বিশ্বৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত অসমীয়া পিঠা-পনা বিক্ৰী কৰাৰ প্ৰয়াস ছামিমা আহমেদহঁতৰ গোটৰ

Story by  atv | Posted by  Munni Begum • 2 Years ago
প্ৰগতি আত্মসহায়ক গোটৰ পৰম্পৰাগত অসমীয়া পিঠা-পনা
প্ৰগতি আত্মসহায়ক গোটৰ পৰম্পৰাগত অসমীয়া পিঠা-পনা
 
মুন্নী বেগম / গুৱাহাটী 
 
মুম্বাই তথা ডুবাইৰ দৰে চহৰত অসমীয়া পৰম্পৰাগত পিঠা-পনা বিক্ৰী কৰি লাখ লাখ টকা উপাৰ্জন কৰিছে গুৱাহাটীৰ 'প্ৰগতি' নামৰ এটা আত্মসহায়ক গোটে। যি সময়ত বজাৰত সহজে উপলব্ধ জাং ফুড তথা ফাষ্ট ফুডৰ প্ৰতি মানুহৰ দূৰ্বলতা ব্যাপকভাৱে বৃদ্ধি পাইছে, সেই সময়তে অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰৰ এনে উৎসাহজনক বিক্ৰীয়ে বহু মহিলাৰ বাবে উপাৰ্জনৰ এক নতুন পথ মুকলি কৰি দিছে। একেদৰে, দেশ-বিদেশত অসমৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰো প্ৰসাৰ ঘটিছে। 
 
‘আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত 'প্ৰগতি' আত্মসহায়ক গোটৰ সদস্য চামিমা আহমেদে কয়, "বৰ্তমান সময়ত মানুহৰ মাজত জাংফুড আৰু ফাষ্ট ফুডৰ প্ৰতি দূৰ্বলতা থকা সত্বেও অসমীয়া পৰম্পৰাগত পিঠা-পনাৰ প্ৰতিও মানুহৰ আগ্ৰহ কমি যোৱা নাই। মানুহৰ মাজত থকা এই আগ্ৰহৰ বাবে আমি পিঠা-পনা প্ৰস্তুত কৰি মানুহৰ মাজলৈ লৈ যোৱাৰ এক প্ৰয়াস কৰিলো। 
 
বৃদ্ধাশ্ৰমৰ আইতাসকলৰ সৈতে প্ৰগতি অত্মসহায়ক গোটৰ সদস্যসকল
 
২০২০ চনত 'প্ৰগতি' নামেৰে আমি এটা আত্মসহায়ক গোটৰ প্ৰতিষ্ঠা কৰিছিলো। আমাৰ গোটত থকা ১০গৰাকী মহিলাই প্ৰথমে মাত্ৰ ২০০ টকা মূল ধনেৰে পিঠা-পনাৰ ব্যৱসায় আৰম্ভ কৰিছিলো আৰু মালিগাঁৱত এখন সৰুকৈ পিঠা-পনাৰ অস্থায়ী বিপণিৰ ব্যৱস্থা কৰি মহানগৰবাসীক পিঠা যোগান ধৰিছিলো। সতেজ আৰু ঘৰুৱাভাৱে তৈয়াৰী আমাৰ সামগ্ৰীৰ গ্ৰাহকৰ পৰা যথেষ্ট উৎসাহজনক সহাৰি লাভ কৰিছিলো। ইয়াৰ পিছত আমি দৈনিক পিঠা-লাড়ু প্ৰস্তুত কৰি গ্ৰাহকক যোগান ধৰা আৰম্ভ কৰিলো।"   
 
সকলো জাতিৰে নিজৰ খাদ্য সম্ভাৰ আছে। অসমীয়া জাতিৰো নিজা খাদ্য সম্ভাৰ আছে। ভাৰতীয় পৰম্পৰাগত অসমীয়া খাদ্য সম্ভাৰ পিঠা-পনাৰ এক চহকী ঐতিহ্য আৰু পৰম্পৰা আছে। অসমৰ জলবায়ু আৰু উৎসৱসমূহৰ পৰা পিঠা-পনাৰ পৰম্পৰা আৰম্ভ হৈছিল। পিঠাগুড়িৰ পৰা প্ৰস্তুত কৰা পাৰম্পৰিক অসমীয়া পিঠাৰ বিভিন্ন প্ৰকাৰ আছে আৰু অসমীয়া জনজীৱনত ইয়াৰ বিশেষ গুৰুত্ব আছে। 
 
