২১ ৰানত ৬টা উইকেট; মহম্মদ ছিৰাজৰ বিধ্বংসী বলিঙেৰে এছিয়া কাপত চেম্পিয়ন টীম ইণ্ডিয়া

Story by  atv | Posted by  [email protected] • 2 Months ago
মহম্মদ ছিৰাজৰ বিধ্বংসী বলিং
মহম্মদ ছিৰাজৰ বিধ্বংসী বলিং
 
শ্ৰীলংকা (শ্ৰীলংকা)

টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ মহম্মদ ছিৰাজৰ বিধ্বংসী বলিং আৰু অভিলেখ সৃষ্টিকাৰী প্ৰদৰ্শনেৰে টীম ইণ্ডিয়াই এছিয়া কাপত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। দেওবাৰে অনুষ্ঠিত ফাইনেলত ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোৱে ঘৰুৱা দল শ্ৰীলংকাক ১০ উইকেটত হৰুৱাই অষ্টম বাৰৰ বাবে এছিয়া কাপৰ ট্ৰফীত চুম্বন দিয়ে। 
 
ভাৰতৰ এই চমকপ্ৰদ জয়ৰ মূলতে আছিল বেগী বলাৰ মহম্মদ ছিৰাজ। তেঁও ইনিংছৰ আৰম্ভণিৰে পৰা চাঞ্চল্যকৰ বলিঙেৰে ৬টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়। এটা অভাৰত ৪টা উইকেট দখল কৰি ছিৰাজে আন এক বিৰল অভিলেখৰ অধিকাৰী হয়। এই কৃতিত্ব অৰ্জন কৰা ভাৰতৰ প্ৰথমগৰাকী বলাৰ হিচাপে হায়দৰাবাদৰ বলাৰগৰাকীয়ে নতুন অভিলেখ সৃষ্টি কৰে।  তেওঁৰ বলিং বিশ্লেষণ আছিলঃ ৭-১-২১-৬।
 
সতীৰ্থৰ সৈতে উল্লসিত মহম্মদ ছিৰাজ
 
শ্ৰীলংকাৰ চামিন্দা ভাছ (২০০৩ চনত বাংলাদেশৰ বিৰুদ্ধে), পাকিস্তানৰ মহম্মদ ছামি (২০০৩ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে) আৰু ইংলেণ্ডৰ আদিল ৰছিদ (২০১৯ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে)ৰ কৃতিত্বক স্পৰ্শ কৰি ছিৰাজে পুৰুষৰ এদিনীয়া ক্ৰিকেটত এটা অভাৰত ৪টা উইকেট দখল কৰে। এইদৰে তেওঁ ভাৰতৰ প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয়।
 
ছিৰাজে মাত্ৰ ১৬টা বলৰ ভিতৰত ৫ উইকেট দখল কৰি আন এক অভিলেখ স্থাপন কৰে। তেওঁ শ্ৰীলংকাৰ চামিন্দা ভাছ আৰু আমেৰিকাৰ আলী খানৰ সৈতে যৌথভাৱে সৰ্বাধিক দ্ৰুতগতিত ৫ উইকেট দখলৰ লক্ষ্যত উপনীত হয়। ২০০২ চনৰ পিছত এদিনীয়াত ভাৰতৰ হৈ প্ৰথম ১০ অভাৰত সৰ্বাধিক উইকেটৰ অভিলেখ দখলৰ অভিলেখো এতিয়া ছিৰাজৰ দখলত আছে।
 
ছিৰাজৰ গৌৰৱান্বিত পিতৃ-মাতৃ
 
ইফালে, ২৯ সংখ্যক এদিনীয়াত খেলি ছিৰাজে ১০০২টা বলত ৫০টা উইকেট লাভ কৰি এদিনীয়াৰ ইতিহাসত দ্বিতীয় দ্ৰুততম বলাৰ হিচাপে চিহ্নিত হয়। শ্ৰীলংকাৰ অজন্তা মেণ্ডিছে ৮৪৭টা বলত ৫০ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। আনহাতে, এছিয়া কাপৰ ফাইনেলত সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰো অভিলেখ ৰচে হায়দৰাবাদৰ অতি সাধাৰণ পৰিয়ালৰ সন্তান মহম্মদ ছিৰাজে। ইয়াৰ পূৰ্বে ১৯৯৯ চনৰ এছিয়া কাপৰ ফাইনেলত পাকিস্তানৰ আকিব জাভেদে ১৯ ৰানৰ বিনিময়ত ৫টা উইকেট লাভ কৰিছিল।  
 
উল্লেখ্য যে, ছিৰাজৰ দুৰ্দান্ত গতি আৰু ছুইঙৰ সন্মুখত দিশহাৰা হৈ শ্ৰীলংকাই মাত্ৰ ৫০ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। প্ৰত্যুত্তৰত ভাৰতে ৬.১ অভাৰতে কোনো উইকেট নেহেৰুৱাকৈ জয়ৰ লক্ষ্যত উপনীত হয়। শুভমন গীলে ২৭ আৰু ঈশান কিষণে ২৩ ৰানত অপৰাজিত হৈ ৰয়।