কাশ্মীৰৰ ডাল লেকত খলকনি তুলিছে অসম সন্তান ফাৰহানে

Story by  atv | Posted by  Munni Begum • 1 Years ago
ফাৰহান আলী আৰু তেওঁ লাভ কৰা ব্ৰঞ্জৰ পদক
ফাৰহান আলী আৰু তেওঁ লাভ কৰা ব্ৰঞ্জৰ পদক
ইমতিয়াজ আহমেদ / গুৱাহাটী

কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু অনুশাসনক ক্ৰীড়া ক্ষেত্ৰত সফলতাৰ মূল চাবিকাঠি বুলি কোৱা হয়। এগৰাকী চেম্পিয়ন খেলুৱৈ হিচাপে প্ৰতিষ্ঠিত হ’বলৈ প্ৰয়োজন হোৱা এই তিনিওটা মৌলিক গুণৰ অধিকাৰী হ’ল গুৱাহাটীৰ পানবজাৰস্থিত ডনবস্ক’ স্কুলৰ প্ৰতিভাৱান খেলুৱৈ ফাৰহান আলী। তেওঁ একে সময়তে এজন সাঁতোৰবিদ, বাস্কেটবল খেলুৱৈ, চাইক্লিষ্ট আৰু ৰ’য়িং খেলুৱৈ। ক্ৰীড়াৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ থকা ফাৰহানে ২২ৰ পৰা ২৬ জুনলৈ শ্ৰীনগৰৰ ডাল লেকত অনুষ্ঠিত ২৩সংখ্যক ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ৰ’য়িং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। 
 
১৩ বছৰীয়া অষ্টম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে ১৫ বছৰ অনুৰ্ধ ছিংগল স্কাল ৫০০ মিটাৰ ইভেণ্টত ১:৫৮.৫০ মিনিট সময় লৈ তেওঁ এই সাফল্য অৰ্জন কৰে। মনকৰিবলগীয়া যে, ৰাষ্ট্ৰীয় পৰ্যায়ত এয়া তেওঁৰ প্ৰথমটো পদক। 
 
 
অসম ব’ট ৰেচিং এণ্ড ৰ’য়িং এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক নবাবুদ্দিন আহমেদে জনোৱা মতে, আন এগৰাকী অসমৰ ছোৱালী দেৱাস্মিতা কাশ্যপে ৫০০ মিটাৰ ছিংগল স্কালত ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে একেটা চেম্পিয়নশ্বিপতে জেছিকা বসুমতাৰী আৰু আয়ুশ্ৰী গায়নৰ যুটিয়ে ১৩ বছৰ অনুৰ্ধৰ ৫০০ মিটাৰ ডাবল স্কালত ব্ৰঞ্জৰ পদক লাভ কৰে। 
“মোৰ বাবে এয়া এক ডাঙৰ অনুভৱ। বহুদিনৰ পৰা ইয়াৰ বাবে চেষ্টা কৰি আছিলো। মই সোণ লাভ কৰাৰ আশা কৰিছিলো, কিন্তু ব্ৰঞ্জ পদকো মোৰ বাবে যথেষ্ট প্ৰেৰণাদায়ক। অহাবাৰ মই সোণৰ পদকৰ বাবে চেষ্টা চলাম৷ মই এতিয়াৰ পৰা অধিক কষ্ট কৰিম," ফাৰহানে শ্ৰীনগৰৰ পৰা ফোনযোগে আৱাজ - দ্যা ভইচক কয়।
গুৱাহাটীৰ খাৰঘূলিৰ বাসিন্দা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডাৰ্ট বাইকাৰ ইছমাইল আলী আৰু প্ৰাচী হান্নানৰ সকলো প্ৰচেষ্টাৰ পিছতো প্ৰায় এবছৰ আগলৈকে ফাৰহানৰ শাৰীৰিক বিকাশ আৰু ফিটনেছ অত্যন্ত দুৰ্বল আছিল; আৰু ই তেওঁৰ কেৰিয়াৰত বাধাৰ সৃষ্টি কৰিছিল।
 
