কামৰূপৰ নগৰবেৰাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবললৈ আব্দুল বাতেনৰ সফলতাৰ যাত্ৰা

Story by  Mukut Sarma | Posted by  Munni Begum • 2 Months ago
 আব্দুল বাতেন
আব্দুল বাতেন
 
মুকুট শৰ্মা / গুৱাহাটী
 
ভলীবল অসমৰ গ্ৰামাঞ্চলৰ অতি জনপ্ৰিয় আৰু আদৰৰ খেল। কামৰূপ জিলাৰ নগৰবেৰা অঞ্চলো ইয়াৰ ব্যতিক্ৰম নহয়। বহু দশক ধৰি ভলীবলৰ উন্মাদনাই গাঁওবাসীক আচ্ছন্ন কৰি ৰাখিছে। আজিৰ পৰা ২০-২৫ বছৰ পূৰ্বে নগৰবেৰা অঞ্চলৰ এই ভলীবল উন্মাদনাই শিশু আব্দুল বাতেনৰ হৃদয়ত আলোড়ন তুলিছিল। নগৰবেৰাৰ ভখুৰাদিয়া গাঁৱত অনুষ্ঠিত ভলীবল প্ৰতিযোগিতাসমূহত মহম্মদ ছাদিক, স্বাক্ষৰ তালুকদাৰ আদিৰ দৰে সুদক্ষ খেলুৱৈৰ দৰ্শনীয় খেল উপভোগ কৰি শিশু অৱস্থাতে ভলীবলৰ প্ৰেমত পৰিছিল বাতেন। তেতিয়াই তেওঁৰ মনত জাগি উঠিছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হোৱাৰ দুৰ্বাৰ হেঁপাহ।    
 
সেইগৰাকী আব্দুল বাতেন এতিয়া সমগ্ৰ দেশৰ ভলীবল জগতৰ এটি সুপৰিচিত নাম। প্ৰায় এটা দশক ধৰি তেওঁ অসমৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত দপদপাই আছে। ৰাজ্যৰ উঠি অহা প্ৰজন্মৰ আদৰ্শ আৰু প্ৰেৰণাৰ প্ৰতীক বাতেনে ২০১৪ চনৰ পৰা অসম দলক আৰু ২০১৫ চনৰ পৰা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলক প্ৰতিনিধিত্ব কৰি আছে। 
 
৬ ফুট উচ্চতাৰ দীৰ্ঘদেহী বাতেনৰ জন্ম হৈছিল কামৰূপ জিলাৰ নগৰবেৰাৰ ভখুৰাদিয়া গাঁৱত ১৯৯৭ চনৰ ১ আগষ্টত। দেউতাক হাতেম আলী আৰু মাক জাহানাৰা বেগমৰ মাজু পুত্ৰ বাতেনে নিজৰ গাঁৱত প্ৰশিক্ষক নবিৰ হুছেইনৰ তত্ত্বাৱধানত ভলীবলৰ আদিপাঠ গ্ৰহণ কৰিছিল।
 
২০২১ৰ ছিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবলৰ ৰাণাৰ্ছ-আপ ট্ৰফীৰ সৈতে অসম দলটো, লগত বাতেন (সোঁফালৰ পৰা দ্বিতীয়জন)
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত অসমৰ সুদক্ষ ভলীবল খেলুৱৈগৰাকীয়ে কয়, "সৰুৰে পৰা মই মোৰ জন্ম গাঁওখনত ভলীবলৰ এক পৰিৱেশ দেখিবলৈ পাইছিলো। আমি যেতিয়া সৰু আছিলো, তেতিয়া আমাৰ গাঁওত ডাঙৰ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। সেইবোৰলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰখ্যাত খেলুৱৈসকল আছিল। সৰুতে মই মহম্মদ ছাদিক, স্বাক্ষৰ তালুকদাৰ আদিৰ দৰে আগশাৰীৰ খেলুৱৈৰ দুৰ্দান্ত খেল দেখি অভিভূত হৈছিলো। তেতিয়াৰ পৰাই ভলীবলৰ প্ৰতি এক আৱেগ সৃষ্টি হয়। মা-দেউতাইও মোক সৰুৰে পৰা খেলিবলৈ উৎসাহিত কৰিছিল। তাৰ পিছত মই গাঁৱত প্ৰশিক্ষক নবিৰ হুছেইনৰ তত্ত্বাৱধানত ভলীবল শিকিবলৈ আৰম্ভ কৰো। এয়াই আছিল মোৰ কেৰিয়াৰৰ আৰম্ভণি।"
 
পৰৱৰ্তী সময়ত আব্দুল বাতেনে ৰাজ্যৰ আগশাৰীৰ প্ৰশিক্ষক গণেশ শৰ্মা, মনোজ দেৰ লগতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ প্ৰাক্তন খেলুৱৈ প্ৰদীপ শৰ্মাৰ পৰা ভলীবলৰ বিজ্ঞানসন্মত প্রশিক্ষণ লাভ কৰি নিজকে এগৰাকী প্ৰতিষ্ঠিত খেলুৱৈ হিচাপে গঢ়ি তুলে। শেহতীয়াকৈ আন্তঃজিলা ভলীবল প্রতিযোগিতাত গুৱাহাটীৰ হৈ খেলা প্ৰতিভাৱান খেলুৱৈগৰাকী সম্প্ৰতি ছিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল চেম্পিয়নশ্বিপৰ বাবে প্ৰস্তুতি চলাই আছে।
 
