থমাছ কাপত খিতাপ জয়েৰে বেডমিণ্টনত ভাৰতৰ স্বৰ্ণিল ইতিহাস

Story by  atv | Posted by  [email protected] • 1 Years ago
থমাছ কাপত খিতাপ জয়েৰে বেডমিণ্টনত ভাৰতৰ স্বৰ্ণিল ইতিহাস
থমাছ কাপত খিতাপ জয়েৰে বেডমিণ্টনত ভাৰতৰ স্বৰ্ণিল ইতিহাস
বেংকক
 
প্ৰথমবাৰৰ বাবে থমাছ কাপত খিতাপ জয় কৰি ভাৰতে আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টনত স্বৰ্ণিল ইতিহাস ৰচিবলৈ সক্ষম হৈছে। দেওবাৰে বেংককত অনুষ্ঠিত মৰ্যদাপূৰ্ণ প্ৰতিযোগিতাখনৰ ফাইনেলত ভাৰতীয় পুৰুষ দলটোৱে ১৪বাৰৰ চেম্পিয়ন ইণ্ডোনেছিয়াক ৩-০ৰ পোটপটীয়া ব্যৱধানত পৰাস্ত কৰি দেশৰ ক্ৰীড়া জগতত নতুন অধ্যায়ৰ সূচনা কৰে। 
 
ভাৰতৰ এই স্মৰণীয় আৰু ঐতিহাসিক জয়ৰ মূলতে আছিল লক্ষ্য সেন, কিদাম্বি শ্ৰীকান্ত আৰু এছ.ৰণকীৰেড্ডী/চিৰাগ ছেট্টী যুটীৰ দৰ্শনীয় প্ৰদৰ্শন। শক্তিশালী ইণ্ডোনেছিয়াৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰি ভাৰতীয় শ্বাটলাৰ কেইগৰাকীয়ে অনায়াসে জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। 
বিশ্বৰ নৱম স্থানপ্ৰাপ্ত তাৰকা লক্ষ্য সেনে প্ৰথমখন ছিংগলছত এন্থনী গিন্টিঙক ৮-২১,২১-১৭,২১-১৬ৰ ব্যৱধানত পৰাস্ত কৰি ভাৰতক সুন্দৰ আৰম্ভণি দিয়ে। এই অগ্ৰগতিৰে অধিক আত্মবিশ্বাসী হৈ উঠি ভাৰতে দ্বিতীয়খন মেচতো চমকপ্ৰদ জয় সাব্যস্ত কৰে। ৰানকীৰেড্ডী আৰু চিৰাগৰ যুটীয়ে ডাবলছ মেচখনত ১৮-২১,২৩-২১,২১-১৯ৰ ব্যৱধানত ইণ্ডোনেছিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিবলৈ সক্ষম হয়। 
প্ৰথমটো গেমত পিছপৰি থকাৰ পিছতো ভাৰতীয় যুটীটোৱে নাটকীয় প্ৰত্যাৱৰ্তনেৰে মেচখনত জয়ৰ সোৱাদ লাভ কৰে। ৰানকীৰেড্ডী আৰু চিৰাগে আজি কেৰিয়াৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি এই ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।  
আনখন ছিংগলছ মেচতো ভাৰতৰ এই জয়ৰ ধাৰা অব্যাহত ৰাখি শ্ৰীকান্তে প্ৰতিপক্ষক ২১-১৫ আৰু ২৩-২১ৰ ব্যৱধানত পৰাভূত কৰে। 
মনকৰিবলগীয়া যে, ১৯৪৮-৪৯ চনৰ পৰা আৰম্ভ হোৱা ঐতিহ্যমণ্ডিত থমাছ কাপ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতে কেতিয়াও ফাইনেললৈ উন্নীত হ’ব পৰা নাছিল। দেশখনে ১৯৫২, ১৯৫৫আৰু ১৯৭৯চনত থমাছ কাপৰ ছেমি ফাইনেলত উপনীত হৈছিল কিন্তু, এইবাৰ সকলো বাধা আৰু প্ৰত্যাহ্বান নেওচি ভাৰতীয় শ্বাটলাৰসকলে আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টনত দেশৰ নাম সোণালী আখৰেৰে লিখিবলৈ সক্ষম হয়। 
ইণ্ডোনেছিয়া হৈছে এই প্ৰতিযোগিতাৰ আটাইতকৈ সফল দল। তেওঁলোকে এতিয়ালৈকে ১৪বাৰ চেম্পিয়ন হৈছে। ১৯৮২ চনলৈকে প্ৰতিদ্বন্দিতা নকৰা চীনৰ সৈতে আছে ১০টা খিতাপ। মালয়েছিয়াই পাঁচবাৰ আৰু জাপান তথা ডেনমাৰ্কে এবাৰকৈ এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই তালিকাত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিছে ভাৰতে।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঐতিহাসিক সাফল্যৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জনাইছে। থমাছ কাপৰ ঐতিহাসিক জয়ে দেশবাসীক গৌৰবান্বিত কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে।
ইফালে, থমাছ কাপত দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই দেশলৈ খিতাপ কঢ়িয়াই অনা ভাৰতীয় দলটোলৈ কেন্দ্ৰীয় চৰকাৰে ১কোটি টকাৰ আৰ্থিক পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে টুইটাৰযোগে এই কথা জানিবলৈ দিছে।