‘সঁচা মুছলমান, ভাল নাগৰিক’: দেশজুৰি অভিযান আৰম্ভ কৰিব আৰ এছ এছৰ অন্তৰ্গত সংস্থা মুছলিম ৰাষ্ট্ৰীয় মঞ্চই

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আৰ এছ এছৰ অধীনষ্ঠ মুছলিম ৰাষ্ট্ৰীয় মঞ্চই (MRM) “এখন দেশ, এখন পতাকা, এটা ৰাষ্ট্ৰীয় সংগীত” শীৰ্ষক বিষয়বস্তুৰে সংখ্যালঘু জনগোষ্ঠীৰ লোকসকলৰ কাষ চাপিবলৈ দেশজোৰা অভিযান আৰম্ভ কৰিব। 
 
মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ স্বেচ্ছাসেৱকসকলে এই অভিযানৰ অধীনত সমাজৰ সদস্যসকলৰ মাজত “সঁচা মুছলমান, ভাল নাগৰিক”ৰ বাৰ্তা বিয়পাই দিব বুলি এক বিবৃতিত কোৱা হৈছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংযুক্ত সংস্থাটোৱে জনোৱা মতে, ৮ জুনৰ পৰা ১১ জুনলৈ ভূপালত মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ স্বেচ্ছাসেৱক আৰু কৰ্মীসকলৰ বাবে তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হ’ব।
 
এই প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকিব আৰ এছ এছৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য ইন্দ্ৰেশ কুমাৰ, তেওঁ এম আৰ এমৰ মুখ্য পৃষ্ঠপোষকৰো দায়িত্বত আছে। ২০২১ চনত উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাত আয়োজন কৰা শেষৰটো প্ৰশিক্ষণ কাৰ্যসূচীত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত, যুটীয়া সাধাৰণ সম্পাদক কৃষ্ণ গোপাল আৰু জ্যেষ্ঠ কাৰ্যকৰী ৰামলালে অংশগ্ৰহণ কৰিছিল। 
 
মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ মুখপাত্ৰ শ্বাহিদ ছঈদে কয়, “২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে আৰ এছ এছৰ মুছলিম ৰাষ্ট্ৰীয় মঞ্চই ‘এখন দেশ, এখন পতাকা, এটা জাতীয় সংগীত আৰু এখন আইন’ৰ ধাৰণা সমগ্ৰ দেশৰ মুছলমান সম্প্ৰদায়ৰ মাজলৈ লৈ যোৱাৰ অভিযান আৰম্ভ কৰিব।" বিবৃতিটোত তেওঁ কয়, ‘‘সঁচা মুছলমান, ভাল নাগৰিক’ৰ বাৰ্তা কঢ়িয়াই লৈ ফুৰি মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ স্বেচ্ছাসেৱক আৰু কৰ্মীসকলে দেশৰ প্ৰতিটো কোণত সংখ্যালঘু সম্প্ৰদায়ৰ সৈতে যোগাযোগ কৰিব।"
 
ছঈদে কয় যে মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত মুছলমানৰ বৃহৎ জনসংখ্যা থকাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে ভূপালক বাছি লোৱা হৈছে। ‘মধ্য প্ৰদেশত বিজেপিৰ ভোট বেংকৰ পৰা মুছলমান ভোট আঁতৰি গৈছে। যোৱা নিৰ্বাচনত কংগ্ৰেছে নৰ্থ আৰু চেণ্ট্ৰেল ভূপাল বিধানসভাৰ আসনত জয়লাভ কৰিছিল। এই সমষ্টি দুটাত মুছলমান জনসংখ্যা অধিক। নৰ্থ ভূপাল কংগ্ৰেছৰ দুৰ্গ হৈ পৰিছে।’-এইদৰে কয় এম আৰ এমৰ মুখপাত্ৰগৰাকীয়ে।
 
মনকৰিবলগীয়া যে, চলিত বৰ্ষৰ শেষৰ ফালে মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।