মহিলা আইপিএল: উগ্ৰপন্থীৰ ভাবুকি ওফৰাই দিল্লী কেপিটেলচৰ জাৰ্চি পিন্ধা লৈ জাছিয়া আখতাৰ অনুপ্ৰেৰণামূলক জীৱন গাঁথা

Story by  atv | Posted by  Munni Begum • 1 Years ago
জাছিয়া আখতাৰ
জাছিয়া আখতাৰ
 
জয়পুৰ
 
আজিৰ পৰা প্ৰায় ১৭ বছৰ আগতে জম্মু-কাশ্মীৰৰ  শ্ব’পিয়ান জিলাৰ ব্ৰাৰি পোৰা গাঁৱৰ জাছিয়া আখতাৰৰ ঘৰত উগ্ৰপন্থীয়ে প্ৰৱেশ কৰিছিল আৰু জাছিয়ালৈ বন্দুকৰ নলী নিক্ষেপ কৰি তেওঁৰ পিতৃক কোৱা হৈছিল ‘য়্যে নেহি খেলেগী ইণ্ডিয়া কে লিয়ে’ (এই ভাৰতৰ হৈ খেলিব নোৱাৰে)। 
 
গাৰ নোম শিয়ঁৰি উঠা এই অভিজ্ঞতাক আজি ৩৪ বছৰীয়া বেটছমেন জাছিয়াই এক আশীৰ্বাদ বুলি গণ্য কৰে। জাছিয়াই কয় যে, তেওঁ নিজকে সৌভাগ্যৱান বুলি ভাবে। কিয়নো তেওঁৰ সেই  অতি শিহৰণকাৰী ঘটনাৰ পৰা কোনো ক্ষতি নোহোৱাকৈয়ে প্ৰাণ ৰক্ষা পৰিছিল আৰু তাতোকৈও সৌভাগ্যৰ কথা যে, এই ঘটনাটোৱে তেওঁক খেলৰ পৰা বহু দিনলৈ আতঁৰাই ৰাখিব নোৱাৰিলে।  
 
জাছিয়া আখতাৰে খেলপথাৰত ক্ৰিকেট খেলি থকাৰ এক মূহুৰ্ত
 
জাছিয়াই কয়, "মই শ্বট পুট, কাবাডী আৰু ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত আছিলো। কিন্তু ২০০৬ চনত যেতিয়া সন্ত্ৰাসবাদীৰ দলে আমাৰ ঘৰত প্ৰৱেশ কৰিছিল, তেতিয়া এই ঘটনাই সমগ্ৰ পৰিয়ালটোক জোকাৰি গৈছিল। ইশ্বৰৰ আশীৰ্বাদত কোনো ৰক্তপাত সংঘটিত হোৱা নাছিল। কিন্তু মই পাঁচ বছৰ ধৰি খেলা বন্ধ কৰি দিছিলোঁ, অৱশেষত ২০১১ চনত ক্ৰিকেটাৰ হিচাপে মোৰ যাত্ৰা আৰম্ভ কৰিছিলো। মই যিসময় অতীতত এৰি আহিছো, সেই সকলোবোৰ মনত পৰিলে আজিও মই আৱেগিক হৈ পৰো। আজি মই সেই মহিলাসকলৰ ভিতৰত এগৰাকী যিয়ে মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল)ৰ সংস্কৰণ খলিব।"
 
দিল্লী কেপিটেলছে জাছিয়াক ₹ ২০ লাখৰ বিনিময়ত চুক্তি স্বাক্ষৰ কৰিছে। চলিত অ'মনছ প্ৰিমীয়াৰ লীগত অংশগ্ৰহণ কৰা জাছিয়া হল কাশ্মীৰ উপত্যকাৰ একমাত্ৰ ক্ৰিকেটাৰ।
 
জাচিয়া পাঁচগৰাকী ভাই-ভনীৰ ভিতৰত জ্যেষ্ঠ।  তেওঁৰ দেউতাক গুল মহম্মদ ৱানীৰ এডৰা খেতিৰ ভূমি আছে। যাৰদ্বাৰা তেওঁক সামান্য উপাৰ্জন কৰিব পাৰে।
 
