টি-২০ বিশ্বকাপৰ Super 8 স্থান নিশ্চিত ভাৰতৰ

Story by  atv | Posted by  [email protected] • 4 Months ago
টি-২০ বিশ্বকাপৰ Super 8 স্থান নিশ্চিত ভাৰতৰ
টি-২০ বিশ্বকাপৰ Super 8 স্থান নিশ্চিত ভাৰতৰ
 
নতুন দিল্লী
 
চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ত স্থান নিশ্চিত কৰিলে ভাৰতে। গ্ৰুপ পৰ্যায়ৰ তৃতীয়খন মেচত আমেৰিকাৰ বিৰুদ্ধে ৭ উইকেট জয়ী টীম ইণ্ডিয়া। আমেৰিকাৰ বিৰুদ্ধে বেটে-বলে দুৰ্দান্ত প্ৰদৰ্শন মেন ইন ব্লুৰ। প্ৰথম বেটি কৰি আমেৰিকাৰ সংগ্ৰহ কৰিছিল মাত্ৰ ১১০ ৰাণ। ভাৰতীয় বলিং বিক্ৰমত তাচপাতৰ দৰেকৈ খহি পৰিছিল আমেৰিকাৰ বেটিং লাইন আপ।
 
পৰৱৰ্তী সময়ত ভাৰতে বেটিং কৰি প্ৰথম ৮ অ’ভাৰতে ৩টা উইকেট হেৰুৱাই যদিও সূৰ্য কুমাৰ যাদৱ আৰু শিৱম ডুবেৰ দৰ্শনীয় বেটিঙৰ ফলত ভাৰতে ১০টা বল বাকী থাকোতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ সূৰ্য কুমাৰ যাদৱে ৪৯টা বলত ৫০ ৰাণৰ দুৰ্দান্ত অৰ্ধশতক অৰ্জন কৰে। শিৱম ডুবেও ৩৫টা বলত ৩১ ৰাণ প্ৰয়োজনীয় ৰাণ সংগ্ৰহ কৰে।
 
ভাৰতৰ হৈ বলিঙত অৰ্শ্বদ্বীপ সিঙে ৪ অ’ভাৰত ৯ ৰাণ খৰচ কৰি ৪টা উইকেটা দখল কৰে। যশপ্ৰীট বুমৰাহ আৰু মহম্মদ ছিৰাজে ৪ অ’ভাৰত ২৫ ৰাণকৈ খৰচ কৰে যদিও কোনো উইকেট লাভ নকৰে। আনহাতে হাৰ্ডিক পাণ্ডিয়া ৪ অ’ভাৰত ১৪ ৰাণ খৰচ কৰি ২টা উইকেট দখল কৰে। দুৰ্দান্ত বলিঙৰ বাবে অৰ্শ্বদ্বীপ সিঙক প্লেয়াৰ অৱ দ্যা মেচৰ সন্মান দিয়া হয়।