আজি এছিয়া কাপত ভাৰত-পাকিস্তান

Story by  atv | Posted by  [email protected] • 2 Months ago
আজি এছিয়া কাপত ভাৰত-পাকিস্তান
আজি এছিয়া কাপত ভাৰত-পাকিস্তান
 
নতুন দিল্লী
 
বৰষুণৰ বাবে এছিয়া কাপৰ ভাৰত-পাকিস্তানৰ গ্ৰুপ পৰ্বৰ মেচখন পৰিত্যক্ত হৈছিল। ছুপাৰ ফ'ৰ পৰ্বত কাইলৈ পুনৰ মুখামুখি হ’ব বিশ্বৰ অন্যতম প্রতিদ্বন্দ্বী দল দুটা। গ্ৰুপৰ মেচখনত ভাৰতৰ ইনিংছ সমাপ্ত হৈছিল যদিও পাকিস্তানৰ ইনিংছত এটাও বল পৰা নাছিল। ফলত দুয়োটা দলে পইণ্ট ভগাই লোৱাৰ বিপৰীতে হতাশ হৈছিল বিশ্বৰ অগণন ক্রিকেটপ্রেমী। 
 
 
আজিৰ মেচখনতো বৰষুণে বিধি-পথালি দিয়াৰ প্রবল সম্ভাৱনা আছে আৰু এই সম্ভাৱনাই চিন্তাত ৰাখিছে দুয়োটা শিবিৰক। কলম্বোৰ বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ মতে কাইলৈ সম্পূৰ্ণ দিন বৰষুণ হ'ব। এইক্ষেত্ৰত মেচ সম্পূৰ্ণ কৰাটো প্ৰত্যাহ্বানজনক হৈ পৰিব আয়োজকৰ বাবে। অৱশ্যে ভাৰত আৰু পাকিস্তানৰ এই মেচখনৰ বাবে ৰিজাৰ্ভ ডে' ৰখা হৈছে। 
 
আজি মেচ সম্পূর্ণ নহ'লে সোমবাৰে পুনৰ অনুষ্ঠিত হ'ব এই হাইভল্টেজ মেচখন। কাইলৈৰ মেচখনত ভাৰতীয় দলত সালসলনি হোৱাৰ সম্ভাৱনা প্রবল। আঘাতমুক্ত হৈ দলৰ সৈতে যোগ দিছে কে এল ৰাহুলে। কোনো অসুবিধা নোহোৱাকৈ দলৰ সৈতে অনুশীলন চলোৱা ৰাহুলে আজি খেলাটো প্ৰায় নিশ্চিত। ইফালে গ্ৰুপৰ এখন মেচ খেলি স্বদেশলৈ যোৱা যশপ্রীত বুমৰাহ পুনৰ উভতি আহিছে। আজিৰ মেচখনত ভাৰতৰ শক্তিশালী বেটিং লাইনআপৰ বিৰুদ্ধে পাকিস্তানৰ পেচ আক্ৰমণৰ সুন্দৰ যুঁজ দেখিবলৈ পোৱা যাব। লীগৰ মেচখনত পাকিস্তানৰ শক্তিশালী পেচ আক্ৰমণৰ বিৰুদ্ধে ব্যৰ্থ হৈছিল ভাৰতৰ টপ অর্ডাৰ। আজিৰ মেচখন অনুষ্ঠিত হ'ব বিয়লি ৩ বজাত।