টীম ইণ্ডিয়াক নতুন ৰূপ দিব গুৰু গম্ভীৰে

Story by  atv | Posted by  [email protected] • 1 Years ago
টীম ইণ্ডিয়াক নতুন প্ৰশিক্ষক গৌতম গম্ভীৰ (ফাইল ফটো)
টীম ইণ্ডিয়াক নতুন প্ৰশিক্ষক গৌতম গম্ভীৰ (ফাইল ফটো)
মুম্বাই

টীম ইণ্ডিয়াক নতুন ৰূপ দিবলৈ প্ৰস্তুতি চলাইছে নৱনিযুক্ত প্ৰশিক্ষক গৌতম গম্ভীৰে। টি-২০ বিশ্বকাপৰ পিছতে কাৰ্যকাল অন্ত পৰা প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ উত্তৰসূৰী হিচাপে বিচিচিআইয়ে মঙলবাৰে নিশা নিযুক্তি দিয়া গম্ভীৰে নিজৰ পচন্দৰ কোচিং ষ্টাফৰ সৈতে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। 
 
কলকাতা নাইট ৰাইডাৰ্ছৰ সহযোগী প্ৰশিক্ষক তথা ভাৰতৰ একালৰ মিডল অৰ্ডাৰ বেটাৰ অভিষেক নায়াৰ আৰু একালৰ বেগী বলাৰ বিনয় কুমাৰক সহযোগী হিচাপে লাগিব বুলি গম্ভীৰে বিচিচিআইক চৰ্ত আৰোপ কৰিছে। 
 
ৰেভস্পৰ্টজত (RevSportz) প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি গম্ভীয়ে সহকাৰী প্ৰশিক্ষক হিচাপে অভিষেক নায়াৰ আৰু বলিং প্ৰশিক্ষক হিচাপে আৰ বিনয় কুমাৰৰ নাম বিচিচিআইৰ ওচৰত দাখিল কৰিছে। যিহেতু প্ৰশিক্ষক হিচাপে গম্ভীৰৰ কাৰ্যকাল শ্ৰীলংকা ছিৰিজৰ পৰা আৰম্ভ হ'ব, গতিকে বিচিচিআইয়ে অভিষেক আৰু বিনয় কুমাৰৰ নিযুক্তিৰ কাম ক্ষিপ্ৰতাৰে কৰিব লাগিব।
উল্লেখ্য যে, যোৱা মাহত বাৰ্বাডোছত অনুষ্ঠিত টি-২০ বিশ্বকাপত ভাৰতে খিতাপ জয় কৰাৰ পিছতে দ্ৰাবিড়ৰ কাৰ্যকাল শেষ হৈছে আৰু তেওঁৰ স্থানত ৪২ বছৰীয়া গম্ভীৰে টীম ইণ্ডিয়াৰ প্ৰশিক্ষকৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰাৰ্থী আছিল।
 
ইফালে, গম্ভীৰে কয় যে তেওঁ দেশৰ ত্ৰিৰংগ, দেশৰ জনসাধাৰণৰ হৈ সেৱা কৰিবলৈ পোৱাটো এক সন্মান হিচাপে গণ্য কৰিছে। ভাৰতৰ প্ৰশিক্ষক হিচাপে গম্ভীৰৰ প্ৰথম নিযুক্তি হ’ব শ্ৰীলংকাৰ বিৰুদ্ধে আৰম্ভ হ'বলগীয়া আগন্তুক তিনিখন টি-২০ আৰু সমসংখ্যক এদিনীয়া মেচৰ শৃংখলাৰ পৰা।