এছিয়ান লন বৌলছ চেম্পিয়নশ্বিপত ভাৰতৰ ঐতিহাসিক সাফল্য

Story by  atv | Posted by  [email protected] • 2 Years ago
অসমৰ পদক বিজয়ী খেলুৱৈসকল
অসমৰ পদক বিজয়ী খেলুৱৈসকল

গুৱাহাটী

মালয়েছিয়াৰ কুৱালালামপুৰত দেওবাৰে সমাপ্ত হোৱা চতুৰ্দশ এছিয়ান লন বৌলছ চেম্পিয়নশ্বিপৰ পৰা প্ৰথমবাৰৰ বাবে পদক লৈ দেশলৈ উভতি আহিছে ভাৰতীয় লন বল দলটোৱে। 
 
চমকপ্ৰদ প্ৰদৰ্শনেৰে ইতিহাস ৰচা ভাৰতীয় দলটোৱে এটা সোণ, তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰে। বাৰ্মিংহাম কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী মহিলা দল লাভলী চৌবে, পিংকি, নয়নমনি শইকীয়া আৰু ৰূপা ৰাণী তিৰ্কিয়ে বৃহস্পতিবাৰে ফাইনেলত ঘৰুৱা দল মালয়েছিয়াক পৰাস্ত কৰি  স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।
 
এছিয়ান চেম্পিয়নশ্বিপত চাৰিওগৰাকীয়ে এটাকৈ ৰূপৰ পদকো লাভ কৰিছে। মহিলাৰ যুটিত লাভলী চৌবে আৰু নয়নমনিয়ে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে পিংকি আৰু ৰূপাই মহিলাৰ ট্ৰিপলছত অসমৰ কন্যা তনিয়া চৌধুৰীৰ সৈতে যুটি বান্ধি ৰূপৰ পদক লাভ কৰে।
 
(বাওঁফালৰ পৰা) পুতুল সোণোৱাল, তানিয়া চৌধুৰী, নয়নমনি শইকিয়া
 
পুৰুষৰ ছিংগলছ শাখাত অসমৰ পুতুল সোণোৱালে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে অসমৰ মৃদুল বৰগোহাঁয়ে পুৰুষৰ চতুর্থখন ছেমিফাইনেলত ঘৰুৱা দল মালয়েছিয়াৰ হাতত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকে। ভাৰতীয় দলটোৰ আন সদস্যসকল আছিল দীনেশ কুমাৰ, চন্দন কুমাৰ সিং আৰু সুনীল বাহদুৰ।
 
উল্লেখ্য যে, যোৱা ১৬ জানুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অসম লন বৌলিং এছ’চিয়েশ্যন আৰু বৌলিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ তত্ত্বাৱধানত ভাৰতীয় দলটোৱে ২৫ দিনীয়া প্ৰস্তুতি শিবিৰত অংশ লৈছিল। অসমৰ চাৰিগৰাকী খেলুৱৈ সন্নিৱিষ্ট ভাৰতীয় লন বৌলছ দলটোত আন এগৰাকী অসম সন্তান আছে। তেওঁ হৈছে মহিলা দলৰ মেনেজাৰ বংগিতা হাজৰিকা।