মই বক্সিং উশাহত গ্ৰহণ কৰো; এছিয়ান গেমছত অভিষেক ঘটোৱাৰ পূৰ্বে নিখাত জাৰিন

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে নিখাত জাৰিন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে নিখাত জাৰিন
 
ৰুদ্ৰনীল সেনগুপ্ত
 
এটা সময় আছিল যেতিয়া ভাৰতৰ মেৰী কমে বিশ্ব বক্সিং ৰিঙত খলকনি তুলিছিল। মণিপুৰৰ এইগৰাকী দৃঢ়মনা মহিলাই বক্সিং ৰিঙৰ ভিতৰত ইমান আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছিল যে প্ৰতিপক্ষই তেওঁৰ প্ৰচণ্ড ঘোচাৰ ক্ষিপ্ৰতা আৰু শক্তি সহ্য কৰিব পৰা নাছিল, প্ৰতিশোধ লোৱাটো দূৰৰে কথা।
 
 
মেৰী কমৰ এই সাফল্য আছিল এক অৰ্থত অবিশ্বাস্য আৰু অতুলনীয়। কাৰণ, তেওঁ এনে এখন দেশৰ মহিলা, য’ত মহিলা বক্সিঙৰ কোনো সংস্কৃতিয়ে নাছিল, সামৰ্থ্য বা সম্পদ নাছিল, ডাঙৰ প্ৰশিক্ষক নাছিল, প্ৰয়োজনীয় ক্ৰীড়া বিজ্ঞান বা চিকিৎসাৰ সহায় নাছিল। তথাপিও এককভাৱে তেওঁ ভাৰতক মহিলা বক্সিঙৰ মানচিত্ৰত সুকীয়া স্থান দিবলৈ সক্ষম হয়। 
 
ছটাকৈ বিশ্ব বক্সিঙৰ খিতাপ, পাঁচটা এছিয়ান চেম্পিয়নশ্বিপৰ খিতাপ, কমনৱেলথ আৰু এছিয়ান গেমছৰ স্বৰ্ণ পদক আৰু অলিম্পিকত ঐতিহাসিক ব্ৰঞ্জৰ পদক লাভ কৰি মেৰী কম বিশ্ব মহিলা বক্সিঙৰ কিংবদন্তি হৈ পৰিল। বিশ্ব বক্সিঙত ভাৰতীয় নাৰীৰ এই দুৰ্দান্ত প্ৰদৰ্শনৰ ধাৰাক আগুৱাই নিবলৈ উত্তৰ-পূবৰ জীয়ৰী মেৰী কমক এগৰাকী বিশেষ যুঁজাৰুৰ প্ৰয়োজন আছিল, যিয়ে অনাগত দিনত ফ্লাইৱেট শাখাত বিশ্বক শাসন কৰিব পাৰিব। সেই যুঁজাৰুগৰাকীয়ে আজি ইয়াত আমাৰ সৈতে আছে। 
 
প্রিয় অভিনেতা চালমান খানৰ সৈতে নিখাত জাৰিন
 
যোৱা দুবছৰত মেৰী কমৰ অনুপস্থিতিত নিখাত জাৰিনে একেৰাহে দুটা বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰিছে (মেৰি কমৰ পিছত এটাতকৈ অধিক বিশ্ব খিতাপ জয় কৰা প্ৰথম ভাৰতীয়) আৰু কমনৱেলথ গেমছতো চেম্পিয়ন হৈছে। মেৰীৰ দৰেই তেঁৱো বক্সিং ৰিঙত উগ্ৰ আৰু আক্ৰমণাত্মক। কৌশল আৰু গতিৰে তেওঁ এফালৰ পৰা ধৰাশায়ী কৰি গৈছে সকলো প্ৰতিদ্বন্দ্বীক। 
 
সম্প্ৰতি তেওঁ এছিয়ান গেমছত অভিষেক ঘটাবলৈ সাজু হৈছে আৰু পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ আশাত বন্দী। অলিম্পিকত সোণৰ পদক জয় কৰাৰ দূৰ্বাৰ সপোন বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰা হায়দৰাবাদৰ দৃঢ়মনা যুৱতীগৰাকীয়ে এছিয়ান গেমছক সপোন পূৰণৰ প্ৰথম পদক্ষেপ হিচাপে গ্ৰহণ কৰিছে। তেওঁৰ সৈতে হোৱা এক সাক্ষাৎকাৰ সম্পাদিত ৰূপ তলত আগবঢ়োৱা হ'লঃ
 
প্ৰশ্নঃ যোৱা বছৰৰ বিশ্ব চেম্পিয়নশ্বিপৰ পৰা আপোনাক অপ্ৰতিৰোধ্য দেখা গৈছে। ঘৰৰ মাটিত বিশ্ব বক্সিঙৰ খিতাপ অক্ষুন্ন ৰখাটো আপোনাৰ বাবে কিমান ৰোমাঞ্চকৰ আছিল ? 
 
