নাগৰিকত্ব সংশোধনী আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; ৩ সপ্তাহৰ ভিতৰত আৱেদনকাৰীক উত্তৰ দিবলৈ চৰকাৰক নিৰ্দেশ

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

নতুন দিল্লী

উচ্চতম ন্যায়ালয়ে মঙলবাৰে বিয়লি নাগৰিকত্ব সংশোধনী আইন বা CAA ৰূপায়ণ স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিছে। লোকসভা নিৰ্বাচনৰ কিছুদিন পূৰ্বে যোৱা সপ্তাহত অধিসূচনা জাৰি কৰা আইনখনক প্ৰত্যাহ্বান জনোৱা ২৩৭খন আবেদনৰ উত্তৰ দিবলৈ আদালতে চৰকাৰক ৮ এপ্ৰিললৈকে তিনি সপ্তাহৰ সময় দিছে। 
 
ইয়াৰ উপৰিও উক্ত তাৰিখৰ আগত যদিহে কোনোবা ব্যক্তিক নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব প্ৰদান কৰা হয়, তেন্তে আবেদনকাৰীয়ে ন্যায়ালয়ৰ কাষ চাপিব পাৰিব। 'কা' ৰূপায়নৰ বিৰুদ্ধে আবেদন দাখিল কৰা পক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু ইন্দিৰা জয়ছিঙে ন্যায়ালয়ৰ সন্মুখত এই প্ৰশ্ন উত্থাপন কৰিছিল। 
 
উল্লেখ্য যে, চৰকাৰী পক্ষৰ অধিবক্তা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই প্ৰথমে আবেদনসমূহৰ উত্তৰ দিবলৈ চাৰি সপ্তাহৰ সময় বিচাৰিছিল। আদালতত তেওঁ কয়, "আমি ২৩৭খন আবেদনৰ বাবে বিশদ শপতনামা দাখিল কৰিব লাগিব। ইতিমধ্যে ২০খন অন্তৱৰ্তীকালীন আবেদন দাখিল কৰা হৈছে আৰু বহুকেইখন আবেদন দাখিলৰ কাম চলি আছে। ইয়াৰ বাবে বাস্তৱিকতে আমাক চাৰি সপ্তাহৰ প্ৰয়োজন হ'ব।"
 
'কা'ৰ বিৰুদ্ধে অসমত চাৰি বছৰ পূৰ্বে হোৱা তীব্ৰ প্ৰতিবাদৰ দৃশ্য
 
বিষয়টোৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা, আৰু ন্যায়াধীশ মনোজ মিশ্ৰই। আৱেদনকাৰীসকলৰ ভিতৰত আছিল ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (কেৰালাৰ এটা ৰাজনৈতিক দল) আৰু লগতে কংগ্ৰেছৰ বিৰোধী নেতা জয়ৰাম ৰমেশ আৰু তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰ। এই গোচৰৰ পৰৱৰ্তী শুনানি ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব।
 
আবেদনকাৰীসকলে এই আইনক বৈষম্যমূলক আৰু মুছলমান বিৰোধী বুলি আখ্যা দি ইয়াৰ ৰূপায়ণত স্থগিতাদেশ জাৰি হোৱাটো বিচাৰিছিল। আবেদনকাৰীসকলে আদালতত কয় যে প্ৰত্যাহ্বানসমূহ অধ্যয়নৰ বাবে চৰকাৰে অধিক সময় বিচৰাৰ ক্ষেত্ৰত তেওঁলোকে বিৰোধিতা নকৰে যদিও মুখ্য ন্যায়াধীশ নেতৃত্বাধীন বিচাৰপীঠক কাৰ্যকৰীকৰণ স্থগিত ৰখাৰ নিৰ্দেশ দিবলৈ আহ্বান জনায়।
২০১৯ চনত সংসদে নাগৰিকত্ব বিধেয়কখন গৃহীত কৰাৰ পিছত একাধিক প্ৰত্যাহ্বান দাখিল কৰা হৈছিল। কিন্তু আইনখনক লৈ অধিসূচনা জাৰি নোহোৱাৰ বাবে আদালতে ইয়াৰ ৰূপায়নত স্থগিতাদেশ জাৰি কৰা নাছিল। যোৱা সপ্তাহত এই বিষয়ত যুক্তি দি কপিল ছিবালে কয় যে সেই পৰিস্থিতি এতিয়া প্ৰযোজ্য নহয়, যিহেতু নিয়মসমূহ ইতিমধ্যে জাৰি কৰা হৈছে। 
 
