মধ্যপ্ৰদেশ: জ্বলন্ত বাছৰ পৰা ১৩ জন যাত্ৰীক উদ্ধাৰ কৰিলে মুছলমান যুৱকে

Story by  atv | Posted by  [email protected] • 3 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
শাজাপুৰ (মধ্যপ্ৰদেশ)
 
মধ্যপ্ৰদেশৰ শাজাপুৰত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত গভীৰ নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ইন্দোৰৰ পৰা গোৱালিয়ৰলৈ গৈ থকা 'ইণ্টাৰ চিটি ট্ৰেভেলছ'ৰ এখন এচি স্লিপাৰ ভ'লভ' বাছত হঠাতে জুই লাগে। এই ভয়াবহ অগ্নিকাণ্ডত এজন চাৰি বছৰীয়া শিশুৱে কৰুণভাৱে প্ৰাণ হেৰুৱায়, আনহাতে বাছৰ খিৰিকী ভাঙি বহু যাত্ৰীক উদ্ধাৰ কৰা হয়।
 
এই ঘটনাটো শাজাপুৰ আৰু মাক্সীৰ মাজৰ গোলৱাৰ ওচৰত সংঘটিত হয়, য’ত বাছখন চাহ আৰু জলপানৰ বাবে এখন হোটেলৰ বাহিৰত ৰৈ আছিল। খবৰ পোৱাৰ পিছত উজ্জয়িনী জিলাৰ তাৰানা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। প্ৰাথমিক তদন্তৰ পৰা অনুমান কৰা হৈছে যে শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাই যাত্ৰীবাহী বাছৰ সুৰক্ষা ব্যৱস্থাৰ গুৰুতৰ গাফিলতিৰ কথা পুনৰবাৰ উদঙাই দিছে।
 
মুছলমান যুৱকৰ অসাধাৰণ সাহসিকতা
 
'হোটেল জৈন পথ'ৰ বাহিৰত ৰৈ থকা ভ'লভ' বাছখন জুইৰ লেলিহান শিখাই গ্ৰাস কৰাৰ লগে লগে ভিতৰত আৱদ্ধ হৈ পৰা যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। তেনে এক সময়ত, যেতিয়া বহু লোকে ভয়তে পিছহুহকি গৈছিল, তাৰানাৰ ছয়জন মুছলমান যুৱক ক্ৰমে ৰিজৱান মনচুৰী, তৌহিদ, অয়ান, ৰাজা, ছুহাইল আৰু আৰ্শানে আনৰ জীৱন ৰক্ষা কৰিবলৈ নিজৰ জীৱনকো বিপদত পেলাইছিল। নিজৰ সুৰক্ষাৰ কথা চিন্তা নকৰি তেওঁলোকে ধোঁৱা আৰু জুইৰ মাজলৈ জপিয়াই পৰে আৰু প্ৰায় ১২ ৰ পৰা ১৩ জন যাত্ৰীক উদ্ধাৰ কৰে।
 
যুৱককেইজনে এজন বন্ধুৰ জন্মদিন উদযাপন কৰিবলৈ তাত সমবেত হৈছিল, কিন্তু ভাগ্যই তেওঁলোকক বাস্তৱ জীৱনৰ নায়ক (হিৰো) বনালে। যি সময়ত সমগ্ৰ স্থানত বিশৃংখলতা আৰু ভয়ে বিৰাজ কৰিছিল, সেই সময়ত এই যুৱকসকলে মানৱতা আৰু নিস্বাৰ্থতাৰ এক উজ্জ্বল উদাহৰণ দাঙি ধৰি থিয় দিছিল।
 
জুই কেনেকৈ বিয়পি পৰিল
 
জানিব পৰা মতে, বাছখনৰ ইঞ্জিনৰ পৰা জুইৰ সূত্ৰপাত ঘটিছিল আৰু ই অতি ক্ষিপ্ৰতাৰে সমগ্ৰ বাহনখনলৈ বিয়পি পৰিছিল। বাছখনৰ সন্মুখৰ ফালে মাত্ৰ এটা হে ওলাই যোৱা পথ (দুৱাৰ) আছিল আৰু জুইৰ শিখাই সেই পথটো পলকতে বন্ধ কৰি দিয়াত বহু যাত্ৰী পিছফালৰ অংশত আৱদ্ধ হৈ পৰে। ভয়ংকৰ ধোঁৱাৰ মাৰ্জিত যাত্ৰীসকলে বাছিবলৈ ওলাই যোৱাৰ পথ বিচাৰি হাবাথুৰি খাইছিল আৰু চিঞঁৰিছিল।

