ দানিশ আলীয়ে শৰ্মাৰ এই মন্তব্যক তীব্ৰ সমালোচনা কৰি মিছা প্ৰচাৰ আৰু বিভাজন সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে। আলীয়ে আঙুলিয়াই দিয়ে যে, লোকপিয়লৰ তথ্য অনুসৰি ১৯৫১ চনত অসমত মুছলমান জনসংখ্যা প্ৰায় ২৫ শতাংশ আৰু ২০১১ চনত ৩৪.২২ শতাংশ আছিল।