মোহালিত মন্দিৰৰ বাবে ৮০ লাখ টকাৰ ভূমি দান মুছলমানৰ

Story by  atv | Posted by  Munni Begum • 5 h ago
মহম্মদ ইমৰাণ ওৰফে হেপি মালিকে পঞ্জাৱৰ শ্বাহী ইমামৰ সৈতে মন্দিৰ নিৰ্মাণৰ বাবে হিন্দুলোকসকলক ভূমি দান কৰাৰ সময়ৰ এক মূহুৰ্ত
মহম্মদ ইমৰাণ ওৰফে হেপি মালিকে পঞ্জাৱৰ শ্বাহী ইমামৰ সৈতে মন্দিৰ নিৰ্মাণৰ বাবে হিন্দুলোকসকলক ভূমি দান কৰাৰ সময়ৰ এক মূহুৰ্ত
 
নতুন দিল্লী
 
যিসময়ত দেশজুৰি সম্প্ৰদায়িক বিভাজনৰ কথা প্ৰায়েই শুনিবলৈ পোৱা যায়, তেনে সময়তে পঞ্জাৱৰ মোহালি জিলাৰ ঝামপুৰ গাঁৱত ভাতৃত্ববোধ আৰু ঐক্যৰ এক প্ৰেৰণাদায়ক কাহিনীয়ে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। মহম্মদ ইমৰাণ নামৰ এজন মুছলমান ব্যৱসায়ীয়ে মন্দিৰ নিৰ্মাণৰ বাবে নিজৰ ৮০ লাখ টকাৰ ৩২৫ বৰ্গ গজ ভূমি দান কৰি সম্প্ৰদায়িক সম্প্ৰীতিৰ এক নতুন অধ্যায় সূচনা কৰিছে।  
 
মন্দিৰ নিৰ্মাণৰ বাবে কোনো স্থান নাই বুলি হিন্দু সম্প্ৰদায়ৰ লোকসকলে কৰা অভিযোগৰ প্ৰতি লক্ষ্য ৰাখিছিল ইমৰাণৰ পৰিয়ালৰ লোকে। ইয়াৰ পিছতে মহম্মদ ইমৰাণ ওৰফে হেপ্পী মালিকে ভূমি দান কৰি মন্দিৰ নিৰ্মাণৰ খৰচ বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে, পাঞ্জাৱৰ শ্বাহী ইমাম মৌলানা মহম্মদ উছমান ৰহমান লুধিয়ানৱীয়ে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল, য'ত ইমৰাণে আনুষ্ঠানিকভাৱে মন্দিৰ সমিতিৰ সদস্য ৰাজাৰামক ভূমিৰ নথিপত্ৰ প্ৰদান কৰে।
 
শ্বাহী ইমামৰ মতে, ঝামপুৰত মন্দিৰ নিৰ্মাণৰ বাবে কোনো ভূমি উপলব্ধ নাছিল, কিয়নো গাঁওখনৰ ক্ৰমবৰ্ধমান জনসংখ্যাই অধিকাংশ স্থান দখল কৰি আছিল। সনাতন মন্দিৰ নিৰ্মাণৰ বাবে এডোখৰ ভূমিৰ প্ৰয়োজন হৈছিল। পণ্ডিত ৰাজাৰামে ইমৰাণৰ ওচৰলৈ গৈ মন্দিৰ নিৰ্মাণৰ বাবে ভূমি বিচাৰিছিল।
 
সভাত ভাষণ দি মৌলানা লুধিয়ানৱীয়ে কয়, "আমাৰ ভাতৃ ইমৰাণ খান হেপ্পীয়ে মোক কৈছিল যে মন্দিৰ নিৰ্মাণৰ বাবে এটুকুৰা ভূমিৰ প্ৰয়োজন হৈছে। মোৰ এডোখৰ ভূমি আছে। মই এইখিনি দান কৰিব পাৰো নেকি? মই তেতিয়া তেওঁক ক'লো যে, আমি এই ভূমিখিনি নিশ্চয়কৈ দিব পাৰো। যদি আমি আমাৰ হিন্দু ভাই-ভনীসকলৰ বাবে উপকাৰ সাধন কৰিব পাৰো, তেন্তে ইয়াতকৈ ডাঙৰ সুখ আৰু কি হ'ব পাৰে?"
 
ৰাজাৰামে এই অনুষ্ঠানটোক সম্প্ৰদায়ৰ বাবে এক আনন্দৰ মুহূৰ্ত বুলি অভিহিত কৰি কয় যে, ইমৰাণ আৰু শ্বাহী ইমামৰ বাবে তেওঁলোকৰ সপোন পূৰণ হৈছে। ৰাজাৰমে কয়, "ইমাম, ভাই হেপ্পী মালিক (ইমৰাণ) আৰু অন্যসকলৰ প্ৰতি মই কৃতজ্ঞ জ্ঞাপন কৰিছো। তেওঁলোকে আমাৰ দাবী পূৰণ কৰিছে। মই ঝামপুৰ গাঁৱৰ বাসিন্দাসকলক ধন্যবাদ জনাইছো, যিয়ে আমাৰ সৈতে প্ৰতি মুহূৰ্ততে জড়িত হৈ আছে।"  
শ্বাহী ইমাম আৰু মহম্মদ ইমৰাণ ওৰফে হেপি মালিকে মন্দিৰ সমিতিক দান কৰা মাটিৰ কাগজ-পত্ৰ প্ৰদানৰ এক দৃশ্য
 
