পুনৰ দিল্লীত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা; আৰক্ষীৰ জালত আইএছআই সৈতে জড়িত ৪ যুৱক

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
দিল্লী আৰক্ষীৰ বিশেষ কোষে আইএছআই পৃষ্ঠপোষকতাত চলি থকা এক আন্তঃৰাজ্যিক সন্ত্ৰাসবাদী আৰু অস্ত্ৰ সৰবৰাহ নেটৱৰ্কৰ চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি, গ্ৰেপ্তাৰ হোৱা চাৰিজনৰ ভিতৰত তিনিজন পঞ্জাবৰ আৰু এজন দিল্লীৰ বাসিন্দা। তেওঁলোকে দিল্লীত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে।
 
গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকল হৈছে শুভদীপ সিং, গুৰজণ্ট সিং, সাজন সিং আৰু গগনপ্ৰীৎ। আৰক্ষীৰ অভিযোগ অনুসৰি, পাকিস্তানস্থিত আইএছআই হেণ্ডলাৰ শাহজাদ ভট্টী আৰু তেওঁৰ সহযোগীসকলৰ নিৰ্দেশত এই ৪ যুৱকে কাম কৰি আছিল। নিজৰ পৰিচয় গোপন ৰাখিবলৈ অভিযুক্তসকলে বিদেশী নম্বৰ ব্যৱহাৰ কৰিছিল। এই নম্বৰসমূহ পাকিস্তানী হেণ্ডলাৰসকলে যোগান ধৰিছিল।
 
ইফালে, দিল্লী আৰক্ষীয়ে অভিযুক্তসকলৰ পৰা দুটা বিদেশী পিষ্টল, নটা সজীৱ কাৰ্টিজ আৰু পাঁচটা মোবাইল ফোন জব্দ কৰে। তদন্তত পোহৰলৈ আহিছে যে, গগনপ্ৰীৎক দিল্লীৰ আৰক্ষী প্ৰতিষ্ঠান আৰু ধৰ্মীয় স্থানসমূহৰ ৰেকি কৰাৰ দায়িত্ব দিয়া হৈছিল। ইয়াৰ উপৰিও, দিল্লীত গুলীচালনাৰ ঘটনা সংঘটিত কৰাৰ নিৰ্দেশো তেওঁ লাভ কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।