টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ অন্তত এমাহৰ বিশ্ৰাম ভাৰতীয় ক্ৰিকেটাৰক

Story by  atv | Posted by  [email protected] • 1 Years ago
টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ অন্তত এমাহৰ বিশ্ৰাম ভাৰতীয় ক্ৰিকেটাৰক
টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ অন্তত এমাহৰ বিশ্ৰাম ভাৰতীয় ক্ৰিকেটাৰক
 
নতুন দিল্লী
 
বি চি চি আইক অতিমাত্ৰা ক্ৰিকেট মেচৰ বাবে  সমালোচনা কৰা কোনো নতুন কথা নহয়। ক্ৰিকেটাৰসকলেও প্ৰায়েই প্রশ্ন উত্থাপন কৰে। আই পি এলৰ পিচতো ভাৰতীয় দলৰ সূচী পাতল হোৱা নাই। সম্প্রতি ভাৰতীয় দল ইংলেণ্ডত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ ব্যস্ত। এই মেচ সমাপ্ত হ'লেই খেলুৱৈসকলে সম্পূর্ণ এমাহৰ বিশ্রাম লাভ কৰিব। 
 
 
টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পিচত জুলাইৰ মাজভাগপৰ্যন্ত কোনো মেচ নাই। খেলুৱৈসকলৰ বিশ্ৰামৰ কথা চিন্তা কৰি আফগানিস্তানৰ বিৰুদ্ধে প্রভাৱিত তিনিখনীয়া এদিনীয়া শৃংখলা বাতিল কৰিছে ব'ৰ্ডে। ১২ জুলাইত ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ যাব ভাৰতীয় দল। কেৰিবিয়ানৰ বিৰুদ্ধে দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ মেচ খেলিব ভাৰতে। আগষ্টৰ শেষ দিশে ওভতাৰ পিচত ছেপ্টেম্বৰত হ'ব এছিয়া কাপ। 
 
এই প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে খেলিব লাগিব ছখন মেচ। এছিয়া কাপৰ পিচতে ৫ অক্টোবৰৰ পৰা এদিনীয়া বিশ্বকাপ। ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে খেলিব লাগিব ১১ খন মেচ। ১৮ নৱেম্বৰত বিশ্বকাপ ফাইনেলৰ অন্তত ডিচেম্বৰত দক্ষিণ আফ্রিকা ভ্ৰমণলৈ যাব ভাৰতীয় দল। ২০২৪ৰ জানুৱাৰীপর্যন্ত হ'বলগা এই শৃংখলাত আছে দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচ। 
 
অহা ৱেষ্ট ইণ্ডিজ শৃংখলাৰ পৰা দক্ষিণ আফ্রিকা ভ্ৰমণলৈ তিনিধৰণৰ সংস্কৰণ মিলি ভাৰতীয় দলে মুঠ ৩৫ খন মেচ খেলিব।