কেটালিনা, নৰ্থ চেনেলৰ পিছত এইবাৰ ইংলিছ চেনেল-ভাৰতৰ পশ্চিম উপকূল জয় কৰিবলৈ সাজু এলভিছ আলী হাজৰিকা

Story by  atv | Posted by  [email protected] • 1 Years ago
এলভিছ আলী হাজৰিকা
এলভিছ আলী হাজৰিকা
ইমতিয়াজ আহমেদ/গুৱাহাটী
 
জনপ্ৰিয় প্ৰবাদ এটাত কোৱা হৈছে 'এবাৰ সাপে কামুৰিলে, কেঁচুলৈকো ভয়'। কিন্তু, অসমৰ দৃঢ় প্ৰতিজ্ঞ চেনেল সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ বাবে ইয়াৰ অৰ্থ অন্য ধৰণৰ। তেওঁৰ বাবে ইয়াৰ অৰ্থ হ’ল, 'এবাৰ দংশন কৰিলে, দুগুণ সংকল্পবদ্ধ' হোৱা। 
 
জেলিফিছ আৰু নৰ্থ চেনেলৰ ঠাণ্ডা পানীৰ প্ৰত্যাহ্বান নেওচি শেহতীয়াকৈ সফলতাৰে সাঁতুৰ সম্পূৰ্ণ কৰা হাজৰিকাই এতিয়া ২০২৩ চনৰ মাজভাগত ইংলিছ চেনেল পাৰ হোৱাৰ সংকল্প লৈছে। ইয়াৰ পিছতে তেওঁৰ লক্ষ্য হ’ব আৰৱ সাগৰত সাতুৰা। ইয়াৰ অংশ হিচাপে এলভিছে ২০২৩ চনৰ ডিচেম্বৰ মাহত গুজৰাটৰ পৰা গোৱালৈ তিনিখন ৰাজ্য সাঙুৰি আৰৱ সাগত অভিযান চলাব। ইয়াৰ বাবে তেওঁ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে।
"মই ২০২৩ চনৰ জুন মাহৰ শেষৰ ফালে পুনৰ এবাৰ ইংলিছ চেনেল সাঁতুৰিবলৈ এটা স্লট বুক কৰিছো। এই সাঁতুৰটো দুমুখীয়া হ'ব--যোৱা আৰু ঘূৰি অহা। এইটো এটা ৰিলে আৰু আমি এই প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছো," হাজৰিকাই ‘আৱাজ দ্য ভইচ’ক কয়। উল্লেখ্য যে, ইংলিছ চেনেল সাতুৰিবলৈ এয়া তেওঁৰ দ্বিতীয়টো প্ৰয়াস হ’ব। ২০১৮ চনত তেওঁ প্ৰথম প্ৰয়াসত ব্যৰ্থ হৈছিল। 
৪০ বছৰ বয়সত ২১ ছেপ্টেম্বৰত সফলতাৰে নৰ্থ চেনেল পাৰ হোৱা আটাইতকৈ বয়োজেষ্ঠ ব্যক্তি হোৱাৰ পিছত এলভিছে এইবাৰ ইংলিছ চেনেলত সফল হ'ব বুলি আত্মবিশ্বাসী হৈ আছে।
 
"২০১৬ চনৰ পৰা মই চেনেল আৰু সাগৰীয় সাঁতোৰ কৰি আছো। নৰ্থ চেনেল সাঁতোৰাতো এতিয়ালৈকে মোৰ আটাইতকৈ কঠিন প্ৰত্যাহ্বান আছিল। নৰ্থ চেনেলৰ সফলতাই মোৰ আত্মবিশ্বাস দুগুণ কৰিছে। এতিয়া মোৰ বাবে, বয়স মাত্ৰ এটা সংখ্যা। যেতিয়া আপুনি দৃঢ় প্ৰতিজ্ঞ হয়, একোৱেই আপোনাক বাধা দিব নোৱাৰে," তেওঁ কয়। 
 
