ৱাকফ সংশোধনী বিধেয়ক পৰ্যবেক্ষণ কৰিবলৈ ৩১ জনীয়া যুটীয়া সংসদীয় সমিতি গঠন; ওৱাইছি-মাছুদো অন্তৰ্ভুক্ত

Story by  atv | Posted by  [email protected] • 10 Months ago
কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু
কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু
 
নতুন দিল্লী

২০২৪ চনৰ ৱাকফ (সংশোধনী) বিধেয়কখন পৰ্যবেক্ষণ কৰিবলৈ ২১ জন লোকসভা সাংসদ আৰু ১০ জন ৰাজ্যসভাৰ সাংসদসহ ৩১ জনীয়া এখন যুটীয়া সংসদীয় সমিতি গঠন কৰা হৈছে। শুকুৰবাৰে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ২০২৪ চনৰ ৱাকফ (সংশোধনী) বিধেয়ক চোৱাচিতা কৰিবলৈ যৌথ সংসদীয় সমিতিৰ বাবে সংসদত ২১ জন লোকসভা সাংসদ আৰু ১০ জন ৰাজ্যসভা সাংসদৰ নাম প্ৰস্তাৱ কৰে।
 
উল্লেখযোগ্য যে, এই কমিটীত এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইছি আৰু কংগ্ৰেছৰ সাংসদ ইমৰাণ মাছুদকো অন্তৰ্ভুক্ত কৰা হৈছে। লোকসভাত কিৰেন ৰিজিজুৱে যুটীয়া সংসদীয় সমিতিৰ বাবে ২১ জন লোকসভা সাংসদৰ নাম প্ৰস্তাৱ কৰাৰ লগতে ৰাজ্যসভাক সমিতিৰ বাবে ১০ জন সদস্যৰ নাম পৰামৰ্শ দিবলৈ আহ্বান জনায়।
 
যৌথ সংসদীয় সমিতিৰ  সদস্য হ’বলগীয়া লোকসভাৰ ২১ জন সাংসদ হ’লঃ জগদম্বিকা পাল, নিশিকান্ত ডুবে, তেজস্বী সূৰ্য, অপৰাজিতা সাৰংগী, সঞ্জয় জয়ছোৱাল, দিলীপ শইকীয়া, অভিজিত গংগোপাধ্যায়, ডি কে অৰুণা, গৌৰৱ গগৈ, ইমৰাণ মাছুদ, মহম্মদ জাৱেদ, মৌলানা মহিবুল্লাহ নদৱী, কল্যাণ বেনাৰ্জী, এ ৰাজা, লাভু শ্ৰী কৃষ্ণ দেৱৰায়ালু, দিলেশ্বৰ কামাইত, অৰবিন্দ সাৱন্ত, সুৰেশ গোপীনাথ, নৰেশ গনপত মাস্কে, অৰুণ ভাৰতী আৰু আছাদুদ্দিন ওৱাইছি।
ইয়াৰ পিছতে এই প্ৰস্তাৱ সদনে গৃহীত কৰে। ৰাজ্যসভাত কিৰেন ৰিজিজুৱে ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৪ পৰ্যবেক্ষণ কৰিবলৈ গঠন কৰা যৌথ সংসদীয় সমিতিৰ বাবে ৰাজ্যসভাৰ ১০ জন সাংসদৰ নাম প্ৰস্তাৱ কৰে। সাংসদসকল হ’লঃ ব্রিজ লাল, ড০ মেধা বিশ্ৰাম কুলকার্নি, গুলাম আলী, ড০ ৰাধা মোহন দাস আগৰৱালা, চৈয়দ নাছিৰ হুছেইন, মহম্মদ নদীম উল হক, ভি বিজয়ছাই ৰেড্ডী, এম মহম্মদ আব্দুল্লা, সঞ্জয় সিং আৰু ড° ধৰ্মস্থলা বীৰেন্দ্ৰ হেগাড়ে।
 
উল্লেখ্য যে, লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন বিৰোধীয়ে স্থৱিৰ কৰাৰ এদিন পিছতে কিৰেন ৰিজিজুৱে বৃহস্পতিবাৰে ৱাকফ (সংশোধনী) বিল উত্থাপন কৰি যৌথ সংসদীয় সমিতিলৈ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল, কাৰণ বিৰোধী দলসমূহে ইয়াক লৈ তীব্ৰ আপত্তি প্ৰকাশ কৰিছিল।
 
কংগ্ৰেছ, ডি এম কে, এন চি পি, তৃণমূল কংগ্ৰেছ, এ আই এম আই এমকে ধৰি বিৰোধী দলসমূহে বিধেয়কখন উত্থাপন কৰাৰ তীব্ৰ বিৰোধিতা কৰি কয় যে ইয়াৰ বিধানসমূহ গণতন্ত্ৰ আৰু সংবিধানবিৰোধী। একাংশ সদস্যই বিধেয়কখন প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰাৰ বিপৰীতে বহুতে সেইখন স্থায়ী সমিতিলৈ প্ৰেৰণ কৰিব লাগে বুলি পৰামৰ্শ দিছিল।