ছুপাৰ-৮ ৰ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন টীম ইণ্ডিয়া

Story by  atv | Posted by  [email protected] • 14 h ago
ছুপাৰ-৮ ৰ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন টীম ইণ্ডিয়া
ছুপাৰ-৮ ৰ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন টীম ইণ্ডিয়া
 
নতুন দিল্লী
 
চলিত টি-২০ বিশ্বকাপত প্ৰথমটো পৰাজয়ৰ সন্মুখীন হৈছে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দল। দেওবাৰে আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ৰ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত ৭৬ ৰানৰ পৰাস্ত হয় সূৰ্ওয বাহিনী। এই পৰাজয়ে ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশাত ডাঙৰ আঘাত হানিছে, কিয়নো এই পৰাজয়ে দলটোৰ নেট ৰান ৰেটত যথেষ্ট প্ৰভাৱ পেলাইছে।
 
দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয়। দলটোৱে  টা উইকেট হেৰুৱাই ১৮৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ১১১ ৰানতে ভাৰতীয় দলৰ আটাইকেইটা উইকেটৰ পতন ঘটে। দক্ষিণ আফ্ৰিকাই এই মেচৰ বাবে নিজৰ দলত চাৰিটা পৰিৱৰ্তন কৰে যদিও ভাৰতীয় দলে কোনো পৰিৱৰ্তন নঘটোৱাকৈ মেচখনত প্ৰৱেশ কৰে।
 
১৮৮ ৰানৰ লক্ষ্য অনুসৰণ কৰা টিম ইণ্ডিয়াৰ আৰম্ভণি আছিল বিপৰ্যয়জনক। প্ৰথম অভাৰত শূণ্যতে আউট হয় ঈশান কিষাণ। ইয়াৰ পিছতে জেন্সেনে তিলক বাৰ্মাক পৰৱৰ্তী অভাৰত আউট কৰে। অধিনায়ক সূৰ্য আৰু অভিষেকৰ দায়িত্বশীল ইনিংছৰ আশা কৰা হৈছিল। কিন্তু অভিষেক আকৌ এবাৰ নিৰাশ কৰে। পঞ্চম অভাৰত জেন্সেনে অভিষেকক আউট কৰে। অভিষেকে মাত্ৰ ১৫ ৰানহে কৰিবলৈ সক্ষম হয়। ছয় অভাৰৰ অন্তত ভাৰতৰ স্ক’ৰ আছিল ৩১-৩। ইয়াৰ পিছতে অষ্টম অভাৰত ৱাশ্বিংটন সুন্দৰে মাত্ৰ ১১ ৰান সংগ্ৰহ কৰি আউট হয়। নৱম অভাৰত ভাৰতে ৫০ ৰানৰ সীমা অতিক্ৰম কৰে।
 
দশম অভাৰত ভাৰতে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় যেতিয়া অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ উকেটৰ পতন ঘটে। সূৰ্যই ২২ টা বলত মাত্ৰ ১৮ ৰান সংগ্ৰহ কৰে। ১০ অভাৰৰ অন্তত ভাৰতৰ স্ক’ৰ আছিল ৫৭-৫। ১৫ নং অভাৰত কেশৱ মহাৰাজে প্ৰথমে হাৰ্দিক আৰু তাৰ পিছত ৰিংকু সিঙক আউট কৰে। হাৰ্দিকে ১৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৰিংকুৱে কোনো ৰান সংগ্ৰহ নকৰাকৈ আউট হয়। একেটা অভাৰতে কেশৱে অৰ্শদীপকো আউট কৰে । মহাৰাজে এটা অভাৰত তিনিটা উইকেট দখল কৰি ভাৰতৰ বেটিং লাইন আপ সম্পূৰ্ণৰূপে ভাঙি দিয়ে।
 
শিৱম ডুবেই ৪২ ৰানৰ এক উজ্জ্বল ইনিংছ খেলিছিল যদিও ১৯ নং অভাৰত ১১১ ৰানত টিম ইণ্ডিয়াই আটাইকেইটা উইকেটৰ পতন ঘটে। এই পৰাজয়ে ভাৰতৰ ৰানৰেট -৩ অতিক্ৰম কৰিছে। ইয়াৰ অৰ্থ হ’ল ভাৰতে পৰৱৰ্তী দুখন মেচত জয়ী হ’ব লাগিব আৰু আন দলসমূহৰ ৰান ৰেট ভাল নহ’বলৈ প্ৰাৰ্থনা কৰিব লাগিব।
 
দক্ষিণ আফ্ৰিকাৰ হৈ জেন্সেনে ৪টা উইকেট দখল কৰাৰ বিপৰীতে লুংগিয়ে তিনিটা আৰু বছে দুটা উইকেট দখল কৰে।


শেহতীয়া খবৰ