সাঁতোৰ সম্পূৰ্ণ কৰি এলভিছ আলী হাজৰিকা (ফাইল ফটো)
নৰ্থ চেনেলত তেওঁ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে সোধাত এলভিছে এইদৰে কয়: "পানীৰ তাপমাত্ৰা সদায় ১০ ডিগ্ৰী চেণ্টিগ্ৰেডৰ তলত ঠাণ্ডা হৈ আছিল। ইংলিছ চেনেল বা মই সাঁতুৰি যোৱা আন জলভাগৰ দৰে নহয়। ইংলিছ চেনেলৰ উষ্ণতা প্ৰায়ে ১০ৰ পৰা ১২ ডিগ্ৰীৰ ভিতৰত থাকে। কেটালিনা চেনেল (আমেৰিকা)তো, যিটো মই সফলতাৰে সাঁতুৰি পাৰ হৈছো”  একেধৰণৰ পৰিৱেশ আছিল।
“নৰ্থ চেনেলত নমাৰ লগে লগে বিদ্যুৎস্পৃষ্ট হোৱাৰ দৰে অনুভৱ হৈছিল। প্ৰায় এঘণ্টাৰ ভিতৰতে আমাৰ হাত-ভৰি আৰু মূৰটো বৰফৰ দৰে হৈ গৈছিল। ইয়াৰ উপৰিও গভীৰ সাগৰত মোৰ যাত্ৰাপথত আছিল বিশাল জেলিফিছ আৰু জাহাজৰ লেন, যাৰ বাবে মই প্ৰায় ৬ কিলোমিটাৰ দূৰত্ব অতিৰিক্তকৈ সাঁতুৰিবলগীয়া হৈছিল। মোৰ পিঠি আৰু ভৰি দুবাৰ জেলিফিছে দংশন কৰিছিল। সেয়া আছিল অতি কষ্টদায়ক আৰু বিৰক্তিকৰ। কিন্তু, শেষত লাভ কৰা সফলতাই মোক সকলো কষ্ট পাহৰিবলৈ বাধ্য কৰালে আৰু ইংলিছ চেনেল পাৰ হোৱাৰ সংকল্প দুগুণ কৰি তুলিলে।” হাজৰিকাই লগতে কয় যে সাঁতোৰৰ সময়ত তেওঁ ডলফিনৰো সন্মুখীন হ’বলগীয়া হৈছিল।
৪০ বছৰৰ ওপৰৰ বয়সত এনে দুঃসাহসিক অভিযান হাতত লোৱাৰ প্ৰেৰণা ক’ৰ পৰা পায় বুলি সোধাত এলভিছে কয় যে তেওঁ নিজৰ মাতৃক সন্তুষ্ট কৰিবলৈ সফলতাৰ শিখৰ চুব খোজে। "অসম ৰাজ্যৰ বাবে সাঁতোৰত প্ৰায় সকলোখিনি অৰ্জন কৰিছো। কিন্তু, মই ২০০১ চনত অৰ্জুন বঁটাৰ পৰা বঞ্চিত হৈছিলোঁ। সেই সময়ত মোৰ সকলো সতীৰ্থ যেনে নিশা মিলেট আদিক অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল। ছুইমিং পুলত দপদপাই থকাৰ সময়ত মোক মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু অন্যান্য ৰাজ্যই তেওঁলোকৰ হৈ খেলিবলৈ বহুবাৰ আমন্ত্ৰণ জনাইছিল। কিন্তু, মই কেৱল মোৰ জন্মভূমি অসমৰ হৈ প্ৰতিনিধিত্ব কৰি সেই সকলো শক্তিশালী ৰাজ্যক প্ৰত্যাহ্বান জৱোনাৰ সিদ্ধান্ত লৈছিলো। কিন্তু, মোৰ মা খুব হতাশ হৈছিল কাৰণ মই অৰ্জুনৰ পৰা বঞ্চিত হৈছিলোঁ”।
 