"সমস্যাটো হ'ল চাৰি বছৰৰ পিছত অধিসূচনা জাৰি কৰা হৈছে। আইন অনুসৰি ছমাহৰ ভিতৰত নিয়মৰ অধিসূচনা জাৰি কৰিব লাগে। এতিয়া প্ৰধান সমস্যাটো হ'ল-কোনোবাই নাগৰিকত্ব লাভ কৰিলে, তেওঁৰ নাগৰিকত্ব উভতাই লোৱাটো অসম্ভৱ হ'ব। তেওঁলোকে কিয় চাৰি বছৰ অপেক্ষা কৰিলে? ইয়াৰ আঁৰত নিশ্চয় ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ কথা জড়িত হৈ আছে।"-কবিল ছিবালে কয়। 
 
 
উল্লেখ্য যে, 'কা'ৰ অধীনত বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বাবে পলায়ন কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী বা খ্ৰীষ্টান সম্প্ৰদায়ৰ ব্যক্তিসকলে ভাৰতীয় নাগৰিকত্ব বিচাৰিব পাৰে। তেওঁলোকে অৱশ্যে ২০১৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ আগতে ভাৰতত প্ৰৱেশ কৰা হ'ব লাগিব। 
 
এই আইনখন কাৰ্যকৰী কৰাৰ সময়ক লৈ বিৰোধীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। সংসদত গৃহীত হোৱাৰ চাৰি বছৰৰ পাছত আৰু সাধাৰণ নিৰ্বাচনৰ কিছুদিন পূৰ্বে ৰূপায়ন কৰা আইনখনৰ জৰিয়তে বিজেপি চৰকাৰে পশ্চিম বংগ আৰু অসমৰ দৰে ৰাজ্যত নিৰ্বাচনী মেৰুকৰণ সৃষ্টি কৰিব বিচাৰিছে বুলি কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে কৈছিল।
 
চৰকাৰে অৱশ্যে বিৰোধীৰ এই সকলো অভিযোগ খণ্ডন কৰিছে। CAA “অসাংবিধানিক” নহয় বুলি উল্লেখ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বিৰোধীয়ে মিছা কথাৰ ৰাজনীতি কৰিছে। আইনখন ৰূপায়নৰ সময় সন্দৰ্ভত তেওঁ কয়, "বিজেপিয়ে ২০১৯ চনৰ ইস্তাহাৰত স্পষ্ট কৰি দিছিল যে তেওঁলোকে কা আনিব আৰু পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ শৰণাৰ্থীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব। বিজেপিৰ এটা স্পষ্ট এজেণ্ডা আছে আৰু সেই প্ৰতিশ্ৰুতিৰ অধীনত নাগৰিকত্ব ( সংশোধনী) বিধেয়ক ২০১৯ চনত সংসদৰ দুয়োখন সদনত গৃহীত হৈছিল। মহামাৰী ক'ভিডৰ বাবে ইয়াক কাৰ্যকৰী কৰাত পলম হৈছে।"
 
তেওঁ লগতে কয় যে সংখ্যালঘুসকলে এই আইনক লৈ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ 'কা'ত কাৰো অধিকাৰ ঘূৰাই লোৱাৰ কোনো ব্যৱস্থা নাই।