অসমৰ ক্ৰীড়া জগতৰ অক্লান্ত সৈনিক আব্দুল গফ্ফৰ উজ জামান

Story by  atv | Posted by  [email protected] • 3 Years ago
আব্দুল গফ্ফৰ উজ জামান
আব্দুল গফ্ফৰ উজ জামান
দীপক কুমাৰ দাস / নলবাৰী

খেলুৱৈ, ক্ৰীড়া সংগঠক, সমাজ সচেতক আব্দুল গফ্ফৰ উজ জামানক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। অসমৰ ক্ৰীড়া মহলৰ বাবে তেওঁ এক তেনেই চিনাকী নাম। ১৯৫১ চনৰ ৫ ফেব্ৰুৱাৰীত নলবাৰীত জন্ম গ্ৰহণ কৰা জামানে শৈশৱৰ পৰা খেল-ধেমালিৰ সৈতে লগত জড়িত। আজি ৭০ বছৰ বয়সতো তেওঁ এজন যুদ্ধৰত সৈনিকৰ দৰে অসমৰ ক্ৰীড়াৰ উন্নতিৰ হকে অহোপুৰুষাৰ্থ কৰি থকা পৰিলক্ষিত হৈছে। 
 
চিৰতৰুন হৈ থাকিব বিচৰা গফ্ফৰৰ বাবে বয়স মাথো এটা সংখ্যাহে। তেওঁৰ কাম-কাজত কেতিয়াও বয়সৰ চাপ পৰা নাই। ক্ৰীড়াৰ জড়িয়তেই তেওঁ জীৱনটো উপভোগ কৰিব খোজে।
 
১৯৬৪ চনত ইউনাইটেড ক্ৰিকেট ক্লাৱৰ লগত জড়িত হৈ পিছলৈ ক্লাৱটোৰ সম্পাদকৰ দায়িত্ব পালন কৰি ১৯৭৪ চনত নলবাৰী ক্ৰীড়া সন্থাৰ ক্ৰিকেট সম্পাদক হিচাপে নিৰ্বাচিত হয়। এয়াই তেওঁৰ আৰম্ভণি।
 
ইয়াৰ পিছত তেওঁ সাহস, একাগ্ৰতাৰে ক্ৰীড়া জগতৰ এগৰাকী নিষ্ঠাৱান কৰ্মী হিচাপে পিছলৈ ঘুৰি চাবলগীয়া হোৱা নাই। পৰৱৰ্ত্তী পৰ্য্যায়ত ক্ৰীড়া সন্থাৰ বিভিন্ন বিষয়-বাব গ্ৰহন কৰি ১৯৯১-৯৭ বৰ্ষলৈ সভাপতি আৰু ২০০১-২০১২ চনলৈ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব পালন কৰে।
নকলেও হ'ব যে উক্ত সময়ছোৱাত নলবাৰী ক্ৰীড়া সন্থাই এক সুস্থিৰ বাতাবৰণ সৃষ্টি কৰাৰ লগতে খেল আৰু খেলুৱৈ সৃষ্টিত অভূতপূৰ্ব অৰিহনা আগবঢ়াবলৈ সক্ষম হৈছে। ইয়াৰ সুবাদতে তেওঁ অসমৰ কেইবাটাও ৰাজ্যিক ক্ৰীড়া সন্থাৰ লগত জড়িত হৈ ক্ৰীড়া ক্ষেত্ৰলৈ সেৱা আগবঢ়োৱাৰ সুবিধা লাভ কৰিছে। 
 
নেহৰু ষ্টেডিয়ামত ভাৰত-নিউজীলেণ্ডৰ মেচৰ সময়ত
ক্ৰিকেট কমিটিৰ অধ্যক্ষৰ দায়িত্বত থকা গফ্ফৰ উজ জামান(বাঁওফালৰ পৰা প্ৰথমগৰাকী)
 
তেওঁ অসম অলিম্পিক সন্থাৰ উপ সভাপতি, অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি, অসম এথলেটিকছ সন্থাৰ কোষাধক্ষ, অসম ভলীবল সন্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য আদি পদত অধিস্থিত হৈছিল। বৰ্তমান তেওঁ নলবাৰী ক্ৰীড়া সন্থাৰ কাৰ্য্যকৰী সভাপতি পদ অলংকৃত কৰি আছে। ইয়াৰ উপৰিও তেওঁ ১৯৯৩-৯৪ চনত পাটিয়ালাত অনুষ্ঠিত ১৬ বছৰ অনুৰ্ধৰ বিজয় মাৰ্চেন ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অসম দলৰ মেনেজাৰৰ দায়িত্ব পালন কৰিছিল। 
 
