ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত হজৰত নিজামুদ্দিনৰ দিব্যাংগ খেলুৱৈ আদিবা আলীৰ স্বৰ্ণ পদক অৰ্জন

Story by  atv | Posted by  [email protected] • 7 Months ago
সোণ আৰু ৰূপৰ পদকৰ সৈতে দিব্যাংগ শ্বুটাৰ আদিবা আলী
সোণ আৰু ৰূপৰ পদকৰ সৈতে দিব্যাংগ শ্বুটাৰ আদিবা আলী
 
মহম্মদ আক্ৰাম / নতুন দিল্লী

ৰাজধানী দিল্লীৰ হজৰত নিজামুদ্দিন অঞ্চলৰ দিব্যাংগ খেলুৱৈ আদিবা আলীয়ে দক্ষতা আৰু প্ৰতিভাৰ বলত উজলি উঠিছে।
 
প্ৰতিবন্ধী হ'লেও তেওঁ ভূপালৰ মধ্যপ্ৰদেশ ৰাজ্যিক শ্বুটিং একাডেমীৰ উদ্যোগত আয়োজিত ৬৬ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত সোণ আৰু ৰূপৰ পদক লাভ কৰি অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। শাৰিৰীক অক্ষমতাক জীৱনৰ বাধা বুলি ভবাসকলৰ বাবে আদিবাৰ এই সফলতাৰ কাহিনী অত্যন্ত প্ৰেৰণাদায়ক।
 
আদিবা আলীৰ এই সফলতাৰ পিছত তেওঁৰ ঘৰখনত এতিয়া আনন্দমুখৰ পৰিবেশ বিৰাজ কৰিছে। আত্মীয়-কুটুম্বৰ উপৰি বস্তি অঞ্চল হজৰত নিজামুদ্দিনৰ সন্মানীয় ব্যক্তিসকলে প্ৰতিভাৱান খেলুৱৈগৰাকীক অভিনন্দন জনাইছে। এই উপলক্ষে আদিবা আলীৰ পিতৃ আছঘৰ আলী আৰু মাতৃ ৰেশমা আলীয়ে কয় যে এই মুহূৰ্তটো তেওঁলোকৰ বাবে গৌৰৱৰ মুহূৰ্ত। খেলুৱৈগৰাকীৰ এই সফলতা বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ ফল বুলিও তেওঁৰ পিতৃ-মাতৃয়ে উল্লেখ কৰে।

চতুৰ্থ মহলাৰ পৰা আদিবা পৰি গৈছিলঃ
 
আদিবা আলীৰ সফলতাৰ বিষয়ে উল্লেখ কৰোতে পিতৃ আছঘৰ আলীয়ে পুৰণি দিনবোৰৰ কথা মনত পেলাই কয় যে চাৰি বছৰ আগতে আদিবাৰ জীৱনত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছিল। তেওঁ ঘৰৰ চতুৰ্থ মহলাৰ বেলকনিৰ পৰা উকি মাৰি থাকোঁতে তললৈ পৰি গৈছিল। তাৰ পিছত তেওঁ খোজ কাঢ়িব পৰা অৱস্থাত নাছিল। ছোৱালীজনী শাৰিৰীকভাৱে অক্ষম হ'লেও আমি আদিবাক উৎসাহিত কৰি আছিলো, তাৰ পিছত তাইৰ মাজত এক বেলেগ ধৰণৰ উৎসাহৰ জন্ম হ’ল।
 
প্ৰশিক্ষকৰ সৈতে আদিবা আলী
 
আছঘৰ আলীয়ে আৰু বুজাইছে যে ভৰি অক্ষম হৈ থকাৰ পিছতো আদিবাই সাহস হেৰুওৱা নাছিল আৰু কিতাপ তথা ইণ্টাৰনেটৰ সহায়ত বিশেষভাৱে সক্ষম লোকৰ জীৱনৰ বিষয়ে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল। বিশেষভাৱে সক্ষম লোকসকলে কেনেকৈ জীৱন যাপন কৰে সেই বিষয়ে জানিবলৈ তেওঁ অহৰহ চেষ্টা কৰিছিল। তেওঁলোকে কেনেদৰে সময় কটায় আৰু কেনেকৈ নিজকে সফল কৰিব পাৰিছে, এই সকলোবোৰ কথাই আদিবাৰ উৎসাহ বৃদ্ধি কৰিলে।
 
ৰাষ্ট্ৰীয় পৰ্যায়ত আবিদাৰ সফলতাঃ
 
জিলা পৰ্যায়ৰ বহু প্ৰতিযোগিতাত ৯টা পদক অৰ্জন কৰা আদিবাক বৰ্তমান প্ৰশিক্ষক সুভাষ ৰাণাই (ভাৰতীয় ৰাষ্ট্ৰীয় পেৰা শ্বুটিং প্ৰশিক্ষক) প্ৰশিক্ষণ দি আছে। শেহতীয়াকৈ আদিবা আলীয়ে ভূপালত অনুষ্ঠিত ৬৬ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আদিবা আলী ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (IGNOU)ৰ তৃতীয় বৰ্ষৰ বি এৰ ছাত্ৰী। ক্ৰীড়াক্ষেত্ৰত অংশগ্ৰহণ কৰাৰ উপৰিও আদিবাই পঢ়া-শুনাতো পাৰিদৰ্শিতা দেখুৱাইছে।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশলৈ সোণ কঢ়িয়াই অনাৰ সপোনঃ
 
ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতাৰ পিছত আদিবে পিতৃ-মাতৃ আৰু প্ৰশিক্ষক সুভাষ ৰাণাক ধন্যবাদ জ্ঞাপন কৰি কয় যে পিতৃ-মাতৃ আৰু প্ৰশিক্ষকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰশিক্ষণে তেওঁক এই সফলতাৰ দিশে লৈ গৈছে। তেওঁলোকে সদায় কঠোৰ পৰিশ্ৰম কৰি সততাৰে নিজৰ লক্ষ্যত মনোনিৱেশ কৰিছে। ভৱিষ্যত সন্দৰ্ভত তেওঁ কয়, দেশৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক লাভ কৰাটো মোৰ একমাত্ৰ লক্ষ্য আৰু ইচ্ছা।

উল্লেখ্য যে, ভাৰতৰ দিব্যাংগ খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শেহতীয়াকৈ উজ্জীৱিত প্ৰদৰ্শনেৰে অজস্ৰজনৰ সাহস আৰু মনোবলৰ প্ৰতীক হৈ পৰিছে। বিশেষকৈ শীতল দেৱী নামৰ মহিলা দিব্যাংগ আৰ্চাৰী খেলুৱৈ গৰাকীয়ে এছিয়ান পেৰা গেমছত দুটাকৈ স্বৰ্ণ পদক অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ১৬ বছৰীয়া শীতল দেৱীক ভূয়সী প্ৰশংসা কৰিছিল।