১৫ খন নথি দিয়াৰ পিছতো ভাৰতীয় বুলি প্ৰমাণ নহ'ল এগৰাকী অসমৰ ব্যক্তি

Story by  atv | Posted by  [email protected] • 3 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
বিদেশী ন্যায়াধীকৰণে অসমৰ এগৰাকী ব্যক্তিক বিদেশী বুলি ৰায় দিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়েও সেই ৰায়টোকে বাহাল ৰখা পৰিলক্ষিত হৈছে। ব্যক্তিগৰাকীয়ে নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিবলৈ ১৫ খন বেলেগ বেলেগ নথি-পত্ৰ জমা দিছিল। কিন্তু মঙলবাৰে উচ্চ ন্যায়ালয়ে দিনহাজিৰা কৰা এই শ্ৰমিকজনৰ আবেদনখন খাৰিজ কৰে। আদালতে কয় যে তেওঁ দিয়া প্ৰমাণবোৰ আইনমতে গ্ৰহণযোগ্য নহয় অথবা নাগৰিকত্ব প্ৰমাণ কৰিবলৈ যথেষ্ট নহয়।
 
গুৱাহাটীৰ ওচৰত ভাড়াঘৰত থকা এই আবেদনকাৰীজনে নথি-পত্ৰৰ ডাঙৰ প্ৰমাণ দিছিল আৰু তেওঁৰ পিতৃয়ে মুখেৰেও সাক্ষী দিছিল। তেওঁ জমা দিয়া নথিবোৰৰ ভিতৰত আছিল: ১৯৫১ চনৰ এনআৰচি (NRC) য’ত তেওঁৰ পিতৃ আৰু ককা-আইতাৰ নাম আছিল, ১৯৬৬ চনৰ পৰা পুৰণি কেইবাখনো ভোটাৰ তালিকা, ২০১৭ চনৰ স্কুল চাৰ্টিফিকেট, পেন কাৰ্ড আৰু ভোটাৰ কাৰ্ড। পিতৃয়ে মুখেৰে সাক্ষী দি কৈছিল যে তেওঁলোক একেটা পৰিয়ালৰে মানুহ।
 
আইনী প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণ সমাপ্ত হোৱা নাই বাবেই প্ৰতিবেদনটোত ব্যক্তিগৰাকী নাম উল্লেখ কৰা নাই।
 
ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ ছামীমা জাহানৰ আদালতে ৰায় দিয়ে যে কোনো এখন কাগজেও আবেদনকাৰীজনক তেওঁৰ ককা বা দেউতাকৰ সৈতে সম্পূৰ্ণৰূপে সংযোগ কৰিব নোৱাৰিলে। আদালতে কয় যে 'বিদেশী আইন, ১৯৪৬'-ৰ ৯ নম্বৰ ধাৰা অনুসৰি নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰাৰ যি দায়িত্ব, তাত আবেদনকাৰীজন ব্যৰ্থ হৈছে।
 
ব্যক্তিগৰাকীয়ে বিদেশী ন্যায়াধীকৰণত যি ১৫ খন নথি দিছিল, তাৰ ভিতৰত আছিল ১৯৫১ চনৰ এনআৰচিৰ কম্পিউটাৰৰ পৰা উলিওৱা প্ৰতিলিপি আৰু ১৯৯৬ চনৰ পৰা ২০১৭ চনলৈকে পৰিয়ালৰ নাম থকা ভোটাৰ তালিকা।
 
ইয়াৰ উপৰিও তেওঁ ১৯৭৩ চনত ককাকে কিনা মাটিৰ দলিল, ১৯৯৯ চনত পঢ়া হাশ্দোবা আঞ্চলিক উচ্চ বিদ্যালয়ৰ ২০১৭ চনৰ চাৰ্টিফিকেট, পেন কাৰ্ড আৰু ভোটাৰ কাৰ্ড দিছিল।
 
নথি-পত্ৰ মতে, মানুহজনৰ জন্ম ১৯৮৮ চনত হৈছিল। তেওঁ গুৱাহাটীৰ বৰবৰীত ভাড়াঘৰত থাকি দিনহাজিৰা কৰে।
 
তেওঁ জনাইছিল যে নদীৰ খহনীয়াত ঘৰ-মাটি যোৱাৰ বাবে তেওঁলোকৰ পৰিয়াল 'চৰাই খচৰা' গাঁৱৰ পৰা 'ধোবাকুৰা'লৈ, তাৰ পিছত 'ঘুগুডোবা'লৈ আৰু অৱশেষত 'হাশ্দোবা'লৈ যাবলগীয়া হৈছিল। তেওঁ ১৯৯৯ চনত হাশ্দোবা স্কুলত পঞ্চম শ্ৰেণীত পঢ়িছিল। এই কথা সঁচা বুলি প্ৰমাণ কৰিবলৈ তেওঁ আৰু তেওঁৰ পিতৃয়ে মুখেৰেও সাক্ষীও দিছিল।
 
