পাঞ্জাবাৰীত ধৰ্মীয় সমন্বয়ৰ অনুপম নিদৰ্শন; মন্দিৰ নিৰ্মাণত সহায়ৰ হাত আগবঢ়াইছে মুছলমান সমাজে

Story by  Munni Begum | Posted by  [email protected] • 1 Years ago
পাঞ্জাবাৰী ৰাজহুৱা নামঘৰ, দ্বিতীয় ছবিত আলোচনাৰ মুহূৰ্তত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকসকল
পাঞ্জাবাৰী ৰাজহুৱা নামঘৰ, দ্বিতীয় ছবিত আলোচনাৰ মুহূৰ্তত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকসকল
 
মুন্নী বেগম / গুৱাহাটী

যিসময়ত ধৰ্মীয় ভেদাভেদৰ ভাৱধাৰাৰে একাংশই আমাৰ সমাজখনক দুভাগ কৰাৰ চেষ্টা কৰি আছে, সেই সময়তে এইখন অসমতে সমন্বয়ৰ সেতু গঢ়ি সম্প্ৰীতিৰ বাৰ্তা বিলোৱাৰ বাবে আগবাঢ়ি আহিছে একাংশ উদাৰ মনৰ ব্যক্তি। হিন্দু-মুছলমানৰ ভেদা-ভেদ পৰিহাৰ কৰি ইজনে সিজনৰ বাবে সহায়ৰ হাত আগবঢ়াইছে বৃহত্তৰ পাঞ্জাবাৰী নামঘৰ পথৰ বাসিন্দাসকলে। 

অলপতে গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰী নামঘৰ পথত থকা পুৰণি পাঞ্জাবাৰী ৰাজহুৱা নামঘৰৰ ভৱনটো পুনৰ নিৰ্মাণৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে নিৰ্মান সমগ্ৰী যোগান ধৰিছে অঞ্চলটোৰ স্থানীয় মছজিদ কমিটি আৰু অঞ্চলটোৰ ইছলাম ধৰ্মালম্বী লোকসকলে। 
 
এই সন্দৰ্ভত পাঞ্জাবাৰী ৰাজহুৱা নামঘৰৰ সম্পাদক কৃষ্ণকান্ত তালুকদাৰে 'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক কথোপকথনত কয়, "পঞ্জাবাৰী ৰাজহুৱা নামঘৰটো ১৯৮৬ চনত স্থাপন কৰা হৈছিল। নামঘৰটোৰ ভৱনটো পুৰণি হোৱাৰ বাবে ইয়াক পুনৰ নিৰ্মাণৰ বাবে নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা যো-জা চলাইছিলো। নামঘৰৰ ভৱনটো পুনৰ নিৰ্মাণৰ বাবে আমাক আমাৰ সমাজৰ ইছলাম ধৰ্মালম্বী লোকসকলে আৰ্থিকভাৱে সহায় আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহিছে। যিয়ে আমাৰ সমাজখনৰ  হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকৰ  মাজৰ সম্প্ৰীতিৰ এনাজৰীডাল দৃঢ় কৰি তুলিছে।“            

পাঞ্জাবাৰী মছজিদ কমিটীৰ বিষয়ববীয়াসকলে পাঞ্জাবাৰী ৰাজহুৱা নামঘৰৰ প্ৰাংগণত উপস্থিত হৈ নামঘৰৰ পুননিৰ্মানৰ বাবে পৰিচালনা সমিতিৰ সম্পাদক কৃষ্ণকান্ত তালুকদাৰৰ হাতত মোটা অংকৰ ধনৰ বৰঙণি আগবঢ়ায়। তদুপৰি নামঘৰ পথ নিবাসী ইছলামধর্মী লোকসকলেও নামঘৰটো পুনৰ নিৰ্মাণৰ বাবে আর্থিক অনুদানৰ উপৰিও নির্মাণ সামগ্রীও যোগান ধৰিছে।
 
 
পুনৰ নিৰ্মাণ চলি থকা মন্দিৰটো
 
সম্পাদক তালুকদাৰে কয়, “বছৰ বছৰ ধৰি পাঞ্জাবাৰী নামঘৰ পথত হিন্দু মুছলিম উভয় সম্প্ৰদায়ে একত্ৰিত হৈ বসবাস কৰি আহিছো। আমাৰ সমাজখনত গৰিষ্ঠ সংখ্যক ইছলাম ধৰ্মালম্বী লোক আছে, যদি আমি সকলোৱে ভাতৃত্ববোধৰ ভাৱধাৰাৰে ইয়াত বসবাস কৰি আহিছো। মই ইয়াত ১৯৮৯ চনৰ পৰা বসবাস কৰি আহিছো। মোৰ ঘৰত ঈদৰ দিনা চৌকা নজ্বলে বুলি ক’লেও ভূল নহ'ব। বিহুৰ সময়ত ইছলাম ধৰ্মালম্বী লোকসকলৰ ক্ষেত্ৰতো একে পৰিবেশ দেখিবলৈ পোৱা যায়। আমাৰ সমাজখনত সম্প্ৰীতিৰ এক বান্ধোন আছে, যিয়ে সকলোকে একত্ৰিত কৰি ৰাখিছে।“ 

মানৱ ধৰ্মই উত্তম ধৰ্ম বুলি ভবা পাঞ্জাবাৰী নামঘৰ পথৰ বাসিন্দাসকলে ধৰ্মীয় ভেদা ভেদ আতঁৰাই চৌদিশে সম্প্ৰীতিৰ বাৰ্তা বিলাই আহিছে। কিয়নো এই সমাজখনৰ কোনো হিন্দু লোকৰ মৃত্যু হলে মুছলমান লোকসকলেও শ্মশানলৈ গৈ অন্তেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে আৰু  কোনো মুছলমান লোকৰ মৃত্যু হলেও হিন্দু ধৰ্মালম্বী লোকসকলে জানাজাৰ বাবে কবৰস্থানলৈ যায়। ইয়াৰোপৰি বিভিন্ন উৎসৱ-পাৰ্বনতো উভয়ে সম্প্ৰদায়ৰ লোকে সহায় সহযোগিতা আগবঢ়াই আহিছে। 

পাঞ্জাবাৰী নামঘৰ পথৰ স্থানীয় মছজিদ কমিটীৰ বিষয়ববীয়া ফাৰুক আহমেদে কয়, “আমি সৰুৰে পৰা এনে এখন সমাজত ডাঙৰ দীঘল হৈছো। যিখন সমাজত ধৰ্মীয় ভেদা-ভেদ নাছিল। আমি শৈশৱৰ পৰাই হিন্দু-মুছলমান সকলোৱে একত্ৰিত হৈ বসবাস কৰি আহিছো। মই ভাবো পাঞ্জাবাৰী নামঘৰৰ সমাজখন হৈছে সমন্বয় আৰু একতাৰ সমাজ। আমাৰ সমাজত বিভিন্ন সমাজসেৱামূলক কাম-কাজবোৰ হিন্দু মুছলমান উভয়ে সম্প্ৰদায়ৰ লোকৰ সহযোগিতাত কৰি অহা হৈছে। ঈদ, পূজা, বিহু, আদি সকলোতে সকলো ধৰ্মালম্বী লোকে আগবাঢ়ি আহে। আমাৰ সমাজখনত ধৰ্মীয় ভেদাভেদে কেতিয়াও স্থান নাপায়।“