উক্ত প্ৰতিযোগিতাত অসমে শক্তিশালী উত্তৰ প্ৰদেশৰ বিৰুদ্ধে চুড়ান্ত বিজয়ী হৈ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই  আনিছিল। একেই বৰ্ষতে ১৬ বছৰ অনুৰ্ধ "মাধৱৰাও সিন্ধিয়া" ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত গফ্ফৰ উজ জামানে মেনেজাৰৰ দায়িত্ব পালন কৰিছিল। 
১৯৯৪-৯৫ চনত গোৱাত অনুষ্ঠিত হোৱা ১৬ বছৰ অনুৰ্ধৰ "বিজয় মাৰ্চেন" ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাতো তেওঁ মেনেজাৰৰ দায়িত্ব পালন কৰে। উক্ত প্ৰতিযোগিতাত দিল্লীৰ বিৰুদ্ধে অসম দল বিজয়ী হৈছিল। ২০০৫-০৬ চনত ইডেন গাৰ্ডেনত অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধ ভিনু মানকাড ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অসম দলে পশ্চিম বংগ আৰু ত্ৰিপুৰাৰ বিৰুদ্ধে বিজয়ী হয়। সেই প্ৰতিযোগিতাখনতো তেওঁ অসম দলৰ মেনেজাৰ আছিল। 
২০০৮-০৯ চনৰ অসম ৰঞ্জী দলৰো তেওঁ মেনেজাৰৰ দায়িত্ব পালন কৰিছিল। হাড়ে হিমজুৱে ক্ৰিকেটক ভাল পোৱা এইগৰাকী ক্ৰীড়া সংগঠকে অসমৰ ক্ৰিকেটৰ উন্নতিৰ হকে যথেষ্ট কাম কৰি থকা দেখা গৈছে। তেওঁৰ মতে অসমত বহুত প্ৰতিভাৱান ক্ৰিকেট খেলুৱৈ আছে। এই সকলক একগোট কৰি উপযুক্ত প্ৰশিক্ষকৰ জৰিয়তে বিজ্ঞান সন্মত ভাৱে দীৰ্ঘকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰিলে অসমৰ ক্ৰিকেট দলেও ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত ভাল ফলাফল ডাঙি ধৰিবলৈ সক্ষম হ'ব। 
 
গুৱাহাটীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত বিভিন্ন দায়িত্ব পালনৰ সময়ত গফ্ফৰ উজ জামান
 
অৱশ্যে খেলুৱৈ সকলৰ একাগ্ৰতা আৰু প্ৰৱল ইচ্ছাশক্তিৰ প্ৰয়োজনীয়তা আছে। ক্ৰিকেট তেওঁৰ প্ৰিয় খেল হলেও সকলো খেলৰ প্ৰতিয়ে তেওঁৰ আছে অযুত ভালপোৱা আৰু উৎসাহ। যাৰ বাবে বিভিন্ন খেলৰ বিভিন্ন পৰ্য্যায়ৰ আন্তঃ জিলা প্ৰতিযোগিতা সমূহত তেওঁ অংশ গ্ৰহন কৰি খেলুৱৈ, কৰ্মকৰ্তা আৰু ক্ৰীড়া সন্থা সমূহক উৎসাহ যোগোৱাৰ লগতে বিভিন্ন প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াই আহিছে। খেলুৱৈ সৃষ্টিয়ে হৈছে তেওঁৰ লক্ষ্য। তেওঁ নিজৰ ঘৰৰ চৌহদতে এসময়ত ক্ৰিকেট পিটচ তৈয়াৰ কৰি চেমনীয়া সকলক ক্ৰিকেটৰ প্ৰশিক্ষণ দিছিল। 
 
তেওঁৰ অনুশীলনতে বহুত খেলুৱৈয়ে ক্ৰিকেটৰ আদিপাঠ গ্ৰহণ কৰিছিল। অসমত এনে কিছু ক্ৰীড়া সংগঠক আছে, যি সকলে কেৱল নিজক প্ৰতিস্থা কৰাৰ লগতে আত্মপ্ৰচাৰৰ স্বাৰ্থতহে ক্ৰীড়াত লাগি থকা পৰিলক্ষিত হৈছে। এই সকলৰ পৰা অসমৰ ক্ৰীড়া কেতিয়াও উন্নতি হ'ব নোৱাৰে। 
কিন্তু, এনে কিছুমান নিষ্ঠাৱান, অক্লান্ত ক্ৰীড়া সংগঠক আছে যি সকলৰ অশেষ ত্যাগ আৰু কষ্টৰ বিনিময়তহে অসমৰ ক্ৰীড়াই এতিয়া ঠন ধৰি উঠিব পাৰিছে। এই সকলৰ ভিতৰত অন্যতম হ’ল আব্দুল গফ্ফৰ উজ জামান, যিয়ে গোটেই জীৱন ক্ৰীড়াৰ নামত উৎসৰ্গা কৰিছে। 
ক্ৰীড়া অবিহনে তেওঁ যেন জীয়াই থকাটোৱে টান হৈ পৰিব। ক্ৰীড়াৰ উন্নতিৰ হকে লাগি থাকি তেওঁ ইতিমধ্যে ৰাজ্য চৰকাৰৰ পৰা স্বীকৃতি হিচাপে এক কালীন সাহাৰ্য পাবলৈ সক্ষম হৈছে। এই স্বীকৃতিয়ে তেওঁক দুগুণ উৎসাহেৰে ক্ৰীড়াৰ লগত লাগি থকাৰ প্ৰেৰণা দিছে। 
 
এইগৰাকী নিষ্ঠাবান ক্ৰীড়া সংগঠক বৰ্তমান অসুস্থ। ক্ৰীড়াৰ উন্নয়নৰ বাবে অনেক পৰিকল্পনা আৰু আশা মনত পুহি ৰখা গফ্ফৰ উজ জামানক লৈ নলবাৰীবাসী আজি গৌৰাৱান্বিত।