চেমি ফাইনেলত ৭ বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মহিলা দলক ধৰাসায়ী কৰিলে ভাৰতীয় মহিলা দলে
                                
                                    
	 
	নতুন দিল্লী
	 
	মহিলা বিশ্বকাপৰ দ্বিতীয় ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ইতিহাস ৰচনা কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। অষ্ট্ৰেলিয়াৰ সন্মুখত টীম ইণ্ডিয়াই বান্ধি দিছিল বিশাল ৩৩৯ ৰানৰ লক্ষ্য, যিটো এদিনীয়া মহিলা ক্ৰিকেটৰ ইতিহাসত আছিল সৰ্বাধিক ৰানৰ অভিলেখ।
	 
	কালি অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ভাৰতে মহিলা বিশ্বকাপৰ ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰে। অহা ২ নৱেম্বৰত বিশ্বকাপ অৰ্জনৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ফাইনেলত সমুখ সমৰত নামিব ভাৰতীয় মহিলা দল। আজি ভাৰতীয় দলটোৰ বিজয়ৰ নায়িকা আছিল জেমিমা ৰড্ৰিগেছ, যিয়ে শেষলৈকে যুঁজি টীম ইণ্ডিয়াৰ বিজয় নিশ্চিত কৰিলে। জেমিমাৰ শতকে এইবাৰলৈ বিশ্বকাপ দখলৰ আশাত চেঁচা পানী ঢালিলে ৭বাৰৰ বিশ্বকাপ বিজয়ী দল অষ্ট্ৰেলিয়াক।
	 
	উল্লেখযোগ্য যে, এইবাৰ মহিলা বিশ্বকাপৰ মেচসমূহত এখনতো পৰাস্ত হোৱা নাছিল অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দল। সাতবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক নকআউট পৰ্যায়ত ভাৰতে পৰাস্ত কৰি অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ৰ সপোন ছাৰখাৰ কৰে। অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু ৪৯ অভাৰ ৫টা বলত গোটেইকেইটা উইকেট হেৰুৱাই ৩৩৮ ৰান সংগ্ৰহ কৰে।
	 
	ইয়াৰ বিপৰীতে ভাৰতে ৪৮ অভাৰ ৩টা বলত ৩৪১ ৰান সংগ্ৰহ কৰি ৫ উইকেটত জয়লাভ কৰে। ইয়াৰ লগে লগে ভাৰতীয় দলে মহিলা এদিনীয়া বিশ্বকাপৰ ইতিহাসত কোনো দলে সংগ্ৰহ কৰা সৰ্বাধিক ৰানৰ অভিলেখ সৃষ্টি কৰে।