আঘাতৰ বাবে খেলিব পৰা নাই ৰিয়ান পৰাগে; চিন্তিত অসমৰ ক্ৰিকেটপ্ৰেমী

Story by  atv | Posted by  [email protected] • 7 Months ago
অসমৰ উদীয়মান তাৰকা ৰিয়ান পৰাগ
অসমৰ উদীয়মান তাৰকা ৰিয়ান পৰাগ
 
গুৱাহাটী

ঘৰুৱা ক্ৰিকেটত চমকপ্ৰদ অলৰাউণ্ড প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয় নিৰ্বাচক মণ্ডলীৰ দৃষ্টি আকৰ্ষণ কৰা অসমৰ উদীয়মান তাৰকা ৰিয়ান পৰাগৰ আঘাতে অসমৰ ক্ৰিকেট অনুৰাগীক চিন্তাত পেলাইছে।
 
চলিত বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাত প্ৰদৰ্শনৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব পাৰিলে, প্ৰতিভাৱান ক্ৰিকেটাৰজনে ভাৰতীয় ছিনিয়ৰ দললৈ আমন্ত্ৰণ লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত আছিল যদিও আঘাতৰে তেওঁৰ সন্মুখত এতিয়া বাধা হৈ থিয় দিছে। 
 
সোঁহাতত সন্মুখীন হোৱা আঘাতৰ বাবে ৰিয়ানে ইতিমধ্যে বিজয় হাজাৰে ট্ৰফীৰ দুখনকৈ মেচত অংশ ল'ব পৰা নাই। চিকিৎসকে তেওঁক অতি কমেও দুসপ্তাহৰ বিশ্ৰাম দিয়া বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত অসম দলৰ অধিনায়কজনে ঘৰুৱা প্ৰতিযোগিতাখনত খেলাটো অনিশ্চিত হৈ পৰিছে। 
 
এইফালে, সন্মুখত আছে ৰঞ্জি ট্ৰফী আৰু আইপিএল। গতিকে, সুন্দৰ ফৰ্মত থকা ৰিয়ান সোনকালে সুস্থ হৈ উঠাতো কামনা কৰিছে অসমৰ প্ৰতিজন ক্ৰিকেট অনুৰাগীয়ে। 
 
উল্লেখ্য যে, বিজয় হাজাৰে ট্ৰফীৰ প্ৰথমখন মেচত তেওঁ গুজৰাটৰ বিৰুদ্ধে অসম দলক নেতৃত্ব দিছিল যদিও বলিঙৰ সময়ত তেওঁ আঘাতৰ সন্মুখীন হয় আৰু মেচখনৰ মাজতে তেওঁ খেলপথাৰ ত্যাগ কৰিবলগীয়া হয়। 
 
ইফালে, ৰিয়ানৰ অনুপস্থিতিত অসম দলৰ নেতৃত্বৰ দায়িত্ব লাভ কৰিছে অভিজ্ঞ বাওঁহতীয়া বেটছমেন শিৱশংকৰ ৰয়। তেওঁৰ নেতৃত্বত অসমে অন্ধ্ৰ প্ৰদেশক সহজে পৰাস্ত কৰিবলৈ সক্ষম হয় যদিও বুধবাৰে শক্তিশালী হিমাচল প্ৰদেশ হাতত অসম দলটো ৮ উইকেটত বিধ্বস্ত হয়। অহা ১ ডিচেম্বৰত অসমে প্ৰতিযোগিতাৰ চতুৰ্থখন মেচত উত্তৰ-প্ৰদেশৰ মুখামুখি হ'ব।
 
মন কৰিবলগীয়া যে, ৰিয়ান পৰাগৰ পৰাক্ৰমী বেটিং আৰু সময় উপযোগী স্পিন বলিঙৰ সহায়তে অসমে চলিত ঘৰুৱা ছিজনত ছৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেটৰ ছেমি ফাইনেলত উপনীত হৈছিল। প্ৰতিযোগিতাখনত একেৰাহে ৭টা অৰ্ধশতক অৰ্জন কৰি ৰিয়ানে বিশ্ব অভিলেখ স্থাপন কৰাৰ লগতে ভাৰতীয় ছিনিয়ৰ দলত স্থান লাভৰ প্ৰৱল দাবীদাৰ হৈ উঠিছিল।