INCLUSIVE INDIA: তিনিটাকৈ হিন্দু পৰিয়ালে মছজিদ নিৰ্মানৰ বাবে ভূমি দান কৰিলে নলবাৰীত

Story by  Munni Begum | Posted by  Munni Begum • 1 Years ago
মছজিদ নিৰ্মানৰ বাবে দান কৰা ভূমিত পুজা কৰিছে হিন্দু পৰিয়ালে
মছজিদ নিৰ্মানৰ বাবে দান কৰা ভূমিত পুজা কৰিছে হিন্দু পৰিয়ালে
 
মুন্নী বেগম / গুৱাহাটী 
 
একতা, সংহতি আৰু সম্প্ৰীতিৰ মিলন ভূমি হৈ পৰিছে অসমৰ নলবাৰী জিলা। কিয়নো নলবাৰীত মছজিদ নিৰ্মাণৰ বাবে ভূমি দান কৰিছে তিনিটাকৈ হিন্দু পৰিয়ালে। নলবাৰীৰ বাঁহজানীৰ পূৱ-কালাকুছি গাঁৱত মুছলমান সম্প্ৰদায়ৰ লোকৰ বাবে মছজিদ নিৰ্মান কৰিবলৈ ১ কঠা ৯ লেচা ভূমি দান কৰিছে স্বৰ্গীয় সুৰেন্দ্ৰ বৈশ্য, স্বৰ্গীয় পবিন ডেকা আৰু পৰেশ ডেকাৰ পৰিয়ালে। 
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পৰেশ ডেকাৰ পত্নী ৰিজু ডেকাই কয়, "নলবাৰীৰ বাঁহজানীৰ পূৱ-কালাকুছি গাওঁখন হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকেৰে পৰিবেষ্টিত। আমাৰ গাওঁখনত মুছলমান লোকৰ তুলনাত হিন্দু লোকৰ সংখ্যা খুব কম যদিও আমি ইয়াত সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ ভাৱধাৰাৰে বসবাস কৰি আহিছো। বিভিন্ন উৎসৱ পাৰ্বনত হিন্দু-মুছলমান উভয়ে সম্প্ৰদায়ৰ লোকসকলে একত্ৰিত হৈ আগভাগ লৈ আহিছে। যাৰ বাবে বৰ্তমান সম্প্ৰীতিৰ এক প্ৰতীক হৈ পৰিছে আমাৰ গাওঁখন। গাওঁখনৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ বাবে মোৰ শহুৰ দেউতা স্বৰ্গীয় কালিৰাম ডেকাই বহু বছৰ পূৰ্বে এটি মছজিদ নিৰ্মান কৰাৰ বাবে বহু বছৰ পূৰ্বে ১ কঠা ৯ লেচা ভূমিদান কৰিছিল। এই ভূমি আমি আনুষ্ঠানিকভাৱে গাওঁবাসীৰ হাতত হস্থান্তৰ কৰিলো।"
  
মছজিদ নিৰ্মানৰ বাবে দান কৰা ভূমিত  আধাৰশিলা স্থাপনৰ সময়ত কৰা সমূহীয়া দোৱাৰ এক মূহুৰ্ত
 
বিভিন্ন সময়ত দেখা যায় যে হিন্দু-মুছলমানক লৈ বিভিন্ন জনে বিভিন্ন প্ৰকাৰৰ মন্তব্য আগবঢ়াই সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ প্ৰয়াস কৰি আহিছে যদিও আমাৰ অসমতে এনে বহু উদাহৰন আছে, যিয়ে ৰাজ্যত শান্তি আৰু সম্প্ৰীতি ৰক্ষা কৰি আহিছে। যাৰ এক উদাহৰণ হৈছে নলবাৰীৰ পূৱ-কালাকুছি গাওঁখন। কিয়নো গাওঁখনত মছজিৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ লগত সংগতি ৰাখি সমূহীয়া দোৱা তথা প্ৰাৰ্থনা আয়োজন কৰা হয়। য'ত হিন্দু মুছলমান সকলো লোকে অংশগ্ৰহণ কৰিছে।
 
