ভাৰতীয় ক্ৰীড়াৰ এক বৰ্ণিল অধ্যায়ৰ সমাপ্তি; অৱসৰ ল’লে বেডমিণ্টন তাৰকা ছাইনা নেহৱালে
নতুন দিল্লী
অৱসৰ ল’লে ছাইনা নেহৱালে। ভাৰতৰ বাবে বেডমিণ্টনত প্ৰথমটো অলিম্পিক পদক কঢ়িয়াই অনা ছাইনা নেহৱালে আৰু হাতত ৰেকেট লৈ ক’ৰ্টত নানামে। দীৰ্ঘদিন ধৰি আঁঠুৰ আঘাতৰ সৈতে যুঁজি থকাৰ পিছত আজি অৱশেষত ক্ৰীড়া জগতক বিদায় জনালে তাৰকা খেলুৱৈগৰাকীয়ে।
২০২৩ চনত নিজৰ কেৰিয়াৰৰ অন্তিমখন মেচ খেলিছিল ছাইনাই। তেতিয়াৰ পৰাই তাৰকাগৰাকী ক’ৰ্টৰ পৰা আঁতৰি আছিল। বৰ্তমানৰ শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আজি তেওঁ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্বৰ এক নম্বৰ বেডমিণ্টন খেলুৱৈগৰাকীয়ে এটা প’ডকাষ্টত অৱসৰৰ কথা ঘোষণা কৰে।
ছাইনাই কয়, “যোৱা দুবছৰ ধৰি মই বেডমিণ্টন এৰি দিছো। আচলতে মই এই খেলখন নিজৰ ইচ্ছামতে আৰম্ভ কৰিছিলো, নিজৰ ইচ্ছামতে এৰি দিম। তাৰ বাবে পৃথক অৱসৰ ঘোষণা কৰাৰ প্ৰয়োজন নাই। যদি মই উপলব্ধি কৰো যে মই আৰু খেলিব নোৱাৰো, তেন্তে সেয়াই হ’ব। ইয়াতেই শেষ হ’ব লাগে। সেইটোৱেই আটাইতকৈ ভাল।”
ছাইনাই প’ডকাষ্টটোত কয় যে মূলতঃ আঘাতৰ বাবেই তেওঁ নিজৰ কেৰিয়াৰ শেষ কৰিবলৈ বাধ্য হৈছিল। চিকিৎসাৰ সবিশেষ দাঙি ধৰি তেওঁ কয়, “মোৰ কাৰ্টিলেজ সম্পূৰ্ণৰূপে বেয়া হৈ গৈছে। আৰ্থাৰাইটিছ আছে। মই মোৰ পিতৃ-মাতৃ আৰু প্ৰশিক্ষক সকলোকে জনাই দিছো। মই কৈছো, মই হয়তো আৰু খেলিব নোৱাৰিম। সকলো বৰ কঠিন হৈ পৰিছে। কিন্তু মই হঠাতে অৱসৰৰ কথা ঘোষণা কৰিব বিচৰা নাছিলো। মই মাত্ৰ বুজিলোঁ যে মোৰ আঁঠু দুটাই মোক আগৰ দৰে সমৰ্থন কৰা নাই। বিশ্বৰ শ্ৰেষ্ঠ হ’বলৈ হ’লে অন্ততঃ আঠৰ পৰা ন ঘণ্টা অনুশীলন কৰিব লাগিব। সেইক্ষেত্ৰত মই দুঘণ্টাতে ৰৈ গৈছিলোঁ।”
২০০৫ চনত মাত্ৰ ১৫ বছৰ বয়সতে ছাইনাৰ কেৰিয়াৰ আৰম্ভ হৈছিল। বহুদিন ধৰি ভাৰতীয় বেডমিণ্টনৰ ৰাণীৰ খিতাপ তেওঁৰ শিৰত আছিল। ২০১০ চনত কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিছিল ছাইনাই। দুবছৰৰ পিছত ২০১২ চনৰ অলিম্পিকত বেডমিণ্টনত ব্ৰঞ্জৰ পদক লাভ কৰে। বেডমিণ্টনত অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।
ইয়াৰ উপৰি ছাইনাই বিশ্ব চেম্পিয়নশ্বিপত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ২০১৮ চনৰ কমনৱেলথ গেমছত সোণৰ পদক আৰু এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। জুনিয়ৰ পৰ্যায়ত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল ছাইনাই।
অৱশ্যে ২০১৬ চনৰ ৰিঅ’ অলিম্পিকৰ পিছৰে পৰা আঁঠুৰ আঘাতৰ বাবে জুৰুলা হৈ পৰিছিল ছাইনা। লাহে লাহে তেওঁৰ ফৰ্ম হেৰাই গৈছিল। এতিয়া ছাইনাই ঘোষণা কৰিলে যে তেওঁ বেডমিণ্টন ক’ৰ্টক চিৰবিদায় দিছে।