মুম্বাই
ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই বুধবাৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ৰোহিতে নিজৰ সিদ্ধান্ত নিশ্চিত কৰিবলৈ ইনষ্টাগ্ৰামৰ এটা ষ্ট’ৰী শ্বেয়াৰ কৰি এদিনীয়া ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰি যাব বুলি কয়। ২০২৫ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ছিজনৰ মাজভাগত উপনীত হৈ ৰোহিতে ঘৰুৱা ক্ষেত্ৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলাৰ এদিন পিছত এই ঘোষণাটো আশ্চৰ্যজনক।
"সকলোকে নমস্কাৰ। মই এইটো জনাব বিচাৰো যে মই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছো। বগা পোছাকত মোৰ দেশক প্ৰতিনিধিত্ব কৰাটো এটা পৰম সন্মান। বছৰ বছৰ ধৰি সকলোৰে মৰম আৰু সমৰ্থনৰ বাবে আপোনালোকক ধন্যবাদ। মই এদিনীয়া ফৰ্মেটত ভাৰতক প্ৰতিনিধিত্ব কৰি যাম," ৰোহিতে তেওঁৰ টেষ্ট কেপৰ এখন ফটো শ্বেয়াৰ কৰি ইনষ্টাগ্ৰামত কয়।
২০ জুনৰ পৰা আৰম্ভ হ’বলগীয়া ইংলেণ্ডৰ আগন্তুক টেষ্ট ক্ৰিকেট ভ্ৰমণৰ বাবে ছিনিয়ৰ পুৰুষ ক্ৰিকেট দলৰ বাছনি সমিতিখনে নতুন অধিনায়ক নিযুক্তি দিবলৈ আগ্ৰহী বুলি সূত্ৰই জনোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ৰোহিতৰ এই সিদ্ধান্ত আহিছে। সূত্ৰই লগতে ইংগিত দিছিল যে ৰোহিতে পাঁচখন টেষ্ট ছিৰিজৰ বাবে বিশেষজ্ঞ বেটছমেন হিচাপে যাত্ৰা কৰিবলৈ ইচ্ছুক হ’ব নে নহয় সেয়াও লক্ষ্যণীয় হ’ব।
২০২৪ চনত টি-২০ বিশ্বকাপ জয় কৰাৰ পিছত টি-২০ৰ পৰা অৱসৰ লোৱা ৰোহিতে আফ্ৰিকাত অনুষ্ঠিত হ’বলাগিয়া ২০২৭ চনৰ এদিনীয়া বিশ্বকাপলৈকে এদিনীয়া খেল খেলি থাকিব বুলি আশা কৰা হৈছে।
দেখা গৈছে যে নিৰ্বাচকসকলৰ স্থিতিৰ পিছতে ৰোহিতে নিজৰ সিদ্ধান্ত লৈছে। বহু প্ৰত্যাশিত এই ভ্ৰমণৰ বাবে নতুন অধিনায়কৰ বাবে যশপ্ৰীত বুমৰাহ, শুবমান গিল আৰু ঋষভ পন্তৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব। ইয়াৰ পূৰ্বেও চলিত বৰ্ষৰ আৰম্ভণিতে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা দুখন টেষ্ট খেলৰ সময়ত ৰোহিতৰ অনুপস্থিতিত ভাৰতক নেতৃত্ব দিছিল বুমৰাহে।
২০১৯ চনত অ’পেনাৰলৈ উন্নীত হোৱাৰ পিছৰে পৰা ৰোহিতে টেষ্টত ভাৰতৰ অন্যতম আগশাৰীৰ ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল। তেতিয়াৰ নেতৃত্বৰ যুটি বিৰাট কোহলী আৰু ৰবি শাস্ত্ৰীয়ে দিয়া সুযোগৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপে মাষ্টাৰষ্ট্ৰ’ক বুলি প্ৰমাণিত হয় কাৰণ ৰোহিতে ২০১৯-২১ আৰু ২০২১-২৩ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অন্যতম ধাৰাবাহিক অ’পেনাৰ হিচাপে পৰিগণিত হয়। তেওঁ টেষ্ট ক্ৰিকেটাৰ হিচাপে প্ৰথম ছয় বছৰত মাত্ৰ তিনিটা শতক অৰ্জন কৰিছিল, কিন্তু পৰৱৰ্তী পাঁচ বছৰত নটা শতক অৰ্জন কৰিছিল।
৬৭খন মেচত ৪,৩০১ ৰানেৰে টেষ্ট কেৰিয়াৰ সমাপ্ত কৰে ৰোহিতে। ২৫ খন টেষ্টত ভাৰতৰ অধিনায়কত্ব কৰি ১২ খনত জয় লাভ কৰে আৰু ৯ খনত ভাৰত পৰাজিত হৈছিল।