উল্লেখ্য যে, প্ৰতিপক্ষৰ দুৰ্ভেদ্য ব্লক হেলাৰঙে ওফৰাই দুৰ্দান্ত স্মেছেৰে ভলীবলৰ ক'ৰ্ট কঁপাই তোলাত সিদ্ধহস্ত দীৰ্ঘদেহী বাতেনৰ আক্ৰমণাত্মক খেল উপভোগ কৰিবলৈ ৰাজ্যৰ চৌদিশে ক্ৰীড়াপ্ৰেমীয়ে ভিৰ কৰা দেখা যায়। ২০১১-১২ চনত কলকাতাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰাম্য টুর্ণামেণ্টত অংশগ্ৰহণ কৰি তেওঁ নিজৰ প্ৰতিভাৰ উমান দিছিল। প্ৰতিযোগিতাখনত অসম দলটোৱে ৰাণাৰ্ছ-আপৰ খিতাপ অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। 
 
ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলোৱা আব্দুল বাতেন
 
ইয়াৰ পিছৰে পৰাই তেওঁ আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। ইখনৰ পিছত সিখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত বাতেনে অসম দলৰ জাৰ্ছী পিন্ধাৰ গৌৰৱ অৰ্জন কৰে। 
 
২০১২-১৩ চনৰ ২১-২৬ এপ্ৰিলত গুজৰাটৰ গান্ধী নগৰত অনুষ্ঠিত ৫৮ সংখ্যক স্কুল নেচনেল গেমছত বাতেনে অংশগ্রহণ কৰা দলটোৱে ছেমি ফাইনেল পর্যন্ত উন্নীত হৈছিল। ইয়াৰ পিছত ২০১৪ চনৰ ২৩-২৮ ডিচেম্বৰত চণ্ডীগড়ত অনুষ্ঠিত জুনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত তেওঁ অসম দলক প্রতিনিধিত্ব কৰে। 
 
পৰৱৰ্তী সময়ত প্ৰতিখন ৰাষ্ট্ৰীয় প্রতিযোগিতাত অসমৰ হৈ খেলা নগৰবেৰাৰ খেলুৱৈগৰাকীয়ে ২০২০ চনত ভুৱনেশ্বৰত অনুষ্ঠিত ছিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবলত অসমৰ ঐতিহাসিক সাফল্যত অন্যতম মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। সেইবাৰ অসমে প্ৰথমবাৰৰ বাবে ছিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচিছিল। 
 
ইয়াৰ সুবাদতে অসমে সন্মানীয় ফেডাৰেচন কাপ ভলীবল প্রতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশগ্রহণ কৰাৰ সুযোগ পাইছিল। এইদৰে বছৰৰ পিছত বছৰ ধৰি আব্দুল বাতেনে ভলীবলৰ জৰিয়তে অসমলৈ সেৱা আগবঢ়াই আহিছে। 
 
আন্তঃজিলা ভলীবলত ট্ৰফী জয়ৰ পিছত আব্দুল বাতেন
 
"সম্প্ৰতি মই ছিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবললৈ প্ৰস্তুতি চলাই আছো। অলপতে আন্তঃজিলা ভলীবল প্রতিযোগিতাত গুৱাহাটীৰ হৈ অংশ লৈ আমি ৰাণাৰ্ছ-আপৰ ট্ৰফী জয় কৰো। এতিয়া ছিনিয়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ হৈ উন্নত প্ৰদৰ্শন দাঙি ধৰাৰ লক্ষ্য লৈছো। অৱশ্যে, এতিয়াও দল ঘোষণা কৰা হোৱা নাই।"-বাতেনে কয়। 
 
একেৰাহে প্ৰায় ১২ বছৰ ধৰি অসমৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলি বহু বঁটা আৰু পদক লাভ কৰা বাতেন সন্দৰ্ভত অসমৰ এগৰাকী জেষ্ঠ ভলীবল প্ৰশিক্ষক তথা প্ৰাক্তন খেলুৱৈ দীপক কুমাৰ দাসে কয়, "বাতেন অসমৰ অন্যতম শ্ৰেষ্ঠ ভলীবল খেলুৱৈ। তেওঁ আমাৰ গৌৰৱ। তেওঁ পূব নলবাৰী ভলীবল ক'চিং চেণ্টাৰৰ হৈ আমন্ত্ৰিত খেলুৱৈ হিচাপে মাজে সময়ে খেলিবলৈ আহিছিল। তেতিয়া মই বাতেনৰ প্ৰতিভা আৰু দক্ষতা দেখি আপ্লুত হৈছিলো। তেওঁৰ দৰে প্ৰতিভাৱান খেলুৱৈ অসমত খুৱ কম আছে। বহু বছৰ ধৰি তেওঁ অসমৰ হৈ খেলিছে, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ হৈ খেলিছে, তাৰ পিছতো তেওঁৰ দৰে দক্ষ খেলুৱৈ এজনে নিয়মীয়া চাকৰি এটা নোপোৱাটো দূৰ্ভাগ্যজনক। যদি এনে  খেলুৱৈৰ ওপৰত চৰকাৰৰ সুদৃষ্টি নাথাকে পৰৱৰ্তী সময়ত কোনো খেলুৱৈ ভলীবলৰ প্ৰতি আগ্রহী নহ'ব। চৰকাৰৰ বিশেষ ক্রীড়া নীতিৰ জৰিয়তে এইসকল প্রতিভাৱান খেলুৱৈক সংস্থাপিত কৰিব পাৰিলেহে অসমৰ ক্রীড়াক্ষেত্ৰ উৰ্বৰ হ'ব বুলি আমি ক'ব পাৰোঁ।"