কিন্তু আদালতে তেওঁ দিয়া ১৫ খন নথি-পত্ৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ১৯৫১ চনৰ এনআৰচিৰ কাগজখন আইনমতে গ্ৰহণ কৰিব নোৱাৰি বুলি নাকচ কৰিলে।
 
অসমত ১৯৫১ চনৰ লোকপিয়লৰ পিছত এনআৰচি তৈয়াৰ কৰা হৈছিল। ইয়াৰ পিছত ২০১৯ চনত আকৌ নতুন এনআৰচি প্ৰকাশ কৰা হয়। এই নতুন এনআৰচিত নাম অন্তৰ্ভুক্ত কৰিবলৈ মানুহে ১৯৫১ চনৰ এনআৰচি বা ১৯৭১ চনৰ আগৰ পুৰণি কাগজৰ সৈতে নিজৰ সম্পৰ্ক দেখুৱাব লাগিছিল। অবৈধ বিদেশী চিনাক্ত কৰিবলৈ এই কাম কৰা হৈছিল।
 
উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধীকৰণৰ কথাত সন্মতি জনাই কয় যে "১৯৫১ চনৰ এনআৰচিৰ যিখন কাগজ দিয়া হৈছিল, সেয়া আছিল কম্পিউটাৰৰ পৰা উলিওৱা এটা ফটোকপি, যিটো আইনগতভাৱে প্ৰমাণ কৰা হোৱা নাই"।
 
কাগজখনত 'DLDD Version 6.0' বুলি লিখা আছিল, যিটো এনআৰচিৰ কামত কম্পিউটাৰৰ পৰা উলিওৱা কাগজত থাকে।
 
আদালতে জনালে যে 'প্ৰমাণ আইন' অনুসৰি কম্পিউটাৰৰ কাগজ সঁচা বুলি প্ৰমাণ কৰিবলৈ যিটো প্ৰমাণপত্ৰ লাগে, সেইটো এই কাগজখনৰ লগত নাছিল। গতিকে ইয়াৰ কোনো আইনী মূল্য নাই।
 
তদুপৰি, 'লোকপিয়ল আইন, ১৯৪৮' অনুসৰি লোকপিয়লৰ ৰেকৰ্ড বা এনআৰচিৰ তথ্য আদালতত বাসস্থানৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি। ইয়াৰ ফলত তেওঁ যে সেই পৰিয়ালৰে সন্তান, সেই কথাটো প্ৰমাণ নোহোৱা হৈ পৰিল।
 
এনআৰচিৰ উপৰিও আন ৪ খন গুৰুত্বপূৰ্ণ কাগজ আদালতে নাকচ কৰিলে:
 
১/ ২০১৭ চনৰ স্কুলৰ চাৰ্টিফিকেটখন নাকচ হ’ল, কাৰণ যিজন প্ৰধান শিক্ষকে এইখন দিছিল তেওঁক আদালতত সাক্ষী হিচাপে হাজিৰ কৰা নহ’ল। স্কুলৰ নামভৰ্তি পঞ্জীখনো দেখুওৱা নহ’ল।
 
২/ ১৯৭৩ চনৰ মাটি কিনাৰ দলিলখনো নাকচ হ’ল, কাৰণ ককাকৰ সেই মাটিখন পিছলৈ তেওঁলোকৰ পৰিয়ালে কেনেকৈ পালে তাৰ কোনো স্পষ্ট প্ৰমাণ নাছিল।
 
আদালতে কয় যে মাটি যদি আছিলেই, তেন্তে দেউতাকৰ নামলৈ মাটিখন কিয় নাহিল বা দেউতাকে মাটিৰ অংশ এৰি দিছিল নেকি, তাৰ কোনো চৰকাৰী ৰেকৰ্ড দেখুৱাব পৰা নাই।
 
৩/ আৰু ৪/ পেন কাৰ্ড আৰু ভোটাৰ কাৰ্ডখনো আদালতে নাকচ কৰিলে, কাৰণ আইনমতে এইবোৰ কেতিয়াও 'নাগৰিকত্বৰ প্ৰমাণ' হ’ব নোৱাৰে।
 