উত্তৰঃ আটাইতকৈ ভাল অনুভৱ আছিল। মোৰ মা-দেউতা আৰু ভগ্নীয়ে মোক চাবলৈ ইয়ালৈ আহিছিল, গোটেই ষ্টেডিয়ামখনে মোক সহায় কৰিছিল, সেই অনুভৱটো বৰ্ণনা কৰিব নোৱাৰো। মায়ে মোক প্ৰথমবাৰৰ বাবে যুঁজি থকা দেখিছিল। সেই সকলো কথাই সপোনৰ দৰে লাগিছিল। মই এখন সৰু জিলাৰ পৰা আহিছিলো ডাঙৰ সপোন লৈ, আৰু বিশ্ব চেম্পিয়ন হৈ যোৱা বছৰটোত মই সেই সপোনৰ দিশত প্ৰথমটো খোজ পেলাইছো। এতিয়া মই নিজকে প্ৰমাণ কৰিছো যে মই যিকোনো প্ৰতিপক্ষক পৰাস্ত কৰিব পাৰো।
 
প্ৰশ্নঃ আৰু এতিয়া আপোনাৰ সন্মুখত এছিয়ান গেমছ আহি আছে। আপুনি কিমান প্ৰস্তুত?
 
উত্তৰঃ প্ৰশিক্ষণ খুব ভালকৈ চলি আছে। প্ৰতিদিনে নিজকে উন্নত কৰাত গুৰুত্ব দিছো, ফলাফলৰ ওপৰত নহয়। এতিয়া প্ৰশিক্ষণৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। যেতিয়া গেমছ আৰম্ভ হ’ব, তেতিয়া প্ৰথম মেচখনৰ ওপৰত গুৰুত্ব দিয়া হ’ব, তাৰ পিছত দ্বিতীয়খন মেচত ইত্যাদি ইত্যাদি।
 
নিখাত জাৰিন
 
এইখিনিতে ক’ব পাৰি যে মোৰ এটা চূড়ান্ত লক্ষ্য আছেই, সেয়া হৈছে অলিম্পিকত স্বৰ্ণ পদক জয় কৰা আৰু মই অনুভৱ কৰোঁ যে সৰ্বশেষত সকলোবোৰ সেই লক্ষ্যৰ দিশেই আগবাঢ়িব। অৱশ্যে এছিয়ান গেমছ পেৰিছ অলিম্পিকৰ বাবে কোৱালিফাইং প্ৰতিযোগিতা, গতিকে মই জয়ী হৈ অলিম্পিকত স্থান লাভ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ।
 
প্ৰশ্নঃ যোৱা দুবছৰত আপুনি পৰাজয়ৰ সন্মুখীন হোৱা নাই। অৰ্থাৎ প্ৰতিবাৰেই ৰিঙত ভৰি দিলেই আপুনি জয়ী হোৱাৰ আশা কৰা হয়। এই কথাটোৱে আপোনাৰ মনত চাঁপ সৃষ্টি কৰেনে ?
 
উত্তৰঃ নাই, মই ইয়াক ইতিবাচকভাৱে লওঁ। ই মোৰ বাবে চাঁপ নহয়, কিন্তু ধৰি লওক মই যদি কাৰোবাৰ অনুৰাগী, তেন্তে মই আশা কৰিম আৰু বিচাৰিম যে ব্যক্তিজনে জয়ী হওক। যদি সেই ব্যক্তিজনে জয়ী নহয়, তেন্তে মই হতাশ অনুভৱ কৰো। গতিকে মোৰ ওপৰত যদি হেঁচা পৰে, তেন্তে সকলোৱে মোক জয়ী হোৱাটো বিচৰাৰ বাবেই৷ সেইটো এটা ভাল লগা কথা৷
 
