গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ফিফা বিশ্বকাপ ফুটবলৰ ট্ৰফী

Story by  atv | Posted by  [email protected] • 2 h ago
গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ফিফা বিশ্বকাপ ফুটবলৰ ট্ৰফী
গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ফিফা বিশ্বকাপ ফুটবলৰ ট্ৰফী
 
গুৱাহাটী
 
প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপ ট্ৰফী স্বচক্ষে দৰ্শনৰ সুবিধা লাভ কৰিলে অসমৰ ফুটবলপ্ৰেমীয়ে। বিশ্ব ক্ৰীড়াৰ অন্যতম আকাংক্ষিত আৰু শ্ৰদ্ধাৰ প্ৰতীক এই ট্ৰফী প্ৰথমবাৰৰ বাবে অসমলৈ অনা হৈছে। ট্ৰফীৰ এই ভ্ৰমণে অসমৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে ।যিয়ে ৰাজ্যখনক আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ মানচিত্ৰত দৃঢ়ভাৱে স্থান দিছে আৰু অনুৰাগী তথা যুৱ খেলুৱৈসকলৰ মাজত এক সতেজ উৎসাহ জগাই তুলিছে।
 
মঙলবাৰে দিনৰ ভাগত এই ট্ৰফী গুৱাহাটীলৈ অনা হয়। গুৱাহাটীৰ বৰঝাৰস্থিত বিমানবন্দৰৰ পৰা আদৰণি জনাই ট্ৰফীটো বিয়লিলৈ বৰষাপাৰাৰ ক্ৰিকেট ষ্টেডিয়ামলৈ অহা হয় আৰু য'ত নিশা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছিল। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ফুটবল অনুৰাগীসকলে বিশ্বৰ আটাইতকৈ বিখ্যাত ফুটবল ট্ৰফীটো ওচৰৰ পৰা চোৱাৰ বিৰল সুযোগ লাভ কৰিছিল।
 
ইফালে এই পৰিৱেশটোক আৰু অধিক আকৰ্ষণীয় কৰি ক’ক ষ্টুডিঅ’ৰ ফালৰ পৰা সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। য’ত জনপ্ৰিয় গায়ক শংকুৰাজ কোঁৱৰ আৰু ঋতু ৰিবাৰ লগতে কেইবাগৰাকী জনপ্ৰিয় শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে। আনহাতে ট্ৰফীটো নিশাৰ ভাগত মুকলি কৰে প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰ গিলবেৰ্ট' চিলভা আৰু অসমৰ ক্ৰীড়া মন্ত্রী নন্দিতা গাৰ্লোচাই।
 
উল্লেখ্য যে চলিত বৰ্ষৰ জুন-জুলাই মাহত আমেৰিকাত অনুষ্ঠিত হ'ব বিশ্ব কাপ ফুটবল। এই উপলক্ষ্যে আয়োজন কৰা ট্ৰফী ট্যুৰৰ অংশ হিচাপেই অসমলৈ প্ৰদৰ্শনৰ বাবে অনা হৈছে এই সুদৃশ্য ট্ৰফী। ট্ৰফী ট্যুৰে সামৰি লোৱা বিশ্বৰ ৭৫টা স্থানৰ ভিতৰত এইবাৰ প্ৰথমবাৰৰ বাবে সংযোজিত হৈছে অসমৰ নাম।
 
উল্লেখযোগ্য যে, ফিফা বিশ্ব কাপ শেষবাৰৰ বাবে ২০১৪ চনতে ভাৰতলৈ আহিছিল। বিশ্ব ফুটবলৰ মানচিত্ৰত অসমৰ এনে শক্তিশালী প্ৰৱেশে ৰাজ্যৰ লাখ লাখ ক্রীড়ানুৰাগীক উৎফুল্লিত কৰি তুলিছে।
 
বিশ্ব ক্ৰীড়াৰ আটাইতকৈ ৰাজকীয় এই প্ৰতিযোগিতা এইবাৰ যুটীয়াভাৱে আয়োজন কৰিছে আমেৰিকা, মেক্সিকো আৰু কানাডাই। এই তিনিখন দেশৰ ১৬ খন চহৰত অনুষ্ঠিত হ'বলগীয়া ফিফা বিশ্বকাপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ৪৮ খন দেশে।
 
পৰম্পৰা অনুসৰি বিশ্বকাপৰ পূৰ্বে ট্ৰফীটো বিভিন্ন দেশত প্ৰদৰ্শনৰ বাবে পৰিভ্ৰমণ কৰোৱা হয়। তাৰেই অংশ হিচাপে মঙলবাৰে গুৱাহাটীলৈ লৈ অনা হৈছে ফিফা বিশ্বকাপৰ ট্ৰফী। ফিফা বিশ্বকাপ ট্ৰফীৰ এই বিশ্ব পৰিভ্ৰমণ ৩ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে। এই পৰিভ্ৰমণকালত ফিফা বিশ্বকাপ ২০২৬ৰ পূৰ্বে ট্ৰফী বিশ্বৰ প্ৰায় ৭৫ টা স্থান সামৰি ৩০ খনতকৈও অধিক দেশ ভ্ৰমণ কৰিব।
 
বিশ্বৰ ৩০ খন দেশ ভ্ৰমণ কৰিবলগীয়া এই ট্ৰফীটো প্ৰদৰ্শনৰ বাবে ভাৰতৰ কেৱল দুখন চহৰহে নিৰ্বাচন কৰা হৈছে। সেই দুখন হৈছে দিল্লী আৰু গুৱাহাটী। দিল্লীত শনিবাৰে ট্ৰফীটো প্ৰদৰ্শন কৰাৰ পিছত মঙলবাৰে গুৱাহাটীলৈ লৈ অনা হয়। বুধবাৰে পুনৰ ট্ৰফীটো গুৱাহাটীৰ পৰা লৈ যোৱা হ'ব।