নতুন দিল্লী
পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আশিস বেনাৰ্জীৰ ৰহস্যজনক ভাবে মৃত্যু হৈছে। এই চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ ৰাজ্যখনৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য মতে , দলীয় কাৰ্যালয়ত আশিস বেনাৰ্জীক নিথৰ হৈ পৰি থকা অৱস্থাত প্ৰথমতে স্থানীয় দলীয় কৰ্মীসকলে প্ৰত্যক্ষ কৰে। লগে লগে আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ইপিনে বেনাৰ্জীৰ মৃত্যু আকস্মিক হৃদৰোগৰ ফলত হৈছিল নে ইয়াৰ অন্তৰালত কোনো ৰহস্যজনক কাৰণ আছে, সেই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। লগতে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এখন ছুইছাইড নোটো উদ্ধাৰ কৰিছে।
আনহাতে, ৰামপুৰহাট বিধানসভা সমষ্টিৰ পৰা TMCৰ ৫বাৰৰ বিধায়ক আছিল বেনার্জী। পশ্চিমবংগ বিধানসভাৰ উপাধ্যক্ষৰ দায়িত্ব চম্ভালাৰ উপৰিও তেওঁ পূৰ্বে ৰাজ্যখনৰ কৃষি আৰু শিক্ষা বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল।
উল্লেখযোগ্য যে, স্থানীয় আৰক্ষী প্ৰশাসনে সমগ্ৰ দলীয় কাৰ্যালয়টো ছীল কৰি তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তুলিছে। কাৰ্যালয়ৰ আশে-পাশে থকা চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদনলৈ অপেক্ষা কৰা হৈছে। জ্যেষ্ঠ নেতাগৰাকীৰ এনে আকস্মিক আৰু ৰহস্যজনক মৃত্যুক লৈ তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে। বিৰোধী দলসমূহেও সমগ্ৰ ঘটনাটোৰ এক নিৰপেক্ষ আৰু গভীৰ তদন্তৰ দাবী উত্থাপন কৰিছে।