এই ক্ষেত্ৰত মোক বহুত সহায় কৰি আছে মোৰ প্ৰশিক্ষক, পৰিয়াল, বন্ধু-বান্ধৱী আৰু অনুৰাগীয়ে। কিন্তু যেতিয়া মই ৰিঙত সোমাওঁ, তেতিয়া সেয়া মোৰ প্লেটফৰ্ম, মোৰ নিজৰ যুঁজ। মোৰ কথাটো হ’ল মই অনুতপ্ত হ'ব নিবিচাৰো৷ মই মাত্ৰ ৰিঙৰ ভিতৰলৈ গৈ মোৰ ১০০ শতাংশ দিব বিচাৰো। ফলাফল যিয়েই নহওক কিয় মই খেলাৰ ধৰণক লৈ সুখী হোৱা উচিত।
 
প্ৰশ্নঃ আপুনি বক্সিঙৰ জগতখনত প্ৰৱেশৰ ধৰণটো অতি আকৰ্ষণীয়। এটা সময়ত আপুনি আপোনাৰ গোটেই জিলাখনৰ একমাত্ৰ মহিলা বক্সাৰ আছিল।
 
উত্তৰঃ হয়, ঠিকেই কৈছে৷ মই নিজামাবাদৰ পৰা আহিছো, আৰু কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত আন কোনো ছোৱালী বক্সাৰ নাছিল, মোৰ সকলো প্ৰশিক্ষণ ল'ৰাৰ লগত আছিল। গোটেই কথাটো আছিল এক দুৰ্ঘটনা। মোৰ মনত আছে যে মোৰ বাইদেউ দশম শ্ৰেণীত আছিল আৰু মই সেই সময়ত ষষ্ঠ শ্ৰেণীত আছিলো। মোৰ ক্লাছ ৩:৪৫ বজাত শেষ হয়, আনহাতে মোৰ বাইদেউৰ কোচিং আছিল গতিকে তাইৰ ক্লাছবোৰ ৫:৩০ বজাত শেষ হৈছিল। গতিকে মই স্কুলত ৰৈ থাকিবলগীয়া হৈছিল। মই তেতিয়া খেলপথাৰলৈ গৈছিলো। মোৰ এগৰাকী বান্ধৱী আছিল যিয়ে ১০০ মিটাৰ দৌৰিছিল, আৰু এদিন তেওঁ মোক দৌৰিবলৈ ক’লে। মই তেওঁক হৰুৱাইছিলো। তাৰ পিছত স্কুলৰ প্ৰতিযোগিতা এখনত দৌৰি সকলোকে পৰাস্ত কৰিলোঁ। শাৰীৰিক শিক্ষাৰ শিক্ষকজনে মোৰ দেউতাক কৈছিল যে মই অতি প্ৰতিভাশালী আৰু মই দৌৰবিদ হোৱা উচিত। গতিকে মই ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰ আৰম্ভ কৰিলোঁ।
 
খেলৰ মুহূৰ্তত নিখাত
 
তাৰ পিছত এদিন স্কুলত ক্ৰীড়া প্ৰতিযোগিতা হৈছিল আৰু মই মোৰ দেউতাৰ লগত গৈছিলো, আৰু মই লক্ষ্য কৰিছিলো যে বক্সিঙৰ বাহিৰে প্ৰতিটো খেলতে ছোৱালী থাকে। মই মোৰ দেউতাক সুধিলোঁ যে ছোৱালীক বক্সিং খেলিবলৈ দিয়া নহয় নেকি? তেওঁ ক’লে, নাই, তেনেকুৱা নহয়, কিন্তু মানুহে ছোৱালীয়ে যুঁজ দিয়াটো ভাল নহয় বুলি ভাবে, গতিকে তেওঁলোকে ছোৱালীক সমৰ্থন নকৰে। সেই সময়ত মই স্কুলত টমবয় হৈ পৰিছিলো আৰু ইতিমধ্যে বহুত যুঁজিছিলো, ল’ৰাক মাৰপিট কৰিছিলো। গতিকে মই ভাবিলোঁ যে বক্সিং খেলা কামটো মই কৰিব পাৰিব। সেইটোৱেই আছিল আৰম্ভণি। মই সদায় বৰ জেদী৷
 
প্ৰশ্নঃ বক্সিং জিমত একমাত্ৰ ছোৱালী হিচাপে প্ৰশিক্ষণ লোৱাৰ সময়ত কেনেকুৱা অনুভৱ কৰিছিল ?
 