গোটৰ আন এগৰাকী সদস্য জেৰিনা আহমেদে কয়, "সম্প্ৰতি অধিকাংশ লোকে ব্যস্ত জীৱনৰ লগতে সজুলিৰ অভাৱত ঘৰত পিঠা-পনা বনোৱাৰ পৰিবৰ্তে বজাৰত সহজে উপলব্ধ পিঠা পনা ক্ৰয় কৰি আহিছে। বিভিন্ন উৎসৱ-পাৰ্বনত সকলোৱে বজাৰত উপলব্ধ লাড়ু-পিঠা ক্ৰয় কৰা দেখা যায়। সেয়েহে সকলোৰে প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ গোটে দৈনিক পিঠা লাড়ু প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিলো। প্ৰথমে আমি মাত্ৰ ২ কেজি চাউলৰ পিঠা বনাই গ্ৰাহকৰ বাবে উলিয়াইছিলো। যি পিঠাৰ বাবে গ্ৰাহকৰ যথেষ্ট ভাল সহাৰি লাভ কৰিছিলো। বৰ্তমান আমি দৈনিক ১,০০০ পিঠা আৰু ৫০০ৰ পৰা ১,০০০ লাড়ু প্ৰস্তুত কৰো। ইয়াৰ বাবে আমাক দৈনিক ৫ কেজি চাউল আৰু পাঁচশ টকাৰ নাৰিকলৰ প্ৰয়োজন হয়।"
 
পিঠা বনাই থকা মূহুৰ্ত
 
উল্লেখ্য যে, গ্ৰাহকৰ দৃষ্টি আকৰ্ষন কৰিবলৈ প্ৰগতি গোটৰ মহিলাসকলে জৈৱিক ৰং মিহলি কৰি পিঠাত নতুনত্ব সংযোজন কৰিছে। জেৰিনাই কয়, "আমি গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ফুল আৰু ফলৰ ৰস সংমিশ্ৰণ কৰি পিঠাক এক নতুন ৰূপ দিও। আমি অপৰাজিতা ফুলৰ ৰসেৰে নীলা ৰঙৰ পিঠা, গাজৰৰ ৰসেৰে হালধীয়া ৰঙৰ পিঠা আৰু বিটৰ ৰসেৰে গোলপীয়া ৰঙৰ পিঠা প্ৰস্তুত কৰি গ্ৰাহকক যোগান ধৰি আহিছো। তদুপৰি আমি বৰা চাউলৰ নাৰিকল, তিল আৰু গুৰৰ শুকান পিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, চাউলৰ গুৰিৰ লাড়ু, মুড়িৰ লাড়ু, নাৰিকলৰ চিৰা, সান্দহ, ঘিলা পিঠা, ভাপত দিয়া জোন পিঠা, নাৰিকলৰ ভজা পিঠা, বৰ পিঠা আদি গ্ৰাহকৰ বাবে প্ৰস্তুত কৰি আহিছো। আমাৰ প্ৰতিবিধ পিঠা তথা লাড়ুৰ পেকেট ৬০ টকা দৰত গ্ৰাহকে ক্ৰয় কৰি আহিছে।" 
 
ব্যৱসায় সন্দৰ্ভত ছামিমা আহমেদে কয়, "বিহু তথা অন্য বিভিন্ন অনুষ্ঠানক্ৰমে বিবাহ, জন্মদিন, বাগদান পৰ্ব, ৰাজহুৱা সভা আদিত আমাৰ গোটৰ পিঠা-পনাৰ যথেষ্ট চাহিদা দেখা যায়। প্ৰতি বছৰে বিহুৰ সময়ত আমি ব্যাপক হাৰত গ্ৰাহকৰ পৰা অৰ্ডাৰ লাভ কৰো। এইবেলিও ব্যতিক্ৰম নহয়। কিয়নো এইবাৰ মাঘ বিহুত আমাৰ গোটৰ তৰফৰ পৰা প্ৰায় ডেৰ লাখ টকাৰ পিঠা-পনা গ্ৰাহকক যোগান ধৰিবলৈ সক্ষম হৈছো। ঘৰুৱাভাৱে প্ৰস্তুত কৰা আমাৰ পিঠা-লাড়ু সতেজ আৰু সুলভ মূল্যত উপলব্ধ হোৱা হেতুকে ৰাজ্যৰ লগতে দেশ তথা বিদেশৰ গ্ৰাহকেও ক্ৰয় কৰি আহিছে। আমাৰ গোটে প্ৰস্তুত কৰা পিঠা পনা অসমৰ বিভিন্ন জিলাৰ লগতে মুম্বাই তথা ডুবাইলৈও ৰপ্তানি হৈ আহিছে। আমাৰ সামগ্ৰী গ্ৰাহকে সহজে লাভ কৰিব পৰাকৈ আমি অনলাইন যোগান ধৰাৰ ব্যৱস্থা কৰিছো। ইয়াৰোপৰি দেশৰ বিভিন্ন ৰাজ্যত থকা তথা বিদেশত বাস কৰা প্ৰবাসী অসমীয়া লোকসকলে বিদেশৰ লোকসকলৰ বাবে আমাৰ পৰা ব্যাপক হাৰত পিঠা লাড়ু ক্ৰয় কৰি আহিছে।"
 
