নতুন দিল্লী
ইতিহাস সৃষ্টি কৰিলে ভাৰতীয় মহিলা দবা খেলুৱৈ দিব্যা দেশমুখে। বিশ্ব দবা চেম্পিয়নশ্বিপত তেওঁ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী মহিলা দবা খেলুৱৈ হিচাপে নিজৰ নাম লিপিবদ্ধ কৰিলে। প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত দিব্যা দেশমুখে চীনৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন টান ঝাংজীত পৰাস্ত কৰিছে।
১৯ বছৰীয়া দিব্যাই প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ পিছত তেওঁৰ বাবে এই পৰ্যায় অতিক্ৰম কৰাটো বহু কঠিন হ’ব বুলি ধাৰণা কৰা হৈছিল। কিয়নো তেওঁৰ প্ৰতিদ্বন্দি ঝাংজী আছিল বিশ্ব ক্ৰমৰ চতুৰ্থ স্থানৰ খেলুৱৈ। এই কঠিন প্ৰত্যাহ্বান অৱশ্যে তেওঁ হেলাৰঙে অতিক্ৰম কৰি কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিলে।
বুধবাৰে আলাপিন চিচিলিয়ান ডিফেন্স কৌশল প্ৰয়োগ কৰি দিব্যাই জয়লাভ কৰে। ৰোমাঞ্চকৰ খেলখনে এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছিল য’ত দুয়োগৰাকী খেলুৱৈৰ ভিতৰত কোন জয়ী হ’ব সেয়া অনুমান কৰাটো কঠিন হৈ পৰিছিল। দুয়োগৰাকীৰ বাবে জয়ী হোৱাৰ সুযোগ সৃষ্টি হৈছিল।
অৱশ্যে দিব্যা দেশমুখে মগজু শীতল কৰি ৰাখি শেষত বিজয় সাব্যস্ত কৰে। সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰতীয় দবা খেলুৱৈগৰাকীয়ে উৎকৃষ্ট ফৰ্মত আছে। তেওঁ ইয়াৰ পূৰ্বে প্ৰতিযোগিতাখনৰ চতুৰ্থ ৰাউণ্ডত দ্বিতীয় ছিড চীনৰ ঝু জিনাৰক পৰাস্ত কৰিছিল।
ইয়াৰ পিছত ভাৰতৰ দ্ৰোণৱলী হৰিকাক কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰে। সেই মেচখন টাইব্ৰেকাৰলৈ গৈছিল। আন এগৰাকী ভাৰতীয় কনেৰু হাম্পিও ফাইনেলত প্ৰৱেশৰ দৌৰত আছে। ছেমিফাইনেলত তেওঁ মুখামুখি হ’ব চীনৰ শীৰ্ষ ছিড লি টিংজিয়েৰ। যদি হাম্পিও ফাইনেলত প্ৰৱেশ কৰে তেন্তে দুগৰাকী ভাৰতীয় একেলগে প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰি আন এক ইতিহাস সৃষ্টি কৰিব।