জয়পুৰ
আই পি এলত প্ৰায় প্ৰতিদিনে কোনোবা নহয় কোনোবাই অভিলেখ ৰচনা কৰে। কোনোবাই আজি অভিলেখ স্থাপন কৰাৰ এদিন পিছতে সেয়া আকৌ আন কোনোবা এজনে ভংগ কৰে। কিন্তু সোমবাৰে নিশা জয়পুৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ উদিত তাৰকা বৈভৱ সূৰ্যবংশীয়ে অবিশ্বাস্য অভিলেখ গঢ়িলে।
১৪ বছৰীয়া এই ক্ৰিকেটাৰগৰাকীয়ে মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰিবলৈ সক্ষম হয়। আইপিএলৰ ইতিহাসত এয়া দ্বিতীয় দ্ৰুততম শতক। তেওঁতকৈ আগত আছে কেৱল ক্ৰিছ গেইল। ধুমুহাৰ গতিত খেলা ইনিংছটোৰে বৈভৱে ঐশ্বৰ্যশালী ক্ৰিকেট লীগ আইপিএলত একপ্ৰকাৰ খলকনি তোলে আৰু ৰাজস্থানলৈ বহু প্ৰত্যাশিত জয় কঢ়িয়াই আনে।
যুৱ বেটছমেনগৰাকীৰ অপূৰ্ব সুন্দৰ বেটিং আৰু অভিলেখ সৃষ্টিকাৰী শতক প্ৰত্যক্ষ কৰি প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ো অভিভূত হৈ পৰে। তেওঁ নিজেই থিয় হৈ হাত চাপৰি বজাই সূৰ্যবংশীক অভিনন্দন জনায়।
প্ৰথমবাৰৰ বাবে আইপিএল খেলা সূৰ্যবংশীয়ে ১১ টা সুবিশাল ছিক্সাৰ আৰু ৭টা বাউণ্ডেৰীয়ে মাত্ৰ ৩৫টা বলত শতক সম্পূৰ্ণ কৰি কেইবাটাও অভিলখৰ গৰাকী হয়। আই পি এলত সৰ্বাধিক দ্ৰুত শতক অৰ্জনৰ অভিলেখ আছে কেৰিবিয়ান তাৰকা ক্ৰিছ গেইলৰ। তেওঁ ৩০টা বলত শতক অৰ্জন কৰিছিল। টি-২০ ক্ৰিকেটত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া পুৰুষ ক্ৰিকেটাৰ হিচাপেও বৈভৱে বিশ্ব অভিলেখ গঢ়ে।
বৈভৱে ঈশান্ত শৰ্মা, প্ৰসিদ্ধ কৃষ্ণ, ৰশ্বিদ খান আৰু মহম্মদ চিৰাজৰ দৰে অভিজ্ঞ বলাৰক উইকেটৰ চৌদিশে কোবাই সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। ৩৮টা বলত ১০১ ৰান কৰি বৈভৱে পেভিলিয়নলৈ উভতি অহাৰ সময়লৈকে ৰাজস্থানৰ জয় প্ৰায় নিশ্চিত হৈছিল। অধিনায়ক ৰিয়ান পৰাগে ১৫টা বলত ৩২ ৰান সংগ্ৰহ কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়।