আদালতে তেওঁ দিয়া ভোটাৰ তালিকাবোৰতো বহুতো ডাঙৰ অমিল বিচাৰি পাইছিল। যেনে: ১৯৭৯ চনৰ ভোটাৰ তালিকাত পৰিয়ালৰ এজন সদস্যৰ বয়স আছিল ২৫ বছৰ, কিন্তু ঠিক ১০ বছৰ পিছত অৰ্থাৎ ১৯৮৯ চনৰ তালিকাত তেওঁৰ বয়স দেখুওৱা হ’ল ২৯ বছৰ।
 
তদুপৰি, ভোটাৰ তালিকাত এনে কিছুমান অচিনাকী মানুহৰ নাম আছিল, যিসকল তেওঁলোকৰ পৰিয়ালৰ মানুহ হয় বুলি কোনো লিখিত প্ৰমাণ বা যুক্তি নাছিল।
 
আটাইতকৈ ডাঙৰ কথাটো হ’ল, তেওঁলোকৰ পৰিয়ালৰ নাম ধোবাকুৰা, ঘুগুডোবা আৰু হাশ্দোবা। এই তিনিখন বেলেগ বেলেগ গাঁৱৰ ভোটাৰ তালিকাত পোৱা গৈছিল, কিন্তু এই গাঁও কেইখনৰ মাজত তেওঁলোকৰ কি সম্পৰ্ক আছিল তাৰ কোনো বিশ্বাসযোগ্য প্ৰমাণ নাছিল। আদালতৰ মতে এই তিনিখন ঠাইৰ পৰিয়ালবোৰ সম্পূৰ্ণ বেলেগ আছিল, গতিকে ১৯৬৬ চনৰ আগৰ পৰা তেওঁলোকৰ বংশাৱলী একেটাই হয় বুলি ধৰি ল’ব নোৱাৰি।
 
এইবোৰ অমিলৰ বাবেই বিদেশী ন্যায়াধীকৰণ আৰু উচ্চ ন্যায়ালয়ে ভোটাৰ তালিকাবোৰ বিশ্বাসযোগ্য নহয় বুলি নাকচ কৰিলে।
 
কেৱল দেউতাকে মুখেৰে দিয়া সাক্ষীও যথেষ্ট নাছিল। উচ্চ ন্যায়ালয়ে স্পষ্টকৈ ক’য় যে নাগৰিকত্বৰ দৰে ডাঙৰ কথা কেৱল মুখেৰে কোৱা কথাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰমাণ কৰিব নোৱাৰি, ইয়াৰ বাবে চৰকাৰী ৰেকৰ্ড বা কাগজ লাগিবই।
 
আনকি, পেন কাৰ্ডত মানুহজনৰ জন্মৰ বছৰ ১৯৮৮ বুলি লিখা আছিল, কিন্তু দেউতাকে কোৱা কথাৰ লগত সেইটো মিলা নাছিল। তদুপৰি, জেৰা কৰাৰ সময়ত দেখা গ’ল যে ১৯৭০ চনৰ ভোটাৰ তালিকাত থকা দেউতাকৰ নামটোৰ লগত ২০১৫ চনৰ তালিকাত থকা মানুহজনৰ মিল নাই, অৰ্থাৎ তেওঁ এজন বেলেগ মানুহহে আছিল।
 
গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় দিয়ে যে বিদেশী ন্যায়াধীকৰণৰ আদেশত কোনো ভুল বা বেআইনী কথা হোৱা নাই। আবেদনকাৰীজনে ন্যায়াধীকৰণৰ ৰায়টোত কোনো ত্ৰুটি উলিয়াব নোৱাৰিলে।
 
সমগ্ৰ গোচৰটো ভালদৰে পৰীক্ষা কৰাৰ পিছত আদালতে ক’লে যে এই ৰায়টো আইনগতভাৱে বা তথ্যগতভাৱে ভুল বুলি ধৰিবলৈ কোনো কাৰণ নাই। আবেদনকাৰীৰ উকীলেও ৰায়টোত কোনো ভুল দেখুৱাব নোৱাৰিলে। শেষত আদালতে আবেদনখন খাৰিজ কৰিলে আৰু মানুহজন ভাৰতীয় নাগৰিক নহয় বুলি ৰায় দিলে। অৰ্থাৎ, ১৫ খন নথি আৰু মুখেৰে সাক্ষী দিয়াৰ পিছতো আইনী ত্ৰুটি আৰু অমিল থকাৰ বাবে মানুহজন ভাৰতীয় নহয়, 'বিদেশী' বুলি প্ৰমাণিত হ’ল।