ভুৱনেশ্বৰ কুমাৰে তেওঁৰ টুপীটো নৱাগত উমৰণ মালিকক দিয়ে

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
উমৰণ মালিক
উমৰণ মালিক
নতুন দিল্লী
 
অভিজ্ঞ বলাৰ ভুৱনেশ্বৰ কুমাৰে দেওবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে দলটোৰ প্ৰথমখন টি২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পূৰ্বে ভাৰতীয় দলৰ নবাগত বেগী বলাৰ উমৰণ মালিকক তেওঁৰ টুপীটো গতাই দিছিল।
 
জ্যেষ্ঠ খেলুৱৈজনে এজন নৱাগত খেলুৱৈক টুপীটো হস্তান্তৰ কৰাটো খেলৰ এটা পৰম্পৰা যেনে বেটন হস্তান্তৰ কৰা। এইটো সৌভাগ্য আৰু দলটোলৈ এটা নতুন প্ৰতিভাক স্বাগতম জনোৱাৰ ভঙ্গী বুলি গণ্য কৰা হয়।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত কাষৰ পৰা কাৰ্যকলাপ দেখা উমৰান মালিকে এই সুযোগৰ সদ্ব্যৱহাৰ কৰিব বিচাৰিব।
বি চি চি আইয়ে টুইটাৰত ভুৱনেশ্বৰে তেওঁৰ টুপীটো উমৰণ মালিকক দিয়াৰ এখন ফটো পোষ্ট কৰিছে।
জম্মু কাশ্মীৰৰ বেগী বলাৰজনে আই পি এল ২০২২ত তেওঁৰ গতিৰে সকলোকে প্ৰভাৱিত কৰিছিল, য'ত তেওঁ ২২টা উইকেট দখল কৰিছিল। তেওঁৰ বিধ্বংসী গতি আৰু উইকেট লোৱাৰ সামৰ্থ্যই অতীতৰ বহুতো মহান ক্ৰিকেটাৰক প্ৰভাৱিত কৰিছছে।