সোঁহাতৰ বেটছমেন গৰাকীয়ে কয় যে ঘৰুৱা খেলৰ জীৱন আৰম্ভ কৰাৰ পূৰ্বে তেওঁ বাথৰুমত পিন্ধি যোৱা চেণ্ডল পৰিধান কৰি খেলিছিল। ২০১৯ চনৰ পিছত পৰিস্থিতিবোৰ আশ্বৰ্যকৰভাৱে সলনি হৈছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
জাছিয়াই কয়, "প্ৰাৰম্ভিক সময়ত, অনুশীলন আৰু খেলৰ সময়ত আমাৰ অঞ্চলত স্থানীয়ভাৱে খেল অনুষ্ঠিত হৈছিল। মই বাথৰুমৰ বাবে ব্যৱহাৰ হোৱা চেণ্ডেল পিন্ধি খেলবোৰ খেলিছিলো। তাৰ পিছত মোৰ দেউতাই মোক  কেইবাবাৰো জোতা কিনি দিছিল যাৰ মূল্য আছিল  ৪০০ৰ পৰা ৫০০ টকা। যি এবাৰ ব্যৱহাৰ কৰাৰ পিছত বেয়া হৈ গৈছিল। মই ভাল জোতা ক্ৰয় কৰিব পৰা নাছিলো বা খেলি থাকোতে পিন্ধিবলগীয়া জোতাৰ বিষয়ে মোৰ উপযুক্ত জ্ঞান নাছিল। ঘৰুৱা ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰাৰ পিছত পৰিস্থিতি সলনি হৈ গৈছিল। কিন্তু উন্নতি ২০১৯ চনতহে  আহিছিল, যেতিয়া মই মহিলাৰ টি-২০ চেলেঞ্জ খেলিছিলো আৰু পঞ্জাৱ একে বছৰতে ২০১৮-১৯ ঘৰুৱা ছিজনত টি-২০ চেম্পিয়ন হৈছিল। সেই সময়ৰ পৰা টকা আহিবলৈ আৰম্ভ হৈছিল। তাৰ পূৰ্বে  মই এযোৰ জোতা ক্ৰয় কৰিব পৰা নাছিলো আৰু এতিয়া, মই ডব্লিউ পি এল চুক্তি পোৱাৰ পিছত, পুমা মোৰ আজীৱন পৃষ্ঠপোষক হৈ পৰিছে।"  
 
শক্তিশালীভাৱে গঢ় লৈ উঠা জাছিয়াই এবছৰৰ বাবে জে এণ্ড কে-ক প্ৰতিনিধিত্ব কৰি ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত ২০১৩- ২০২০ চনৰ ভিতৰত পঞ্জাৱলৈ স্থানান্তৰিত হয় আৰু যোৱা দুবছৰ ধৰি ৰাজস্থানৰ হৈ পেছাদাৰী হিচাপে খেলি আহিছে। জাছিয়াই কয়, "জে এণ্ড কে-ত আন্তঃগাঁথনিৰ অভাৱ আছিল আৰু সেই ঠাইৰ বতৰটোও এটা সমস্যা আছিল।কিয়নো আমি খেলিবলৈ মাত্ৰ তিনিমাহহে সময় পাইছিলো কাৰন বাকী সময়ত অতিপাত ঠাণ্ডা আৰু বৰফ আৱৰি থাকে। তাৰ পিছত দুমাহমান আকৌ বৰষুণ হয়।" 
 
কাশ্মীৰৰ এজাক যুৱতীয়ে ক্ৰিকেট খেলি থকাৰ এক দৃশ্য
 
যোৱা কেইবছৰমানৰ পৰা ঘৰুৱা ক্ৰিকেটত জাছিয়াই ভাল প্ৰদৰ্শন কৰি আহিছে, যদিও এই ছিজনত তেওঁ আটাইকেইখন টুৰ্ণামেণ্টতে নিজৰ স্থান দখল কৰিছে। ছিনিয়ৰ মহিলাৰ এদিনীয়া ট্ৰফীত ৯খন খেলৰ পৰা ৫০১ ৰান সংগ্ৰহ কৰি সৰ্বাধিক স্ক’ৰ কৰিছে জাছিয়াই। ছিনিয়ৰ মহিলা টি-২০ ট্ৰফীত জে এণ্ড কে-ৰ ক্ৰিকেটাৰগৰাকীয়ে ৭খন মেচৰ পৰা ২৭৩ ৰান সংগ্ৰহ কৰি দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। য’ত অপৰাজিত ১২৫ ৰানও অন্তৰ্ভুক্ত ছয়খন খেলত ৰান কৰে আৰু ছিনিয়ৰ মহিলা টি-২০ চেলেঞ্জাৰ ট্ৰফীত চাৰিখন খেলত ১১৪ ৰান সংগ্ৰহ কৰি চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়।
 
সোঁহাতৰ বেটছমেনগৰাকীয়ে বিশ্বাস কৰে যে সফলতা অৰ্জন কৰাৰ বাবে কঠোৰ পৰিশ্ৰমৰ বাদে অন্য  একো বিকল্প নাই। জাছিয়াই কয়,  "মই অনুভৱ কৰোঁ যে আপুনি যদি কঠোৰ পৰিশ্ৰম কৰিব পাৰে, তেন্তে আপোনাৰ সফলতা নিশ্চিত।"