পশ্চিমতাৰী জামে মছজিদ পৰিচালনা সমিতিৰ সভাপতি পইনুৰুদ্দিন আহমেদে কয়, "আমাৰ গাওঁখনত বিগত ৫০-৬০ বছৰে হিন্দু-মুছলমান উভয়ে সম্প্ৰদায়ৰ লোকে ভাতৃত্ববোধৰ ভাৱধাৰাৰে বসবাস কৰি আহিছে। গাঁৱখনত ৮০ ঘৰ মুছলমান পৰিয়ালৰ পৰিবৰ্তে মাত্ৰ ৭ টা হিন্দু পৰিয়াল আছে, যদিও আমি কেতিয়াও তেওঁলোকক আমাৰ পৰা পৃথক বুলি ভবা নাই। আমি সদায় একেটা পৰিয়ালৰ সদস্যৰ দৰে বাসবাস কৰি আহিছো। আমি কেতিয়াও আমাৰ মাজত ধৰ্মীয় বিভেদৰ সৃষ্টি হবলৈ দিয়া নাই আৰু ভৱিষ্যতলৈ নিদিম।"
 
কুমাৰীকাটাৰ দাৰুল উলুম মাদ্ৰাছাৰ হেড মডাৰিছ মৌলানা চায়েদুৰ ৰহমানে মছজিদৰ আধাৰশিলা স্থাপন কৰাৰ এক মূহুৰ্ত
 
গাঁৱৰ স্থানীয় বাসিন্দা আবেদ উল্লাই সভাপতিত্ব কৰা সভাত স্বৰ্গীয় পবিন ডেকাৰ পত্নী ৰূপৰেখা ডেকাই কয়, "পূব কালাকুছিৰ পশ্চিমতাৰী চুবুৰিত থকা ৭ বিঘা ভূমিৰ পৰা আমাৰ পূৰ্বপুৰুষে স্ব-ইচ্ছাই মছজিদৰ নামত ১ কঠা ৯ লেচা ভূমি দান কৰিছিল। যি ভূমি আমি বৰ্তমান অনুষ্ঠানিকভাৱে গাওঁবাসীক হস্থান্তৰ কৰিলো। আমি সদায়ে মিলা-প্ৰিতীৰে থাকিবলৈ বিচাৰো। সেয়েহে আমাৰ পূৰ্বপুৰুষে আগবঢ়াই থৈ যোৱা ভূমি আমি গাওঁবাসীৰ হাতত অৰ্পন কৰিলো। ইয়াৰোপৰি মছজিদ নিৰ্মানৰ বাবে আমি আৰ্থিকভাৱেও প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াম।"
 
নলবাৰীৰ বাঁহজানীৰ পূৱ-কালাকুছি গাঁৱত মছজিদৰ বাবে ভূমিদান কৰা  হিন্দু পৰিয়ালৰ লোকক সম্বৰ্ধনা জনাইছে গাওঁখনৰ মুছলমান সম্প্ৰদায়ৰ লোক সকলে
 
হিন্দু আৰু মুছলমানৰ সমন্বয়স্থলী ৰূপে পৰিচিত বাঁহজানীৰ কালাকুছিত ইতিমধ্যেই এই মছজিদৰ আধাৰশিলা স্থাপন কৰা হৈছে। পূব কালাকুছিৰ পশ্চিমতাৰী চুবুৰিৰ জামে মছজিদৰ আধাৰশিলা স্থাপন কৰিছে কুমাৰীকাটাৰ দাৰুল উলুম মাদ্ৰাছাৰ হেড মডাৰিছ মৌলানা চায়েদুৰ ৰহমানে। আধাৰশিলা স্থাপন অনুষ্ঠানত গাঁওবাসীৰ লগতে ভূমিদান কৰা পৰিয়ালটোৰ সদস্যসকলো উপস্থিত থাকে। ভূমিদাতা পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই মছজিদৰ বাবে দান কৰা ভূমি পূজা কৰি আধাৰশিলাত স্থাপন অংশগ্ৰহণ কৰিছে।