তেওঁ লগতে কয়, "মই সদায় কওঁ যে আমাৰ মাজত কোনো হিন্দু, মুছলমান, শিখ বা খ্ৰীষ্টান নাই। আমি সকলো ভাই-ককাই। মই চাৰি বছৰ ধৰি ইয়াত বাস কৰি আছো, কিন্তু এই গাঁৱত কোনেও কেতিয়াও নিজকে মুছলমান, হিন্দু, শিখ বা খ্ৰীষ্টান বুলি কোৱা নাই। আমি সকলোৱে কৈছো যে, তেওঁলোক ভাতৃ। সেয়েহে, আমি আজি একেখন মঞ্চতে থিয় হৈ আছো। তেওঁৰ শৰীৰত থকা ৰক্ত, আমাৰ শৰীৰ আৰু আপোনাৰ শৰীৰতো প্ৰবাহমান হৈ আছে।"  
 
মন্দিৰৰ এজন বিষয়াই কয় যে, মানুহে নিজৰ ঘৰত হিন্দু বা মুছলমান বুলি পৰিচয় দিব পাৰে আৰু নিজৰ বিশ্বাসৰদ্বাৰা পৰিচয় দিব পাৰে, কিন্তু যেতিয়া তেওঁলোকে একেলগে থিয় হয়, তেতিয়া তেওঁলোক সকলোতকৈ প্ৰথমে মানুহ হয়।
 
ৰাজাৰামে কয়, "মন্দিৰৰ বাবে ভূমি কোনেও দান কৰিব নোৱাৰিলে - মই বা আমাৰ আন হিন্দু ভাইসকলেও কৰিব নোৱাৰিলে। হেপ্পী মালিকে এই ভূমি দান কৰিছিল। য'ত হেপ্পী মালিক আছে, য'ত ঝামপুৰৰ সমগ্ৰ গাঁও তেওঁৰ সৈতে আছে। যেতিয়ালৈকে হেপ্পী মালিক ইয়াত আছে, তেতিয়ালৈ আমি সকলো দুখ আৰু সুখৰ সময়ত তেওঁৰ কাষত থিয় হৈ থাকিম। তেওঁ আমাৰ সৈতে আছে।"  
 
মহম্মদ ইমৰাণে কয় যে, তেওঁ শৈশৱৰে পৰা এই ধাৰণা লৈ জীয়াই আছিল যে বিপদৰ সন্মুখীন হোৱা লোকসকলক সহায় কৰিব লাগে। তেওঁ কয়,  "মোৰ লক্ষ্য হৈছে এখন চিকিৎসালয় খোলাৰ। যাতে দৰিদ্ৰ লোকসকলে চিকিৎসা লাভ কৰিব পাৰে। যেতিয়া মই এটা মছজিদ নিৰ্মাণ কৰিছিলো, মই তেতিয়া ভাবিছিলো যে, মানুহে এইটো বাৰ্তা পাব নালাগে যে মই এজন মুছলমান আৰু সেইবাবেই মই এটা মছজিদ নিৰ্মাণ কৰিছো। তাৰপিছত মই এটা গীৰ্জাঘৰ নিৰ্মাণ কৰিছিলো, আৰু এতিয়া এটা মন্দিৰ নিৰ্মাণ কৰিম। আমি পূৰ্বতে নিৰ্মাণ কৰা মন্দিৰবোৰৰ ধৰণেই এই মন্দিৰটো নিৰ্মাণ কৰিম।"  
 
মহম্মদ ইমৰাণে কয় যে, তেওঁ ভূমি দান কৰাৰ লগতে মন্দিৰ নিৰ্মাণৰ সম্পূৰ্ণ খৰচ বহন কৰাৰ সিদ্ধান্ত লৈছে। তেওঁৰ বন্ধু সঞ্জয় জিন্দলেও এই ক্ষেত্ৰত তেওঁৰ সৈতে সহযোগিতা কৰিব। তিনিমাৰল ভূমিত হনুমান মন্দিৰ আৰু দহমাৰল ভূমিত সনাতন ধৰ্ম মন্দিৰ নিৰ্মাণ কৰা হ'ব। ১২ ফেব্ৰুৱাৰীত শ্বাহী ইমামৰ উপস্থিতিত মন্দিৰ কমিটীক ভূমি পঞ্জীয়নৰ নথিপত্ৰসমূহ প্ৰদান কৰা হয়। হুন যজ্ঞৰ পিছত, নিয়মীয়া নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয়। এই প্ৰকল্পৰ অধীনত হনুমান মন্দিৰ আৰু সনাতন ধৰ্ম মন্দিৰ নিৰ্মাণ কৰা হ'ব।
 
৩৭ বছৰীয়া হেপ্পী মালিক এজন ৰিয়েল ইষ্টেট ব্যৱসায়ী। তেওঁ তেওঁৰ মাতৃ, পত্নী আৰু সন্তানৰ সৈতে বাস কৰে, আনহাতে তেওঁৰ প্ৰয়াত ভাতৃৰ সন্তানো তেওঁৰ সৈতে বাস কৰে। মন্দিৰ সমিতিৰ সদস্য পণ্ডিত ৰাজাৰামে কয় যে, ইমান বৃহৎ ভূমি দান কৰাটো সহজ নহয় আৰু এইটো মহম্মদ ইমৰাণৰ ভাল উদ্দেশ্যৰ এক প্ৰমাণ। সনাতন ধৰ্ম সভাৰ হৈ পণ্ডিত ৰাজাৰাম, সভাপতি হৰপ্ৰীত সিং গীল আৰু ৰুবী সিদ্ধুৱে শ্বাহী ইমাম আৰু মহম্মদ ইমৰাণ হেপ্পীক সন্মানিত কৰে।