হোটেলৰ নৈশ প্ৰহৰীজনে প্ৰথমে জুই লগা প্ৰত্যক্ষ কৰে আৰু লগে লগে চিঞৰি সকলোকে সজাগ কৰি দিয়ে। স্থানীয় ৰাইজ আৰু হোটেলৰ কৰ্মচাৰীসকলে প্ৰথমতে সন্মুখৰ দুৱাৰেদি যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু কেইমিনিটমানৰ ভিতৰতে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে।
 
জুই লগাৰ খবৰ পোৱাৰ লগে লগে যুৱককেইজন ঘটনাস্থলীলৈ ততাতৈয়াকৈ উপস্থিত হয়। ভিতৰত যাত্ৰীসকল আৱদ্ধ হৈ থকা দেখি ৰিজৱান মনচুৰীয়ে উদ্ধাৰ অভিযানৰ নেতৃত্ব দিয়ে। গোটেই দলটোৱে বাছখনৰ পিছফালে উঠি শিলগুটিৰে খিৰিকী এখন ভাঙি পেলায়। প্ৰচণ্ড জুই আৰু উশাহ বন্ধ হোৱা ধোঁৱাৰ সৈতে যুঁজি তেওঁলোকে এজন এজনকৈ যাত্ৰীক বাহিৰলৈ উলিয়াই আনে।
 
পাছত ৰিজৱান মনচুৰীয়ে সেই ভয়াৱহ অভিজ্ঞতাৰ বৰ্ণনা দি কয়; "আমি যেতিয়া পাইছিলোঁহি, জুই ইতিমধ্যে বহুত বেছিকৈ বিয়পি পৰিছিল। একমাত্ৰ দুৱাৰখন জুইৰ শিখাই আৱৰি ধৰিছিল আৰু মানুহবোৰ পিছফালে আবদ্ধ হৈ আছিল। মই শিলেৰে খিৰিকীখন ভাঙি ভিতৰলৈ সোমাই গ’লোঁ। চাৰিওফালে জুই, ধোঁৱা আৰু অসহ্য উত্তাপ আছিল, কিন্তু জীৱন ৰক্ষা কৰাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল। আমি ছয়জনে মিলি প্ৰায় ১২ ৰ পৰা ১৩ জন মানুহক উদ্ধাৰ কৰিলোঁ। মোৰ হাত পুৰি গৈছিল, কিন্তু আমি থমকি ৰোৱা নাছিলোঁ।"
 
আটাইতকৈ বেদনাদায়ক মুহূৰ্ত
 
উদ্ধাৰ কাৰ্য আৰম্ভ হোৱাৰ প্ৰায় ২০ মিনিটমানৰ পিছত কোনোবাই চিঞৰি উঠিছিল যে বাছখনৰ ভিতৰত এতিয়াও এটা শিশু আৱদ্ধ হৈ আছে। যুৱককেইজন পুনৰ ভিতৰলৈ যাবলৈ সাজু হৈছিল, কিন্তু তেতিয়ালৈকে জুই ইমানেই প্ৰচণ্ড হৈ পৰিছিল যে বাহনখনৰ ভিতৰত সুৰক্ষিতভাৱে প্ৰৱেশ কৰা সম্ভৱ নাছিল। পাছত নিশ্চিত কৰা হয় যে জুইত সোমাই সেই চাৰি বছৰীয়া শিশুটিৰ মৃত্যু হৈছিল। সেই মুহূৰ্তটোৱে উদ্ধাৰকাৰীসকলক অন্তৰৰ পৰা জোকাৰি গৈছিল।
 
যাত্ৰী, হোটেলৰ কৰ্মচাৰী, স্থানীয় বাসিন্দা আৰু প্ৰত্যক্ষদৰ্শীসকলে ৰিজৱান মনচুৰী, তৌহিদ, অয়ান, ৰাজা, ছুহাইল আৰু আৰ্শানে দেখুওৱা সাহসিকতা আৰু মানৱতাৰ ভূয়সী প্ৰশংসা কৰে। ৰাইজে কয় যে এই যুৱকসকলে কেৱল কৰ্তব্যৰ খাতিৰত নহয়, বৰঞ্চ সম্পূৰ্ণ কৰুণা, বিশ্বাস আৰু মানৱতাৰ বাবেহে এই কাম কৰিছিল।
 
স্থানীয় বাসিন্দাসকলে চৰকাৰৰ ওচৰত দাবী জনাইছে যে এই সাহসী যুৱকসকলক চৰকাৰীভাৱে সন্মানিত কৰা হওক আৰু তেওঁলোকৰ এই বীৰত্বপূৰ্ণ কাৰ্যক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি দিয়া হওক, যাতে সাহসিকতা আৰু মানৱতাৰ এনে উদাহৰণে সমাজক সদায় অনুপ্ৰাণিত কৰি থাকে।