গুৱাহাটীত এফআইভিবি ভলীবল ফাউণ্ডেচনৰ লেভেল ১ প্ৰশিক্ষকৰ পাঠ্যক্ৰম

Story by  atv | Posted by  [email protected] • 10 d ago
ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ এখন মেচৰ মুহূৰ্ত
ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ এখন মেচৰ মুহূৰ্ত
 
গুৱাহাটী

এফআইভিবি (ফেডাৰেচন ইণ্টাৰনেশ্যনেল ডি ভলীবল) ভলীবল ফাউণ্ডেচনে ২০২৫ চনৰ ৩ মে’ৰ পৰা ৮ মে’লৈ গুৱাহাটীত এফআইভিবি লেভেল ১ প্ৰশিক্ষকৰ পাঠ্যক্ৰমৰ আয়োজন কৰিছে। এয়া হৈছে ব্ৰহ্মপুত্ৰ ভলীবল লীগক বিভিন্ন প্ৰকাৰে সহায় কৰাৰ বাবে এফ আই ভি বি ভলীবল ফাউণ্ডেচনৰ প্ৰতিশ্ৰুতিৰ এটা অংশ।
 
অসম ভলীবল মিছন ১০০ৰ দ্বাৰা আয়োজিত ব্ৰহ্মপুত্ৰ ভলীবল লীগ বিশ্বৰ বিভিন্ন প্ৰজেক্টৰ ভিতৰত অগ্ৰণী আছিল। এই লীগক ২০২৪ চনৰ নৱেম্বৰ মাহত পৰ্তুগালত অনুষ্ঠিত ৩৯ সংখ্যক এফআইভিবি বিশ্ব কংগ্ৰেছত এফআইভিবি ভলীবল ফাউণ্ডেচনৰ দ্বাৰা Silver Certificate of Excellence প্ৰদান কৰা হৈছিল।
 
এই বছৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগে সমগ্ৰ ভাৰততে তৃণমূল পৰ্যায়ৰ ভলীবলৰ বিকাশৰ বাবে ডানি স্প’ৰ্টছ ফাউণ্ডেশ্যনৰ সৈতে যুটীয়াভাৱে নিজৰ প্ৰকল্প “Volleyball360” আৰম্ভ কৰিছে। সেয়েহে এই পাঠ্যক্ৰমৰ বাবে ২৫% আসন, অসমৰ বাহিৰৰ তৃণমূল পৰ্যায়ৰ প্ৰশিক্ষকসকলক আবণ্টন দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।
 
সেই অনুসৰি এফআইভিবি ফাউণ্ডেশ্যনে লেভেল ১ পাঠ্যক্ৰমৰ বাবে অনুমোদিত মুঠ ৪৫ খনৰ ভিতৰত ১২খন আসন, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিএল আবেদনকাৰী নোহোৱাসকলৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। ভলীবল প্ৰশিক্ষক কম থকা দুৰ্গম জিলাৰ অন্তৰ্গত প্ৰাৰ্থী আৰু পূৰ্বে এন আই এছ ইন্টাৰশ্বিপৰ সময়ত বিভিএলৰ সৈতে স্বেচ্ছাসেৱী কাম কৰা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব।
এই ১২ গৰাকী চৰ্টলিষ্ট কৰা প্ৰাৰ্থীৰ ভিতৰত ৪ গৰাকী হৈছে জম্মু-কাশ্মীৰ, চত্তিশগড়, উত্তৰাখণ্ড আৰু তেলেংগানাৰ মহিলা প্ৰশিক্ষক। এফ আই ভি বি প্ৰমাণিত প্ৰশিক্ষকে এই পাঠ্যক্ৰম পৰিচালনা কৰিব আৰু এফ আই ভি বিৰ নীতি অনুসৰি পৰীক্ষাত যোগ্যতা অৰ্জন কৰা সকলো পৰীক্ষাৰ্থীক মেধাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।
 
ইয়াৰ উপৰিও ‘ছেফগাৰ্ডিং’ আৰু ‘স্প’ৰ্টছ চাইক’লজি”ৰ ওপৰত কিউৰেট কৰা পাঠ্যক্ৰম থাকিব, যিটো বিশেষভাৱে তৃণমূল পৰ্যায়ত কাম কৰা প্ৰশিক্ষকৰ বাবে প্ৰস্তুত কৰা হৈছে। ২০২৫ চনৰ ৩ মে’ত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰশিক্ষক পাঠ্যক্ৰমৰ উদ্বোধনী অনুষ্ঠান।
 
"আমি সুখী যে ভলীবলৰ বিশ্ব অভিভাৱক সংস্থা বিভিএলে অসমৰ গুৱাহাটীত এই পাঠ্যক্ৰম অনুষ্ঠিত কৰিবলৈ সন্মত হৈছে। মোৰ বিশ্বাস, এই ধৰণৰ কাৰ্যসূচীয়ে ভাৰতীয় ভলীবলক অধিক উচ্চতালৈ লৈ যাব আৰু আমাৰ সমাজক সেৱা আগবঢ়াই যাব!"-ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ  প্ৰতিষ্ঠাপক অভিজিৎ ভট্টাচাৰ্যই কয়।