অসমৰ ধ্ৰুপদ কাশ্যপৰ ষষ্ঠ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ খিতাপ দখল

Story by  atv | Posted by   Imtiaz Ahmed • 7 Months ago
বিশিষ্ট অতিথিৰ সৈতে বিজয়ীসকল
বিশিষ্ট অতিথিৰ সৈতে বিজয়ীসকল
গুৱাহাটী

গুৱাহাটীৰ পানীখাইটিত অৱস্থিত অসম ডাউন টাউন ইউনিভাৰ্চিটি অডিটৰিয়ামত ৯ৰ পৰা ১৪ জুলাই,২০২৪ তাৰিখলৈ দবা খেলুৱৈ অভিভাৱক মঞ্চৰ উদ্যোগত আয়োজিত ষষ্ঠ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা-২০২৪ত অসমৰ ধ্ৰুপদ কাশ্যপে খিতাপ দখল কৰে।

ধ্ৰুপদে  ৯ ৰাউণ্ডৰ পৰা ৮.৫ পইণ্ট সংগ্ৰহ কৰি সমগ্ৰ প্ৰতিযোগিতাখন অপৰাজিত হৈ থাকে। নৱম আৰু অন্তিম ৰাউণ্ডত ধ্ৰুপদে পুডুচেৰীৰ উমাশংকৰ এক পৰাস্ত কৰে। অন্ধ্ৰপ্ৰদেশৰ কুশল অ’ আৰু তামিলনাডুৰ অনুপ শংকৰ আৰ দুয়োজনে  ৭.৫ পইণ্ট লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।  

পুডুচেৰীৰ উমাশংকৰ এ, বিহাৰৰ কুমাৰ গৌৰৱ, ঝাৰখণ্ডৰ অধিৰাজ মিত্ৰ, পশ্চিম বংগৰ পৰমব্ৰত সৰকাৰ, অসমৰ চোৰাম ৰাহুল সিং, অসমৰ ইফ্টিকাৰ আলম মাজুদাৰ, পশ্চিম বংগৰ ত্ৰিপৰ্ণ ঘোষ, পশ্চিম বংগৰ অনিকেত নাৰায়ণ বিশ্বাস, ৰিণ্টু ব্ৰহ্ম, তন্ময় ৰাজবংশী আৰু অম্লান মহন্ত আটাইকেইজন অসমৰ পৰা ৭ পইণ্টকৈ লাভ কৰি টাই ব্ৰেক স্ক’ৰ অনুসৰি ক্ৰমে ৪ৰ্থ, ৫ম, ৬ম, ৭ম, ৮ম, ৯ নং, দশম,১১ নং ১২ নং ১৩ আৰু ১৪ নম্বৰ স্থান লাভ কৰে।

পশ্চিম বংগৰ আয়ুশ্ৰী সৰকাৰক প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈ ঘোষণা কৰা হৈছে।  মহিলা শাখাত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে অসমৰ দীপনালিছা বৰা আৰু ইক্ষিতা বৰ্মনে।

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ২৮৪ গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ইউনাইটেড ষ্টেটছ অৱ আমেৰিকাৰ দুগৰাকী খেলুৱৈয়েও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত বিশ্ব দবা ফেডাৰেচন আৰু সৰ্বভাৰতীয় দবা ফেডাৰেচনে স্বীকৃতি প্ৰদান কৰে। ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে মুখ্য আৰ্বিটাৰ হিচাপে প্ৰতিযোগিতাখন পৰিচালনা কৰে।

পুৰস্কাৰ বিতৰণ অনুষ্ঠানত নগদ পুৰস্কাৰ হিচাপে ৩,০০,০০০ টকা বিতৰণ কৰা হয়। চেম্পিয়নে ৫০ হাজাৰ টকা আৰু দ্বিতীয় আৰু তৃতীয় স্থানত থকা খেলুৱৈয়ে ক্ৰমে ৩০ হাজাৰ আৰু ২০ হাজাৰ টকা লাভ কৰে।

মুখ্য অতিথি হিচাপে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ আচাৰ্য নৰেন্দ্ৰ নাথ দত্ত, দবা খেলুৱৈ অভিভাৱক  মঞ্চৰ  সভাপতি ড° শিবেন দত্ত, সাধাৰণ সম্পাদক বিমল শৰ্মা, কোষাধ্যক্ষ সুজা উল ইছলাম হাজৰিকা, ড° দেৱজিৎ শৰ্মা, জ্যেষ্ঠ সাংবাদিক পাৰ্থ দেৱ গোস্বামীয়ে বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰে।



শেহতীয়া খবৰ