ক্ৰমাগত ১৩ জয়ৰ বিশ্বৰেকৰ্ড সম্পূৰ্ণ নহ'ল ভাৰতৰ, প্ৰথম টি-২০ত অপ্ৰত্যাশিত পৰাজয়

Story by  atv | Posted by  [email protected] • 1 Years ago
অৰ্ধশতক অৰ্জনৰ পথত ঈশান কিষন
অৰ্ধশতক অৰ্জনৰ পথত ঈশান কিষন
নতুন দিল্লী
 
সুযোগ আছিল ক্ৰমাগত ১৩খন মেচত জয়েৰে বিশ্বৰেকৰ্ড স্থাপন কৰাৰ। কিন্তু দক্ষিণ আফ্ৰিকাৰ হাতত প্ৰথম টি-২০ত অপ্ৰত্যাশিত পৰাজয়ৰ ফলত এই বিৰল অভিলেখৰ পৰা বঞ্চিত হ'ল টীম ইণ্ডিয়া। ডেভিড মিলাৰ আৰু ভান ডাৰ ডাছেনৰ বিস্ফোৰক বেটিঙে ঋষভ পণ্টবাহিনীৰ অভিলেখৰ সপোন চূৰমাৰ কৰে।বৃহস্পতিবাৰে নিশা অনুষ্ঠিত হাই-স্কোৰিং মেচখনত ভাৰতে ২১১ ৰান সংগ্ৰহ কৰাৰ পিছতো শেষ ৰক্ষা নহ'ল। 
 
উল্লেখ্য যে, টীম ইণ্ডিয়াক কালি প্ৰথমবাৰৰ বাবে নেতৃত্ব দিছিল যুৱ তাৰকা ঋষভ পণ্টে। প্ৰথমে বেটিং কৰি দলটোৱে সুন্দৰ আৰম্ভণি কৰে। অপেনাৰ ঈশান কিষাণ আৰু ৰুতুৰাজ গায়কৱাডে প্ৰথম ছয় অভাৰতে ৫১ ৰাণ সংগ্ৰহ কৰে। বাওহতীয়া অপেনাৰ কিষণে ৭৬ ৰানৰ দৰ্শনীয় ইনিংছ খেলে। ৰুতুৰাজে ২৩ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। 
 
 
জয়ৰ পিছত ভাৰতীয় অধিনায়ক পণ্টক কৰমৰ্দন দক্ষিণ আফ্ৰিকাৰ তাৰকা ডেভিড মিলাৰৰ 
 
শ্ৰেয়াছ আয়াৰ চাৰি নম্বৰত খেলপথাৰত নামে আৰু ৩৬ ৰাণৰ দায়িত্বপূৰ্ণ ইনিংছ খেলে। অধিনায়ক পণ্টে ২৯ ৰান সংগ্ৰহ কৰে। দীৰ্ঘদিনৰ মূৰত ভাৰতীয় দললৈ উভতি অহা তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই ১২ টা বলত ৩১ ৰাণ আকৰ্ষণীয় ইনিংছ খেলে। 
নিৰ্ধাৰিত ২০ অভাৰত ভাৰতে চাৰিটা উইকেট হেৰুৱাই ২১১ ৰাণ সংগ্ৰহ কৰি দক্ষিণ আফ্ৰিকাক কঠিন লক্ষ্য বান্ধি দিয়ে। সেই সময়ত ভাৰতৰ বিজয় সহজ হ'ব বুলি অনুৰাগীয়ে ধাৰণা কৰিছিল। কিন্তু মিলাৰ আৰু ডাছেনে ভাৰতীয় বলিং আক্ৰমণক তচনচ কৰি দক্ষিণ আফ্ৰিকালৈ ৰোমাঞ্চকৰ জয় কঢ়িয়াই আনে।
ডাছেনে ৭৫ আৰু মিলাৰে ৬৪ ৰানত অপৰাজিত হৈ ৰয়। এইদৰে, প্ৰথম মেচত পৰাজয়েৰে ভাৰতে ৫খন মেচৰ শৃংখলাটো আৰম্ভ কৰে। ১২ জুনত দল দুটাই দ্বিতীয় টি-২০ত পুনৰ খেলপথাৰত নামিব। উল্লেখ্য যে, ভাৰতে এই শৃংখলাত কেইবাগৰাকীও তাৰকা অবিহণে অৱতীৰ্ণ হৈছে।