অহা বছৰৰ পৰা কোন চেনেলত উপভোগ কৰিব আই পি এল; জনালে বি চি চি আয়ে

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
নতুন দিল্লী
 
অহা বছৰৰ পৰা কোনটো চেনেলত সম্প্ৰচাৰ হ’ব ঐশ্বৰ্যশালী টি-২০ লীগ আইপিএল; ইয়াক লৈ চলি থকা জল্পনা-কল্পনাৰ অন্ত পৰিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে প্ৰকাশ কৰা অনুসৰি, আইপিএলৰ টেলিভিছন সম্প্ৰচাৰৰ স্বত্ব লাভ কৰিছে ডিজনী ষ্টাৰ কোম্পানীয়ে।
 
অৰ্থাৎ যোৱা কেইবছৰৰ দৰেই অহা পাঁচ বছৰো আই পি এলৰ খেলসমূহ ষ্টাৰ স্প’ৰ্টছৰ বিভিন্ন চেনেলত উপভোগ কৰিব পৰা যাব। 
উল্লেখ্য যে, বিচিচিআইয়ে ২০২৩ চনৰ পৰা ২০২৬ চনলৈ আই পি এলৰ টেলিভিছন আৰু ডিজিটেল সম্প্ৰচাৰ স্বত্ব  বিক্ৰী কৰিছে। ডিজনী ষ্টাৰে টেলিভিছন স্বত্ব আৰু ভিয়াকোম-১৮এ ডিজিটেল স্বত্ব লাভ কৰিবলৈ সক্ষম হৈছে।
পিটিআইৰ বাতৰি মতে, ডিজনী ষ্টাৰে ২৩,৫৮৫ কোটি টকাত টেলিভিছনৰ স্বত্ব ক্ৰয় কৰিছে। একেদৰে, ভিয়াকোমে-১৮এ ২০ হাজাৰ ৫০০ কোটি টকাত আই পি এলৰ ডিজিটেল ৰাইটছ ক্ৰয় কৰিছে । 

আই পি এলৰ সম্প্ৰচাৰ স্বত্ব  মুঠ ৪৪,০৮৫ কোটি টকাত বিক্ৰী হৈছে। অৰ্থাৎ টেলিভিছনত প্ৰতিখন মেচৰ মূল্য ৫৬.৫ কোটি আৰু ডিজিটেলত প্ৰতিখন মেচৰ মূল্য হ'ব ৪৮ কোটি টকা। ইয়াকে ধৰি আই পি এলৰ প্ৰতিখন মেচৰ সম্প্ৰচাৰ মূল্য হ'ব ১০৫ কোটি টকা। 

ক্ৰীড়াৰ ক্ষেত্ৰত এই সংখ্যা বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক। শীৰ্ষত আছে আমেৰিকান ৰাগবী লীগ এন এফ এল। তেওঁলোকৰ ক্ষেত্ৰত এই সংখ্যা ২৬৪ কোটি টকা। 
মনকৰিবলগীয়া যে, জনপ্ৰিয় ফুটবল প্ৰতিযোগিতা ইংলিছ প্ৰিমিয়াৰ লীগকো আই পি এলে চেৰ পেলাবলৈ সক্ষম হৈছে। ই পি এলৰ প্ৰতিখন মেচৰ খৰচ প্ৰায় ৬৯ কোটি টকা। মেজৰ লীগ বেছবল বা এম এল বিৰ ক্ষেত্ৰত এই সংখ্যা ৬৯ কোটি টকা। এন বি এত অৰ্থাৎ আমেৰিকান বাস্কেটবল লীগত প্ৰতিখন মেচত দাম ১৬ কোটি টকা।
এই পৰ্যন্ত আই পি এলৰ সম্প্ৰচাৰৰ স্বত্ব তিনিবাৰকৈ বিক্ৰী হৈছে। প্ৰথমতে ২০০৬ চনৰ পৰা ২০১৭ চনলৈ আই পি এলৰ সম্প্ৰচাৰৰ স্বত্ব ছ’নীয়ে ৮২০০ কোটি টকাত ক্ৰয় কৰিছিল। ২০১৬ চনৰ পৰা ২০২২ চনলৈ ডিজনী ষ্টাৰে ১৬,৩৪৬ কোটি টকাত দৰ্শকক টেলিভিচনত আই পি এল উপভোগ কৰোৱাৰ অধিকাৰ ক্ৰয় কৰিছিল। 


শেহতীয়া খবৰ