উত্তৰঃ সচা কথা ক'বলৈ গ'লে, মোৰ সকলো যুঁজৰ সংগী ল’ৰা হোৱাৰ বাবে মোক বহুত মাৰপিট কৰা হৈছিল। কিন্তু মই হাৰ নামানিলোঁ। ল’ৰাবোৰেও বহুত সহায় কৰিছিল। মোক কোনেও ঠাট্টা কৰা নাছিল। সদায় সহায় কৰিছিল, মোক কথাবোৰ শিকাইছিল। ইয়াও হয়তো মই বিশ্ব চেম্পিয়ন হোৱাৰ অন্যতম কাৰণ। এই ল’ৰাকেইটাই মোক এজন ভাল বক্সাৰ কৰি তুলিলে, সেয়া আচৰিত অভিজ্ঞতা আছিল। বক্সিং আৰম্ভ কৰাৰ এবছৰৰ ভিতৰতে মই ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন হৈছিলোঁ। তেতিয়া সেই ল’ৰাবোৰ মোৰ পদকটোক লৈ মোতকৈও বেছি সুখী হৈছিল।
 
প্ৰশ্নঃ কিন্তু আপুনি বহুতো সামাজিক বাধা-বিধিনিৰ সন্মুখীন হৈছিল। 
 
উত্তৰঃ হয়, বহুত। মোতকৈ মোৰ মা-দেউতাই বহু বেছি বাধাৰ সন্মুখীন হৈছিল। আনকি মই প্ৰথম বিশ্ব চেম্পিয়নশ্বিপ লাভ কৰাৰ সময়তো কিছুমান মানুহে আহি কৈছিল যে তাই মুছলমান কিন্তু হিজাব পিন্ধা নাই। পদক লাভ কৰি তাই কি পাব? মই কেতিয়াও এনে মানুহৰ কথাত গুৰুত্ব দিয়া নাই। কিবা এটা কোৱাটো মানুহৰ কাম। যদি আপুনি মানুহৰ কথাৰ ওপৰত গুৰুত্ব দিয়ে, তেন্তে আপুনি আপোনাৰ জীৱনত একো লাভ কৰিব নোৱাৰিব। যদি আপুনি আপোনাৰ জীৱনত কিবা এটা লাভ কৰিব বিচাৰে তেন্তে নিজৰ ওপৰত গুৰুত্ব দিয়াটোৱেই ভাল। মোক সমৰ্থন কৰা মানুহো বহুত আছে। কিছুমান মানুহৰ কাৰণে মই সকলোকে দোষ দিব নোৱাৰো।
 
প্ৰশ্নঃ ইতিমধ্যে আপোনাৰ বাবে ই এক ডাঙৰ যাত্ৰা হৈ পৰিছে, আৰু মই ভাবো ইয়াতকৈও ৰোমাঞ্চকৰ দিন আহি আছে৷
 
উত্তৰঃ হয়, একেবাৰেই! মই বক্সিং উশাহত গ্ৰহণ কৰো। মোৰ জীৱনত নহ'লে কি হ'লহেঁতেন নাজানো। মাত্ৰ বিয়া হৈ কাৰোবাৰ পত্নী হৈ থাকিলোহেঁতেন। বক্সিং মোৰ জীৱনৰ বাবে এক আশীৰ্বাদ। ই শৈশৱৰ সকলো ধৰণৰ সপোন বাস্তৱায়িত কৰিছে। ইয়াৰ পৰা মই পৃথিৱী ভ্ৰমণ কৰিছো, নতুন নতুন ঠাই চাইছো, মোৰ আদৰ্শ ব্যক্তি ছলমান খানক লগ পাইছো, নতুন মানুহ লগ পাইছো, নতুন বন্ধুত্ব গঢ়ি তুলিছো, জীৱনটো উপভোগ কৰাৰ স্বাধীনতা লাভ কৰিছো।
 
(ৰুদ্ৰনীল সেনগুপ্তই গ্ৰহণ কৰা এই সাক্ষাৎকাৰটো moneycontrol.comৰ পৰা অনুবাদ কৰা হৈছে)