ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ হজযাত্ৰা; নিজৰ ভূল ক্ৰুটিৰ বাবে সকলোৰে পৰা ক্ষমা বিচাৰিলে

Story by  atv | Posted by  Munni Begum • 1 Months ago
টেনিছ তাৰকা ছানিয়া মিৰ্জা তেওঁৰ পুত্ৰ ইজহানৰ সৈতে
টেনিছ তাৰকা ছানিয়া মিৰ্জা তেওঁৰ পুত্ৰ ইজহানৰ সৈতে
 
আৱাজ-দ্য ভইচ অসম ব্যুৰ'
 
ক্ৰিকেটাৰ স্বামী শ্বোৱেইব মালিকৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ কথা ঘোষণা কৰাৰ প্ৰায় ৫ মাহৰ পাছত ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই পবিত্ৰ হজযাত্ৰা কৰিছে। পেছাদাৰী টেনিছৰ পৰা অৱসৰ লোৱা ছানিয়া মিৰ্জাই শেহতীয়াকৈ ২০২৪ চনৰ সন্মানীয় ফ্ৰেন্স অ’পেনৰ পণ্ডিত হিচাপে কাম কৰি আছে। 
 
দেওবাৰে ছ’চিয়েল মিডিয়াত ভাৰতীয় ক্ৰীড়া তাৰকাগৰাকীয়ে প্ৰকাশ কৰিছে যে, তেওঁ এতিয়া এক 'পৰিৱৰ্তনশীল অভিজ্ঞতা'ৰ বাবে সাজু হৈছে। তেওঁ এগৰাকী ভাল মানুহ হিচাপে ঘূৰি অহাৰ আশা কৰিছে। তেওঁ এক পোষ্টত লিখিছে, "এই পৰিৱৰ্তনশীল অভিজ্ঞতাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত মই বিনম্ৰভাৱে আপোনালোক সকলোৰে পৰা সকলোধৰনৰ ভুল আৰু ক্ৰুটিৰ বাবে ক্ষমা বিচাৰিছো।" 
ছানিয়া মিৰ্ইজাই লগতে কয় যে, তেওঁ আশা কৰে যে আল্লাহে তেওঁৰ দোৱা গ্ৰহণ কৰিব আৰু এই  সুপথত তেওঁক পথ প্ৰদৰ্শন কৰিব। তেওঁ লগতে কয় যে, "মই গভীৰভাৱে সৌভাগ্যৱান আৰু নিজকে অসীম কৃতজ্ঞতাৰ অনুভৱ কৰিছো। অনুগ্ৰহ কৰি মোক আপোনালোক সকলোৰে চিন্তা আৰু দোৱাত মনত ৰাখিব। মই আশা কৰিছো যে মই বিনয়ী হৃদয় আৰু শক্তিশালী আল্লাহৰ বিশ্বাসেৰে এজন ভাল মানুহ হিচাপে ঘূৰি আহিম।"  
 
শেহতীয়াকৈ ছানিয়াক এটা বিখ্যাত কমেডী শ্ব’তো দেখা গৈছিল, য’ত তেওঁ কমেডিয়ান কপিল শৰ্মাৰ সৈতে তেওঁৰ কেৰিয়াৰৰ বিষয়ে বহু কথা পাতিছিল। এই কমেডী শ্ব’টোত ছানিয়া মিৰ্জাৰ লগতে খেলুৱৈ মেৰী কম আৰু ছাইনা নেহৱালেও অংশগ্ৰহণ কৰিছিল।