মাত্ৰ দুশ টকা মূলধনেৰে পিঠাৰ ব্যৱসায় কৰি স্বাৱলম্বী হোৱা 'প্ৰগতি' গোটৰ মহিলাসকলে বিভিন্ন সমাজসেৱামূলক কামৰ সৈতেও জড়িত হৈ আছে। তেওঁলোকে ক'ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ সময়ত ৪ হাজাৰ মাস্ক প্ৰস্তুত কৰি বিনামূলীয়াকৈ ৰাইজৰ মাজত বিতৰন কৰাৰ উপৰিও স্বাধীনতা দিৱসত জাতীয় পতাকা প্ৰস্তুত কৰি ৰাইজৰ মাজত বিতৰন কৰিছিল। তদুপৰি, তেওঁলোকে বৃদ্ধাশ্ৰমলৈ গৈ আইতাসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰন কৰে।   
 
ভাপত দিয়া নাৰিকল পিঠা আৰু পিঠা বনাবলৈ ব্যৱহাৰ হোৱা নাৰিকল
 
ছামিমাই কয়, "আমাৰ মুছলমান সমাজখনত কিছু সংখ্যক লোকে মহিলাসকলক পৰ্দাৰ আঁৰত ৰাখিব বিচাৰে। কিন্তু মোৰ ক্ষেত্ৰত বা আমাৰ গোটৰ অন্য মহিলাৰ ক্ষেত্ৰত অলপ ব্যতিক্ৰম। কিয়নো মোৰ লগতে আমাৰ গোটৰ মহিলা সকলক পৰিয়ালৰ লোকসকলে যথেষ্ট সমৰ্থন আগবঢ়াইছে। যাৰ বাবে আজি আমি অত্মনিৰ্ভৰশীল হ’বলৈ সক্ষম হৈছো। সেয়েহে মই ভাবো যে প্ৰতিগৰাকী মহিলাকে পৰ্দাৰ আঁৰত ৰখাৰ বাবে কৰা প্ৰয়াস উচিত নহয়। পুৰুষৰ সমান্তৰালভাৱে মহিলা সকলকো ওলাই অহাৰ সুযোগ দিব লাগে, যাতে তেওঁলোকে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে। এই ক্ষেত্ৰত মহিলাসকলক তেওঁলোকৰ পৰিয়ালৰ লগতে সমাজৰ তৰফৰ পৰাও সমৰ্থন কৰা উচিত।" 
 
প্ৰগতি গোটৰ সদস্য সকলে পিঠা বনাই থকা মূহুৰ্ত (বাওঁফালে) আৰু জাতীয় পতাকা চিলাই কৰি থকা মূহুৰ্ত (সোঁফালে)
 
ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে মন্তব্য কৰি ছামিমা আহমেদে কয় যে, অসমৰ স্থান সাপেক্ষে যি কোনো মিঠাই জাতীয় খাদ্যক পিঠা বুলি কোৱা দেখা যায়। অসমৰ উপৰিও, উৰিষ্যা, পশ্চিমবঙ্গ, বিহাৰ, বাংলাদেশ আদিতো পিঠাৰ বহুল প্ৰচলন আছে। সেয়ে বিশ্ব দৰবাৰত অসমীয়া পিঠা-পনাৰ এক সুকীয়া স্থান গঢ়ি তোলাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ আমি বনোৱা পিঠা-পনা লৈ যোৱা প্ৰয়াস কৰিম।