সাঁতোৰৰ সময়ত এলভিছ আলী হাজৰিকা
"সেয়েহে, মোক ভাৰতীয় ছুইমিং ফেডাৰেশ্যনে দুঃসাহসিক ক্ৰীড়াৰ টেনজিং নৰ্গে বঁটাৰ বাবে প্ৰতিদ্বন্দিতা কৰিবলৈ পৰামৰ্শ দিছিল আৰু মই চেনেল সাঁতোৰৰ ক্ষেত্ৰখনক বাচি লৈছিলো। যদি মই একেৰাহে তিনি বছৰত কৃতিত্ব অৰ্জন কৰিব পাৰো, তেন্তে মই এই সন্মানীয় পুৰস্কাৰৰ বাবে আবেদন কৰিব পাৰো," তেওঁ এক বাৰ্তালাপত কয়।
উল্লেখ্য যে, যদি তেওঁ ইংলিছ চেনেল সফলতাৰে সাতুৰিবলৈ সক্ষম হয়, তেন্তে অহা বছৰৰ ডিচেম্বৰত তিনিখন ৰাজ্য, ক্ৰমে গুজৰাট, মহাৰাষ্ট্ৰ আৰু গোৱাৰ, মাজেৰে আৰৱ সাগৰৰ উপকূল সাঁতুৰিবলৈ এটা ছয় জনীয়া দলৰ অংশ হোৱাৰ পৰিকল্পনা কৰিছে।
"তিনিখন ৰাজ্যৰ সাঁতোৰ মোৰ জীৱনৰ আটাইতকৈ কঠিন দুঃসাহসিক অভিযান হ'ব। নিৰ্দিষ্ট প্ৰসাৰত আৰৱ সাগৰ সাঁতোৰবিদসকলৰ বাবে সম্পূৰ্ণৰূপে বিপদজনক। মোৰ মা, মোৰ পত্নী প্ৰণামী আৰু আমাৰ পৰিয়ালৰ লোকে মোৰ এই প্ৰস্তাৱিত দুঃসাহসিক অভিযানক সমৰ্থন জনোৱা নাই। কিন্তু, মই দৃঢ়প্ৰতিজ্ঞ। মই জানো, মই সেই সাঁতোৰৰ বাবে দুগুণ পৰিশ্ৰম কৰিব লাগিব আৰু উন্নত প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব," এলভিছে ‘আৱাজ-দ্য ভইচ’ক কয়। 
পত্নী-পুত্ৰৰ সৈতে সাঁতোৰবিদ এলভিছ আলী হাজৰিকা
এনে ধৰণৰ অভিযানৰ বাবে বিত্তীয় পৰিমাণ এক বাধা বুলি উল্লেখ কৰাত এলভিছে এইদৰে কয়, "হয়, এইটো সম্পূৰ্ণৰূপে সঁচা কথা। প্ৰতিটো চেনেল সাঁতোৰৰ বাবে মোক প্ৰায় ₹৯-১০ লাখৰ প্ৰয়োজন হয়। বেছিভাগ সময়তে মই মোৰ নিজৰ পৰা প্ৰাথমিক বুকিং আদিৰ বাবে ধন ভৰিব লগা হয়। কিন্তু, মোৰ শুভাকাংক্ষীসকলেও কেতিয়াবা সমৰ্থন কৰিবলৈ আগবাঢ়ি আহে। উদাহৰণ স্বৰূপে, অসম অলিম্পিক সংস্থাই মোক নৰ্থ চেনেল সাঁতোৰৰ বাবে ভ্ৰমণৰ টিকট প্ৰদান কৰিছিল আৰু এছ এম ডেভেলপাৰছে মোক অন্যান্য ব্যয়ৰ বাবে আৰ্থিকভাৱে সহায় কৰিছিল। তেওঁলোকৰ উদাৰতাৰ বাবে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ।" এলভিছে কয় যে তেওঁ এতিয়ালৈকে তেওঁৰ দুঃসাহসিক অভিযানৰ সমৰ্থনৰ বাবে ৰাজ্য চৰকাৰক একো বিচৰা নাই।
উল্লেখ্য যে, নৰ্থ চেনেলৰ পূৰ্বে এলভিছে ২০১৯ চনত উচ্চ বিপদাশংকা থকা তিমি-চাৰ্ক-চীল-ডলফিনেৰে ভৰি থকা কেটালিনা চেনেল (আমেৰিকা যুক্তৰাষ্ট্ৰ) সাতুঁৰি পাৰ হৈছিল। তাৰ পিছত তেওঁ মহামাৰী-পীড়িত ২০২০ আৰু ২০২১ চনত মুম্বাই উপকূলত আৰৱ সাগৰ সাঁতুৰিছিল।
মাত্ৰ সাত বছৰ বয়সতে প্ৰতিযোগিতামূলক সাঁতোৰ আৰম্ভ কৰা প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদজনে কেৰিয়াৰত প্ৰায় ২৩ টা ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিছিল আৰু আন্তৰ্জাতিক ক্ষেত্ৰত ২০ টাকে ধৰি প্ৰায় ৬৮ টা পদক লাভ কৰিবলৈ সক্ষম হৈছিল।