অসমৰ ৰ'য়িং দল
 
"যোৱা কেইবছৰমান ধৰি মই ফাৰহানক এজন খেলুৱৈ হিচাপে শাৰীৰিকভাৱে সুসজ্জিত কৰিবলৈ অতিৰিক্ত পদক্ষেপ লৈছিলো। মই তাৰ পুষ্টি আৰু ষ্ট্ৰেংথ কণ্ডিচনিঙৰ ওপৰত অতিৰিক্ত যত্ন লোৱা আৰম্ভ কৰিছিলো। তাক নিয়মীয়াকৈ জিম আৰু অন্যান্য কণ্ডিচনিং চেণ্টাৰলৈ লৈ গৈছিলো। আৰু এবছৰৰ ভিতৰত আমি ইয়াৰ ফল দেখিবলৈ পাইছিলো। সি লাহে লাহে ওখ হৈছিল আৰু এতিয়া ১৩ বছৰ বয়সত ৫ ফুট ৮ ইঞ্চিলৈ তাৰ উচ্চতা বৃদ্ধি পাইছে। ইয়ে তাৰ খেলত সহায় কৰিছে। সি অতিৰিক্ত পৰিমাণৰ মেদও হেৰুৱাইছে।" মাতৃ প্ৰাচী হান্নানে আৱাজ - দ্যা ভইচ’ক কয়।
ফাৰহানৰ ক্ৰীড়া কেৰিয়াৰৰ বিষয়ে বৰ্ণনা কৰি তেওঁ লগতে কয়, "ফাৰহান মূলতঃ এজন সাঁতোৰবিদ আছিল আৰু বি পি চলিহা ছুইমিং পুলত প্ৰশিক্ষণ লৈ আছিল। সি আনকি ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰতিভা সন্ধানী ট্ৰায়েলতো খুব ভাল প্ৰদৰ্শন দাঙি ধৰিছিল। অৱশ্যে, সাঁতোৰত দেখা গৈছিল যে সি পঢ়িবলৈ পৰ্যাপ্ত সময় লাভ কৰা নাছিল। পঢ়াশুনাক লৈ সি চিন্তিত হৈ পৰিছিল। তাৰ পিছত মই বিকল্প বিচাৰিবলৈ আৰম্ভ কৰিলোঁ আৰু দেখিলো যে ৰ’য়িং হৈছে এনে এটা খেল য'ত তেওঁ সহজে নিজকে খাপ খোৱাই ল’ব পাৰে।"
ফাৰহানে ছয় বছৰ আগতে ৰাষ্ট্ৰীয় প্ৰশিক্ষক সোমা বৰুৱাৰ অধীনত দীঘলীপুখুৰী প্ৰশিক্ষণ কেন্দ্ৰত ৰ’য়িং আৰম্ভ কৰিছিল। বৰুৱাৰ অনুপস্থিতিত ফাৰহানক চিৰঞ্জিত ফুকনে প্ৰশিক্ষণ দিছিল বুলি তেওঁৰ মাতৃয়ে জানিবলৈ দিয়ে।
 
বিজয় মঞ্চত ফাৰহান
 
ক্ৰীড়াই তেওঁৰ পঢ়াশুনাত সহায় কৰিছে নে বুলি সোধাত ফাৰহানে কয়, "ক্ৰীড়াই মোক ইতিবাচক মানসিকতা গঢ়ি তোলাত সহায় কৰিছে। ই মোৰ একাগ্ৰতা শক্তি বৃদ্ধি কৰিছে। প্ৰতিযোগিতামূলক ক্ৰীড়াই খেলুৱৈৰ মনত সদায় যুজাৰু মানসিকতাৰ জন্ম দিয়ে আৰু খেলৰ লগতে মোৰ পঢ়াশুনাতো ইয়াৰ প্ৰভাৱ পৰিছে।”
 
ফাৰহান তেওঁৰ পিতৃ- মাতৃৰ সৈতে
 
মাকৰ মতে ফাৰহানৰ আটাইতকৈ ভাল গুণ হ’ল তেওঁৰ আনুগত্য আৰু অনুশাসন। “আমাৰ কোনো পৰামৰ্শ বা সিদ্ধান্ত মানি চলিবলৈ সি কেতিয়াও অস্বীকাৰ নকৰে। সি সম্পূৰ্ণৰূপে আমাৰ আজ্ঞাবাহী। যেতিয়া মই সিদ্ধান্ত লৈছিলো যে সি সাঁতোৰৰ প্ৰশিক্ষণ এৰি ৰ’য়িঙত যোগদান কৰিব লাগে, তেতিয়া সি মোক কোনো কাৰণত প্ৰশ্নও কৰা নাছিল," প্ৰাচী হান্নানে কয়।
 
শ্ৰীনগৰত অসমৰ পদক বিজয়ীসকল
 
খেলুৱৈগৰাকীৰ আন আন ক্ৰীড়া চখৰ বিষয়ে সোধাত হান্নানে কয় যে ফাৰহানে সাঁতোৰ, চাইক্লিং আৰু বাস্কেটবলৰ প্ৰতিও আগ্ৰহী। “সি দীৰ্ঘ দূৰত্বৰ চাইক্লিং ভাল পায়। প্ৰায়ে সি গুৱাহাটীৰ উপকণ্ঠ অঞ্চলসমূহত অভিযানলৈ যায়," মহিলাগৰাকীয়ে কয়।
 
ফাৰহান পঢ়াশুনাতো সমানেই মেধাৱী বুলি জানিবলৈ দি মাতৃ প্ৰাচীয়ে কয় যে তেওঁৰ বিদ্যালয়ৰ শিক্ষকসকলে খেলুৱৈগৰাকীক এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।